PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 19 JUN 2020 6:31PM by PIB Guwahati

  

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যসমূহঃ ভাৰতত ২ লাখতকৈও অধিক লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে; আৰোগ্যৰ হাৰ হ’ল ৫৩.৭৯%

বিগত ২৪ ঘণ্টাত ১০,৩৮৬ জন লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত মুঠ ২,০৪,৭১০ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৫৩.৭৯%৷ শেহতীয়াকৈ ১,৬৩,২৪৮ জন লোক চিকিৎসকৰ তত্বাৱধানত আছে৷

চতচhttps://static.pib.gov.in/WriteReadData/userfiles/image/image001TJU2.jpg

চৰকাৰী লেবৰ সংখ্যা হ’ল ৭০৩টা আৰু ব্যক্তিগত লেবৰ সংখ্যা হ’ল ২৫৭টা৷

অধিক বিৱৰণৰ বাবে

কৰ্ণাটকৰ তথ্য প্ৰযুক্তিসমৃদ্ধ ব্যাপক অনুসৰণ আৰু ঘৰে ঘৰে চলোৱা সৰ্বেক্ষণ কৌশলক কেন্দ্ৰৰ প্ৰশংসা

কেন্দ্ৰ চৰকাৰে কৰ্ণাটকে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহক প্ৰশংসা কৰি আন আন ৰাজ্যসমূহকো অনুৰূপভাৱে প্ৰণয়ন কৰিবলৈ আহ্বান জনাইছে৷  কৰ্ণাটকৰ কায়িক/ফোনৰ জৰিয়তে চলোৱা সৰ্বেক্ষণৰ সংখ্যাই ১.৫ কোটিৰ সীমা স্পৰ্শ কৰিছে৷

অধিক বিৱৰণৰ বাবে

স্বাস্থ্য সৰ্বেক্ষণৰ পৰা আৰম্ভ কৰি পৰীক্ষণ আৰু ব্যক্তিগত চিকিৎসালয়ৰ ব্যয়ৰ মূলধনীকৰণলৈ দিল্লীত ক’ভিড-১৯ৰ ব্যৱস্থাপনা কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনা অনুসৰি পালন কৰা হৈছে

দিল্লীবাসীক সকাহ প্ৰদান কৰাৰ মোদী চৰকাৰে ঘোষণা কৰা কেতবোৰ সাহায্যমূলক পদক্ষেপৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ব্যক্তিগতভাৱে দিল্লীৰ পৰিস্থিতিৰ বুজ লৈছে৷ এই পৰ্যন্ত ১৯৩ টা পৰীক্ষণ কেন্দ্ৰত ৭০৪০ জন লোকৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

এনচিআৰৰ জ্যেষ্ঠ বিষয়াৰ সৈতে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ খতিয়ান ল’লে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লী-এনচিআৰ অঞ্চলত ক’ভিড-১৯ মহামাৰীক প্ৰতিৰোধ কৰাৰ বাবে বিশেষ ৰণনীতিৰ আৱশ্যক বুলি মন্তব্য কৰে৷ কালি এখন পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে কয় যে এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ অধিক সংখ্যাত ৰোগৰ পৰীক্ষণৰ আৱশ্যক৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ ভাইৰাছৰ সাম্ভাৱ্য সংক্ৰমণৰ ক্ষেত্ৰত এচি দবাসমূহ উপযুক্ত নহয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখি ভাৰতীয় ৰে’লৱেয়ে ৫২৩১টা নন এচি দবা আইচ’লেচন দবালৈ পৰিৱৰ্তিত কৰিছে৷ যোজনাৰ অধীনত এয়াও সিদ্ধান্ত লোৱা হৈছে যে এই দবাসমূহত প্ৰাকৃতিক ৰূপত বতাহ আৰু পোহৰৰ পৰ্যাপ্ত সুবিধা হওক আৰু যদি বাতানুকূল সুবিধা উপলব্ধ কৰোৱা হয় তেন্তে তাত যাতে ডাক্ট নাথাকে৷

ৰে’লৰ এই দবাসমূহক ক’ভিড ৰোগীৰ অনুৰূপে পৰিৱৰ্তিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে নিটি আয়োগ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৈতে এই দবাসমূহক বাতানুকূলীন ৰখা-নৰখা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়৷ এই ক’ভিড কেয়াৰ দবাসমূহত এনে ধৰণৰ ৰোগীক শুশ্ৰূষা কৰা হ’ব যাৰ সামান্য পৰিমাণে সংক্ৰমণ হৈছে৷ আইচ’লেচন দবাযুক্ত এনে প্ৰত্যেক ৰে’লগাড়ীক আৱশ্যক ধৰণে এক বা একাধিক ক’ভিড সমৰ্পিত স্বাস্থ্য কেন্দ্ৰ তথা অতি কমেও এখন ক’ভিড সমৰ্পিত চিকিৎসালয়ৰ সৈতে সংযুক্ত কৰোৱা হ’ব৷

অধিক বিৱৰণৰ বাবে

পদপথৰ ব্যৱসায়ীৰ বাবে বিশেষ ক্ষুদ্ৰ ঋণ সুবিধা আঁচনি শুভাৰম্ভ-আত্মনিৰ্ভৰ ভাৰতৰ দিশে এক প্ৰয়াস

পদপথৰ ব্যৱসায়ীৰ বাবে বিশেষ ক্ষুদ্ৰ ঋণ সুবিধা আঁচনি-পিএম ষ্ট্ৰীট ভেণ্ডৰছ আত্মনিৰ্ভৰ নিধি(পিএম এছভিএনিধি)ৰ ৰূপায়ণ এজেন্সি হিচাপে ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক(এছআইডিবিআই)ক নিয়োজিত কৰাৰ বাবে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় আৰু এছআইডিবিআইৰ মাজত আজি এক বুজাবুজি চুক্তি স্বাক্ষৰ হয়৷ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) হৰদীপ সিং পুৰীৰ উপস্থিতিত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব সঞ্জয় কুমাৰ আৰু এছআইডিবিআইৰ উপ-পৰিচালন প্ৰৱন্ধক ভি. সত্য ভেংকটা ৰাৱে এই চুক্তি স্বাক্ষৰ কৰে৷

বুজাবুজি চুক্তি অনুসৰি এছআইডিবিআয়ে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ তত্বাৱধানত এই পিএম এছভিএনিধি আঁচনি ৰূপায়ণ কৰিব৷ এই ক্ষেত্ৰত ধাৰক প্ৰতিষ্ঠানটোৰ ঋণ নিশ্চিতি ক্ষুদ্ৰ আৰু লঘূ উদ্যোগ প্ৰতিষ্ঠানৰ বাবে ঋণ নিশ্চিতি পূঁজি ন্যাস(চিজিটিএমএছই)ৰ জৰিয়তে ব্যৱস্থা কৰা হব৷ এই ব্যৱস্থাই অনুকূল আৰু সংহত তথ্য প্ৰযুক্তি মঞ্চৰ বাবে এক পটেল আৰু মবাইল এপৰ উন্নয়ন সাধন কৰি সামগ্ৰিক কাম-কাজ সম্পন্ন কৰিব, যাৰদ্বাৰা নগৰীয়া স্থানীয় নিকায়, ধাৰক প্ৰতিষ্ঠান, ডিজিটেল লেনদেন গোট আৰু অন্যান্য অংশীদাৰৰ মাজত বৈঠকৰ লগতে তথ্য প্ৰবাহ সুনিশ্চিত হ’ব৷

অধিক বিৱৰণৰ বাবে

বাৰাণসীৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ খতিয়ান ল’লে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে কাশী বিশ্বনাথ মন্দিৰ প্ৰাংগনত চলি থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ খতিয়ান লয়৷ তদুপৰি প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ ইতিবাচক প্ৰভাৱসমূহৰ বিষয়েও প্ৰতিক্ৰিয়া গ্ৰহণ কৰা হয়৷

অধিক বিৱৰণৰ বাবে

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিওৱাই) উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা অভিমত সম্প্ৰচাৰিত হ’ব

‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰকাশ কৰিবলগীয়া এক বাৰ্তাত যোগ দিৱসৰ তাত্পৰ্যসমূহৰ বিষয়ে আলোকপাত কৰিব। চলিত বৰ্ষৰ যোগ দিৱসৰ কাৰ্যসূচীসমূহ বৈদ্যুতীন আৰু ডিজিটেল মাধ্যমেৰে ব্যাপক পৰিসৰত সম্প্ৰচাৰিত কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ে বিশেষ তত্পৰতা গ্ৰহণ কৰিছে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিবলগীয়া মন্তব্য ডিডি নেশ্যনেল, ডিডি নিউজ, ডিডি ভাৰতী, ডিডি ইণ্ডিয়া, ডিডি উৰ্দু, ডিডি স্পৰ্টছ, ডিডি কিষাণকে ধৰি আৰএলএছএছ-ৰ সকলো চেনেলৰ লগতে সকলোবোৰ আঞ্চলিক কেন্দ্ৰৰ যোগে সম্প্ৰচাৰিত কৰা হব। বিগত বছৰসমূহৰ দৰেই এইবেলিও প্ৰধানমন্ত্ৰীৰ ভাষণৰ পিচতে ‘মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান(এমডিএনআইওৱাই)ৰ এটি দলৰ নেতৃত্বত ৪৫মিনিট জোৰা এক সমূহীয়া যোগ বিধি (চিওৱাইপি)ৰ প্ৰদৰ্শনী অনুষ্ঠিত হব। বিভিন্ন বয়স, ভিন্ন মানসিকতা আৰু কৰ্মক্ষেত্ৰৰ ব্যক্তিসকলৰ উপযোগী হোৱাকৈ এই ‘চিওৱাইপি যুগুতাই উলিওৱা হৈছে। যিসকলে ইতিমধ্যে ‘চিওৱাইপি-ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে, তেওঁলোকে ইয়াৰ অনুশীলনৰ বাবে অধিক উৎসাহ লাভ কৰিব আৰু ইয়ে তেওঁলোকক দীৰ্ঘ কালৰ বাবে যোগৰ অনুশীলন অব্যাহত ৰখাৰ বাবে উদ্বুদ্ধ কৰি তুলিব বুলি আশা কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

১৪ খন ৰাজ্যত প্ৰণয়ন হ’বলৈ বাকী থকা এক দেশ এক ৰেচন কাৰ্ড আঁচনিৰ বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যসমূহৰ খাদ্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয় শ্ৰী ৰাম বিলাস পাছোৱানে

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাচোৱানে আজি ‘এক দেশ এক ৰেচন কাৰ্ড’ৰ আঁচনি প্ৰণয়নৰ বিষয়ে আলোচনা কৰিবলৈ ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যসমূহৰ খাদ্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয়৷

অধিক বিৱৰণৰ বাবে

 

আদিবাসীসকলৰ অৰ্থনীতিৰ উত্তৰণৰ বাবে ক্ষুদ্ৰ বনজ সম্পদৰ বাবে ন্যূনতম সমৰ্থন মূল্য ২০০০ কোটি টকাতকৈও অধিক টকা আৱণ্টিত কৰা হ’ব

১৭ খন ৰাজ্যত ৮৩৫ কোটি টকাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক পুঁজিৰ জৰিয়তে ক্ষুদ্ৰ বনজাত সম্পদ ক্ৰয় কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

আইআইটি গুৱাহাটীয়ে প্ৰস্তুত কৰি উলিয়ালে ক’ভিড-১৯ৰ ব্যয়সাধ্য চিকিৎসা সামগ্ৰী

গুৱাহাটীস্থিত আইআইটিয়ে আৰআৰ এনিমেল হেল্থকেয়াৰ লিমিটেড আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ সহযোগিতাত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ব্যয়সাধ্য ক’ভিড-১৯ৰ চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে৷

অধিক বিৱৰণৰ বাবে

 

ঘৰুৱা বজাৰত পৰ্যাপ্ত/অতিৰিক্ত ষ্ট’ক প্ৰদান কৰাৰ পিছত এইচচিকিউৰ ৰপ্তানিৰ পৰা  অৱৰোধ আঁতৰোৱা হৈছে

চৰকাৰে এণ্টি মেলেৰিয়াল ঔষধ হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ ৰপ্তানিৰ ক্ষেত্ৰত থকা অৱৰোধ আঁতৰাইছে৷ এইচচিকিউৰ মুঠ ৩০.৬৬ কোটি টেবলেট ঘৰুৱা বজাৰত উপলব্ধ আছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে স্বাস্থ্য সচিবক বাধ্যতামূলক স্ব-কোৱাৰেণ্টিন প্ৰণয়নৰ দ্বাৰা ৰাজ্যখনত অনাই-বনাই ঘূৰি ফুৰা লোকৰ সংখ্যা হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়ে৷
  • পাঞ্জাৱঃ পাঞ্জাৱৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই ক’ভিড-১৯ৰ পৰীক্ষণ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবেও ব্যয়সাধ্য কৰি তুলিব৷
  • কেৰালাঃ ৰাজ্যখনত ১৩৫৮ জন ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি থকাৰ লগতে মুঠ ১,২৭,২৩১ জন লোক সমগ্ৰ ৰাজ্যতে নিৰীক্ষণত অধীনত আছে৷
  • তামিলনাডুঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ৫২৩৩৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৩০৬৫ জন, মৃত্যুৰ সংখ্যা হ’ল ৬২৫ জন৷ মুকলি কৰি দিয়া হৈছে ২৮৬৪১ জনক৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৯৪৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮৪৩ জন, মৃত্যুৰ সংখ্যা হ’ল ১১৪ জন৷ মুকলি কৰি দিয়া হৈছে ৪৯৮৩ জনক৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখন মুঠ ৰোগীৰ সংখ্যা হ’ল ৬২৩০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ৩০৬৯ জন৷ আৰোগ্য লাভ কৰিছে ৩০৬৫ জনে৷ মৃত্যুৰ সংখ্যা ৯৬ জন৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬০২৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৫৩১ জন৷ ৩৩০১ জনে আৰোগ্য লাভ কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,২০,৫০৪ জন৷ বিগত ২৪ ঘণ্টাত ৩৭৫২ জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫,৬৬০ জন৷
  • মধ্য প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ১৮২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ১১,৪২৬ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ১৯৪৬ জন৷ আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ১২০২ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩,৬২৬ জন৷ এই পৰ্যন্ত ১০,৫৮২ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭০৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৯৬ জন৷

ফেক্ট চেক

 



(Release ID: 1632735) Visitor Counter : 218