স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

ডাঃ হৰ্ষৱৰ্ধনে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো ম’বাইল আই-লেব (ইনফেকচিয়াছ ডিজিছ ডায়েগ্নষ্টিক লেব)

আৰোগ্যৰ হাৰ ৫২.৯৬%লৈ বৃদ্ধি

Posted On: 18 JUN 2020 4:10PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে ভাৰতৰ প্ৰথমটো আই-লেব (ইনফেকচিয়াছ ডিজিছ ডায়েগ্নষ্টিক লেব) মুকলি কৰিছে৷ ইয়াক দুৰ্গম অঞ্চলত স্থাপন কৰা হ’ব আৰু প্ৰতিদিনে ২৫ ক’ভিড-১৯ আৰটি-পিচিআৰ পৰীক্ষণ সম্পন্ন কৰা হয়৷

বিগত ২৪ ঘণ্টাত ৭৩৯০ ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মুঠ ১,৯৪,৩২৪ জন ৰোগীয়ে এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৫২.৯৬%৷ শেহতীয়াকৈ ১,৬০,৩৮৪ জন ৰোগী চিকিৎসকৰ নিৰীক্ষণৰ অধীনত আছে৷

চৰকাৰী গৱেষণাগাৰ ৬৯৯লৈ আৰু ব্যক্তিগত গৱেষণাগাৰ ২৫৪ লৈ বৃদ্ধি পাইছে৷ 

বিগত ২৪ ঘণ্টাত ১,৬৫,৪১২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ মুঠ ৬২,৪৯,৬৬৮টা নমুনা পৰীক্ষণ কৰা হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SG/MANN



(Release ID: 1632465) Visitor Counter : 156