প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৮ জুন, ২০২০ত খনিৰ বাণিজ্যিকীকৰণৰ লক্ষ্যৰে ৪১টা কয়লা খনিৰ নিলামৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰী মোদীয়ে

Posted On: 17 JUN 2020 7:16PM by PIB Guwahati

১৷ কয়লা মন্ত্ৰালয়ে ফিকিৰ সৈতে সহযোগিতাত কয়লা খনিৰ আত্মনির্ভৰতাৰ লক্ষ্যৰে ৪১টা খনিৰ নিলাম প্ৰক্রিয়া আৰম্ভ কৰিব৷ চিএম(এছপি) আইন আৰু এমএমডিআৰ আইন অনুসৰি সমগ্ৰ নিলাম প্ৰক্রিয়া সম্পন্ন হ’ব৷ এই নিলাম প্ৰক্রিয়াৰ জৰিয়তে ভাৰতৰ কয়লা খণ্ডৰ বাণিজ্যিকীকৰণৰ প্ৰক্রিয়াৰো আৰম্ভ হ’ব৷ ইয়াৰ ফলত দেশত ইন্ধনৰ চাহিদা পূৰণ আৰু উদ্যোগৰ উন্নয়ন সম্ভৱ হ’ব৷ আত্মনির্ভৰ ভাৰত অভিযানৰ অধীনত কয়লা খনিসমূহৰ নিলাম প্ৰক্রিয়াৰ যি পৰিকল্পনা কৰা হৈছিল, কাইলৈৰ কাৰ্যসূচী তাৰে অংশবিশেষ৷ ১৮ জুন, বৃহস্পতিবাৰৰ পুৱা ১১বজাত অনলাইনযোগে এই প্ৰক্রিয়াৰ আৰম্ভ কৰা হ’ব৷ এনআইচি, বৈদ্যুতিন আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ৰ এনইজিডি আৰু ফিকিয়ে সমগ্ৰ বিষয়টো সমন্বয় ৰক্ষা কৰিব৷

 

নিলাম প্ৰক্রিয়াৰ শুভাৰম্ভ

২৷ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই নিলাম প্ৰক্রিয়াৰ শুভাৰম্ভ কৰি খনি উদ্যোগত আত্মনির্ভৰতা অর্জনৰ সন্দৰ্ভত তেওঁৰ পৰিকল্পনাৰ কথা অৱগত কৰিব৷ ইয়াৰ ফলত বিদ্যু, তীখা, এলুমিনিয়াম, স্পঞ্জ আইৰন ইত্যাদি উদ্যোগৰ সুবিধা হ’ব৷ এই উপলক্ষে কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী প্ৰহ্লাদ যোশী অনুষ্ঠানত উপস্থিত থাকিব৷

৩৷ এই যুগান্তকাৰী পদক্ষেপত বেচৰকাৰী সংস্থাসমূহে অংশগ্ৰহণ কৰিব৷ ইয়াৰ ফলত পাদন, প্ৰতিযোগিতা, উন্নত যন্ত্ৰপাতিৰ ব্যৱহাৰ, প্ৰযুক্তি, বিনিয়োগ আৰু কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব৷ খনি উদ্যোগৰ বাণিজ্যিকীকৰণৰ ফলত খনি, বিদ্যু আৰু স্বচ্ছ কয়লা উদ্যোগত বিনিয়োগৰ নতুন সম্ভাৱনা বৃদ্ধি পাব৷

৪৷ ফিকিৰ সভাপতি ড০ সংগীত ৰেড্ডি, বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱাল আৰু টাটা ছনছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে এই অনুষ্ঠানত ভাষণ আগবঢ়াব৷

৫৷ ৱেব টেলিকাষ্টযেগে এই অনুষ্ঠানত উদ্যোগপতি, ব্যৱসায়ী, বেংকিং জগতৰ বৃত্তিধাৰীলোকসকল, খনি উদ্যোগৰ সৈতে জড়িত উদ্যোগী, কূটনীতিবিদ, বিদেশী প্ৰতিনিধিকে ধৰি একাংশ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷

নিলাম প্ৰক্রিয়াৰ মূল বিষয়

৬৷ কয়লা খনিসমূহ আৱন্টনৰ এই প্ৰক্রিয়া বৈদ্যুতিন মাধ্যমেৰে দুটা পর্যায়ত হ’ব৷ সন্দৰ্ভত বিস্তৃত তথ্য চাবলৈ http://cma.mstcauction.com/auctionhome/coalblock/index.jspলিংকত ক্লিক কৰিব পাৰে৷ এমএছটিচি লিমিটেডে এই নিলাম প্ৰক্রিয়া পৰিচালনা কৰিব৷

 

৭৷দেশৰ লাভালাভ

  • ২০২৫-২৬ চনৰ ভিতৰত দেশৰ মুঠ কয়লা পাদনৰ ১৫ শতাংশ এই কয়লা খনিসমূহৰ পৰা উপাদিত হ’ব, যাৰ পৰিমাণ সর্বোচ্চ ২২৫ মেট্রিক টন লক্ষ্য ধাৰ্য কৰা হৈছে৷
  • ইয়াৰ ফলত ২.৮০ লাখ লোকৰ কর্মসংস্থাপন সৃষ্টি হ’ব৷ ইয়াৰে ভিতৰত ৭০,০০০ প্ৰত্যক্ষ আৰু ২,১০,০০০ পৰোক্ষ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব৷
  • এই নিলামৰ ফলত অহা ৫ৰ পৰা বছৰৰ ভিতৰত ৩১ হাজাৰ কোটি টকাৰ মূলধন বিনিয়োগ হ’ব৷
  • ৰাজ্য চৰকাৰসমূহে ইয়াৰ ফলত বছৰি ২০,০০০ কোটি টকা ৰাজহ লাভ কৰিব৷
  • ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সুযোগ সৃষ্টি হোৱা খনিৰ পৰা কয়লা উত্তোলনত আন্তঃৰাষ্ট্ৰীয়ক নিয়ম আৰু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব৷
  • অনাগত দিনত বিভিন্ন বিদ্যু কেন্দ্ৰসমূহে কম পৰিমাণে কয়লা আমদানি কৰিব৷ ইয়াৰ ফলত বিদেশী মুদ্রা ৰাহি হ’ব৷
  • কয়লাৰ সুস্থিৰ ভাণ্ডাৰৰ বাবে নিয়ন্ত্রিত আৰু অনিয়ন্ত্রিত ৰূপত ইয়াৰ পৰা কয়লা উত্তোলনৰ ফলত সংশ্লিষ্ট উদ্যোগৰ বিশ্বাস বৃদ্ধি হ’ব৷
  • ৰাষ্ট্ৰীয় কয়লা সূচকৰ কাৰ্যকৰী কৰাৰ বাবে মুক্ত বজাৰ আন্তঃগাঁথনিৰ দিশত দেশে আৰু এখোজ আগুৱাব৷
  • কয়লা খনিৰ ভিতৰত থকা গেছ আৰু তৰল ইন্ধনৰ ব্যৱহাৰত সাহ যোগাই কম প্ৰদূষিত পৰিৱেশ আৰু পৰিৱেশ অনুকূল ইন্ধন দক্ষভাৱে ব্যৱহাৰ কৰাৰ সুযোগ সৃষ্টি হ’ব৷

******

VRRK/VJ/DB



(Release ID: 1632298) Visitor Counter : 302