স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সন্দৰ্ভত শেহতীয়া তথ্য

আৰোগ্যৰ হাৰ ৫২.৮%লৈ উন্নীত

Posted On: 17 JUN 2020 2:06PM by PIB Guwahati

বিগত ২৪ ঘণ্টাত ৬৯২২ গৰাকী ক’ভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে। এতিয়ালৈকে সৰ্বমুঠ ১,৮৬,৯৩৪ গৰাকী ৰোগী ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ ৫২.৮৭শতাংশলৈ বৃদ্ধি পাইছে৷ বৰ্তমান চিকিসকৰ নিৰীক্ষণত ১,৫৩,১০৬গৰাকী আক্ৰান্ত অৱস্থাত আছে।

চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৬৭৪ আৰু ব্যক্তিগত পৰীক্ষাগাৰ সংখ্যা ২৫০(সৰ্বমুঠ ৯২৪)টালৈ বৃদ্ধি পাইছে। ইয়াৰ বিৱৰণ তলত দিয়া ধৰণৰঃ

সঠিক সময়ত আৰটি পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৫৩৫(চৰকাৰীঃ৩৪৭+ব্যক্তিগতঃ১৮৮)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৩১৬(চৰকাৰীঃ৩০২+ব্যক্তিগতঃ১৪)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ৭৩(চৰকাৰীঃ২৫+ব্যক্তিগতঃ৪৮)

বিগত ২৪ ঘণ্টাত ১,৬৩,১৮৭টা নমুনা পৰীক্ষা কৰা গৈছে। এতিয়ালৈকে সৰ্বমুঠ ৬০,৮৪,২৫৬টা নমুনা পৰীক্ষা কৰা গৈছে।

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SG/DB



(Release ID: 1632103) Visitor Counter : 164