প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত হোৱা ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰাৰম্ভিক বক্তব্যৰ অসমীয়া অনুবাদ

Posted On: 17 JUN 2020 3:58PM by PIB Guwahati

আপোনালোক সকলোলৈ অশেষ অভিনন্দন থাকিল৷৷

আনলক ১ৰ পিছত এয়া আমাৰ প্ৰথমখন বৈঠক৷ দেশৰ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত আনলক ১ৰ অভিজ্ঞতাৰ ওপৰত কালি আমি বিস্তাৰপূৰ্বকভাৱে আলোচনা কৰিলো৷ এয়া সত্য যে ক’ৰোনা কেইখনমান ডাঙৰ ৰাজ্য আৰু ডাঙৰ চহৰলৈ অধিকভাৱে বিস্তাৰিত হৈছে৷ কিছুমান চহৰত অধিক ভিৰ, সৰু সৰু ঘৰ, চুবুৰিসমূহত শাৰীৰিক ব্যৱধান নোহোৱা, প্ৰতিদিনে সহস্ৰাধিক লোকৰ অহা-যোৱা, এই বিষয়সমূহে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷

তথাপিও প্ৰতিজন দেশবাসীৰ সংযম, অনেক স্থানত প্ৰশাসনৰ তৎপৰতা আৰু আমাৰ ক’ৰোনা যোদ্ধাৰ সমৰ্পণ মনোভাৱৰ বাবে আমি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাবলৈ দিয়া নাই৷ সময়মতে অনুসৰণ, চিকিৎসা আৰু প্ৰতিবেদন দাখিলৰ ফলত আমাৰ ইয়াত সংক্ৰমণতকৈ অধিক আৰোগ্যৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ এয়া আমাৰ স্বস্তিদায়ক কথা যে ভেণ্টিলেটৰ কেয়াৰৰ প্ৰয়োজনো আগতকৈ বহু পৰিমাণে কমিছে৷

সময়মতে গ্ৰহণ কৰা উপযুক্ত পদক্ষেপৰ ফলত আমি বৃহৎ বিপদৰ সৈতে মোকাবিলা কৰিব পাৰিছো৷ লকডাউনৰ সময়ছোৱাত দেশৰ জনসাধাৰণে যি অনুশাসন প্ৰদৰ্শিত কৰিছে তাৰ দ্বাৰা ভাইৰাছৰ ক্ৰমাগত বৃদ্ধি বহুলাংশে নিয়ন্ত্ৰিত হৈছে৷ চিকিৎসাৰ ব্যৱস্থা, স্বাস্থ্য আন্তঃগাঁথনিৰ ব্যৱস্থা অথবা প্ৰশিক্ষিত মানৱ সম্পদেই হওক, আজি আমি বহু পৰিমাণে সুস্থিৰ পৰিস্থিতিত উপনীত হৈছো৷

আপোনালোকে জানে যে তিনি মাহ পূৰ্বে পিপিইৰ বাবে, চিকিৎসা সঁজুলিৰ বাবে কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল৷ ভাৰততো সীমিত ষ্টকহে আছিল, কিয়নো পূৰ্বে ইয়াৰ বাবে আমি সম্পূৰ্ণ ধৰণে আমদানিৰ ওপৰত নিৰ্ভৰশীল আছিলো৷ আজি স্থিতি এনে হৈছে যে সমগ্ৰ দেশতে ১ কোটিতকৈও অধিক পিপিই আৰু এন৯৫ মাস্ক ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছে৷ আমাৰ ওচৰত চিকিৎসা সঁজুলিৰ পৰ্যাপ্ত ষ্টক আছে আৰু ইয়াৰ উৎপাদন ক্ষমতাও বৃদ্ধি কৰা হৈছে৷ এতিয়া পিএম-কেয়াৰ্ছ পুঁজিৰ অধীনত ভাৰততেই উৎপাদিত ভেণ্টিলেটৰৰ যোগানো আৰম্ভ হৈছে৷

আজি সমগ্ৰ দেশতে ক’ৰোনাৰ ৯০০ত কৈও অধিক পৰীক্ষণ গৱেষণাগাৰ আছে, লক্ষাধিক ক’ভিড বিশেষ বেড আছে, সহস্ৰাধিক কোৱাৰেণ্টিন আৰু আইচ’লেচন কেন্দ্ৰ আছে আৰু ৰোগীৰ সুবিধাৰ বাবে পৰ্যাপ্ত অক্সিজেনৰ যোগানো উপলব্ধ আছে৷ লকডাউনৰ সময়ছোৱাত লক্ষাধিক সংখ্যাত মানৱ সম্পদক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ তাতোকৈ ডাভৰ কথা, আজি দেশৰ প্ৰতিজন নাগৰিকে এই ভাইৰাছৰ প্ৰতি পূৰ্বতকৈও অধিক সচেতন হৈছে, সজাগ গৈছে৷ এই সকলোবোৰ ৰাজ্য চৰকাৰৰ সহযোগিতা, স্থানীয় প্ৰশাসনে আগবঢ়োৱা দিবা-ৰাত্ৰি সেৱাৰ বাবে সম্ভৱ হৈছে৷

বন্ধুসকল,

ক’ৰোনাৰ বিৰুদ্ধে যুঁজত বিজয়ৰ বিশ্বাস প্ৰদৰ্শিত কৰা এই কথাসমূহৰ মাজতে আমি স্বাস্থ্য আন্তঃগাঁথনি, তথ্য ব্যৱস্থাপনা, আবেগিক সমৰ্থন আৰু জন অংশীদাৰৰ ওপৰতো নিৰন্তৰে গুৰুত্ব প্ৰদান কৰিব লাগিব৷

বন্ধুসকল,

ক’ৰোনাত বৃদ্ধি হোৱা ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাথি স্বাস্থ্য আন্তঃগাঁথনি বিস্তাৰিত কৰা, প্ৰতিটো জীৱন ৰক্ষা কৰা আমাৰ সৰ্বোচ্চ প্ৰাথমিকতা হ’ব লাগে৷ এয়া তেতিয়াহে হ’ব যেতিয়া ক’ৰোনাৰ প্ৰতিজন ৰোগীতে উচিত চিকিৎসা লাভ কৰিব৷ ইয়াৰ বাবে আমি পৰীক্ষণৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব যাতে সংক্ৰমিত ব্যক্তিক অতি শীঘ্ৰকাৰে অনুসৰণ কৰি আইচ’লেট কৰিব পাৰো৷ আমি এই কথাৰ ওপৰতো গুৰুত্ব দিব লাগিব যে আমাৰ এতিয়াৰ যি বিদ্যমান পৰীক্ষণ সামৰ্থ আছে, তাৰে সম্পূৰ্ণ ব্যৱহাৰৰ লগতে নিৰন্তৰে সম্প্ৰসাৰণ কৰাটোও আৱশ্যক৷

বন্ধুসকল,

বিগত দুই-তিনিমাহত যথেষ্ট সংখ্যক কোৱাৰেণ্টিন আৰু আইচ’লেচন কেন্দ্ৰৰ নিৰ্মাণ হৈছে৷ ইয়াৰ গতি আমি আৰু বৃদ্ধি কৰিব লাগিব যাতে ৰোগীসকলৰ বেডৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নহয়৷ ক’ৰোনাৰ এই সময়ছোৱাত টেলিমেডিচিনৰো গুৰুত্ব অধিক হোৱা পৰিলক্ষিত হৈছে৷ সেয়া লাগিলে হোম কোৱাৰেণ্টিনেই হওক অথবা আইচ’লেচনত থকা ৰোগীয়েই হওক, অথবা আন ৰোগৰ পীড়িত ৰোগীয়েই হওক, সকলোৱে যাতে টেলিমেডিচিনৰ সুবিধা লাভ কৰে তাৰ বাবে আমি নিজৰ প্ৰয়াস বৃদ্ধি কৰিব লাগিব৷

বন্ধুসকল,

এয়া আপোনালোকে ভালদৰেই জানে যে যিকোনো মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ উপযুক্ত সময়ত উপযুক্ত তথ্যই অধিক মহত্ব লাভ কৰে৷ সেইবাবে আমি এয়াও ধ্যান ৰখাটো প্ৰয়োজনীয় যে আমাৰ হেল্পলাইনসমূহ যাতে সহায়ক হওক, অসহায় নহয়৷ যিদৰে আমাৰ চিকিৎসা আৰু পেৰামেডিকেল কৰ্মীসকলে চিকিৎসালয়ত ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে ঠিক সেইদৰে জ্যেষ্ঠ চিকিৎসকসকলৰো এক বৃহৎ দল গঠন কৰিব লাগিব যি টেলিমেডিচিনৰ মাধ্যমেৰে ৰোগীক পৰামৰ্শ প্ৰদান কৰিব পাৰে, তেওঁলোকক উপযুক্ত তথ্য প্ৰদান কৰিব পাৰে৷ ইয়াৰোপৰি আমি যুৱ স্বেচ্ছাসেৱীসকলৰো এক দল গঠন কৰিব লাগিব যি জনসাধাৰণক কাৰ্যকৰী ধৰণে হেল্পলাইনৰ সুবিধা প্ৰদান কৰিব পাৰে৷

যিসমূহ ৰাজ্যত আৰোগ্য সেতু এপ অধিক সংখ্যাত ডাউনলোড হৈছে তাতে অতিশয় ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা হৈছে৷ আমি নিৰন্তৰে এয়াই প্ৰয়াস কৰা আৱশ্যক যে আৰোগ্য সেতু এপৰ ব্যৱহাৰ বৃদ্ধি হওক, অধিকাংশ লোকে ইয়াক ডাউনলোড কৰক৷ আমি এয়াও লক্ষ্য ৰখা আৱশ্যক যে ধীৰে ধীৰে বাৰিষাৰ আগমন হোৱাৰ পৰিপ্ৰেক্ষিতত এই ঋতুৰ সৈতে জড়িত সমস্যাসমূহৰ সৈতেও মোকাবিলা কৰাটো আৱশ্যক৷ অন্যথা ইও এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে৷

বন্ধুসকল,

ক’ৰোনাৰ বিৰুদ্ধে এই যুঁজৰ এক আবেগিক দিশো আছে৷ সংক্ৰম ভয়ৰ পৰা সৃষ্টি হোৱা মানসিক অৱস্থাৰ পৰা আমি আমাৰ নাগৰিকসকলক কিদৰে মুক্ত কৰিব পাৰো, তাৰ বাবেও আমি প্ৰয়াস কৰিব লাগিব৷ আমি আমাৰ জনসাধাৰণক এই বিশ্বাস প্ৰদৰ্শিত কৰিব লাগিব যে ক’ৰোনাক পৰাস্ত কৰিব পৰা লোকৰ সংখ্যা অধিক আৰু ই দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে৷ সেয়ে কোনোবাই ক’ৰোনাত আক্ৰান্ত হ’লেও আতংকগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই৷  

আমাৰ যি ক’ৰোনা যোদ্ধা আছে, আমাৰ যি চিকিৎসক আছে, অন্যান্য স্বাস্থ্যকৰ্মী আছে, তেওঁলোকৰ বাবে আৱশ্যকীয় সুবিধা সুনিশ্চিত কৰাটো আমাৰ প্ৰাথমিকতা হোৱাটো আৱশ্যক৷ তেওঁলোকক প্ৰতিটো স্তৰত খবৰ লোৱা, এয়া আমাৰ সকলোৰে, সমগ্ৰ ৰাষ্ট্ৰৰে দায়িত্ব হোৱাটো আৱশ্যক৷

বন্ধুসকল,

ক’ৰোনাৰ বিৰুদ্ধে যুঁজত জড়িত সমাজৰ বিভিন্ন অংশক, প্ৰতিটো ক্ষেত্ৰৰ সৈতে জড়িত লোককো আমি নিৰন্তৰে উৎসাহিত কৰাটো আৱশ্যক৷ তেওঁলোকে এই যুদ্ধত উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷ আমাৰ ৰাজহুৱা স্থানত, আমাৰ কাৰ্যালয়-ক্ষেত্ৰত মাস্ক অথবা মুখৰ আৱৰণৰ ব্যৱহাৰ, শাৰীৰিক ব্যৱধান আৰু ছেনিটাইজেছনৰ প্ৰক্ৰিয়াক বাৰে বাৰে জনসাধাৰণক সোঁৱৰণ কৰাই দিয়াটো আৱশ্যক, ইয়াত কোনো ধৰণৰ অৱহেলা হোৱাটো আৱশ্যক নহয়৷  

বন্ধুসকল,

অনেক ৰাজ্যই ক’ৰোনাৰ বিৰুদ্ধে যুঁজত প্ৰশংসনীয় ভূমিকা পালন কৰিছে৷ এই ৰাজ্যসমূহৰ যি শ্ৰেষ্ঠতম পদক্ষেপ সেয়া বিনিময় কৰাটো আৱশ্যক৷ মোৰ বিশ্বাস যে প্ৰতিখন ৰাজ্যই নিজৰ অভিজ্ঞতা আৰু পৰামৰ্শ ইয়াত মুক্তমনে বিনিময় কৰিব৷ ইয়াৰ জৰিয়তে আগন্তুক দিনকেইটাত উন্নত ৰণনীতি প্ৰস্তুতিত আমি অধিক সহায় লাভ কৰিম৷ এতিয়া গৃহ মন্ত্ৰীক এই চৰ্চা আগুৱাই নিবলৈ মই আহ্বান জনালো৷

*******

VRRK/VJ/MANN



(Release ID: 1632263) Visitor Counter : 183