প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 16 JUN 2020 10:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে আজি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

দুয়োগৰাকী নেতাই পৰস্পৰৰ দেশত ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰা সন্দৰ্ভত বাৰ্তালাপ কৰাৰ লগতে স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ ক্ষেত্ৰত সাম্ভাৱ্য আন্তৰ্জাতিক সহযোগিতাৰ বিষয়েও আলোচনা কৰে৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত ভাৰত-কানাডাৰ মৈত্ৰী সন্দৰ্ভত সহমত প্ৰকাশ কৰে৷

দুয়োগৰাকী নেতাই বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি কেতবোৰ বহুদেশীয় প্ৰতিষ্ঠানসমূহৰ সৱলীকৰণৰ পোষকতা কৰে যিয়ে সমগ্ৰ বিশ্বতে স্বাস্থ্য, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহৰ সমাধানৰ দিশত অগ্ৰসৰ হৈছে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কানাডা প্ৰশাসনে দেশখনত থকা ভাৰতীয় নাগৰিকলৈ আগবঢ়োৱা সমৰ্থনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷ ঠিক সেইদৰে প্ৰধানমন্ত্ৰী ট্ৰুড’য়েও ভাৰতত থকা কানাডাৰ নাগৰিকে পোৱা ভাৰত চৰকাৰৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷

দুয়োগৰাকী নেতাই আগন্তুক দিনকেইটাত পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰাখিব বুলি সহমত পোষণ কৰে৷ বিশ্বৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত ভাৰত আৰু কানাডাই সম গণতান্ত্ৰিক প্ৰমূল্যবোধ বৰ্তাই ৰাখিব বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে৷

*****

VRRK/VJ/MANN



(Release ID: 1632185) Visitor Counter : 160