প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আনলক ১.০ ৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰে অনুষ্ঠিত কৰিলে মত-বিনিময়

আমি জীৱন আৰু জীৱিকা উভয়তে গুৰুত্ব প্ৰদান, স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন, পৰীক্ষণ আৰু চিনাক্তকৰণৰ লগতে অৰ্থনৈতিক কাম-কাজো বৃদ্ধি কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী

আমি প্ৰতিটো আৰু প্ৰত্যেকৰে জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছো; এতিয়া দেশত আৰোগ্য লাভৰ হাৰ ৫০% ৰোধিকঃ প্ৰধানমন্ত্ৰী

ক’ৰোনাভাইৰাছৰ বাবে অতিশয় কম মৃত্যুমুখত পৰা দেশসমূহৰ মাজত আছে ভাৰতঃ প্ৰধানমন্ত্ৰী

নিজৰ, পৰিয়ালৰ আৰু সমাজৰ সুৰক্ষাৰ বাবে, মাস্ক বা ফেচ ক’ভাৰ অবিহনে কোনোৱে ঘৰৰ বাহিৰলৈ যোৱাৰ চিন্তা কৰাটো উচিত নহয়ঃ প্ৰধানমন্ত্ৰী

শেহতীয়া প্ৰচেষ্টাসমূহৰ কাৰণে, অৰ্থনীতিত বহু সজীৱ অংকুৰণ এতিয়া দৃশ্যমান হৈছে, আহি থকা দিনসমূহৰ বাবে ই আমাক উৎসাহিত কৰিছেঃ প্ৰধানমন্ত্ৰী

ৰাজ্যসমূহৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলে কৰিলে মন্তব্য, অব্যাহত থকা স্বাস্থ্য আন্তঃগাঁথনি আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ খতিয়ান দাঙি ধৰিলে

Posted On: 16 JUN 2020 5:35PM by PIB Guwahati

আনলক ১.০ৰ পৰৱৰ্তী সময়ত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আলোচনা আৰু কভিড-১৯ মহামাৰীৰে মোকাবিলাৰ অৰ্থে পৰৱৰ্তী পৰিকল্পনা যুগুত কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে মত-বিনিময় কৰে। এয়া মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ষষ্ঠ সংখ্যক মত-বিনিময়, পূৰ্বে এনে মত-বিনিময় ২০ মাৰ্চ, ২ এপ্ৰিল, ১১ এপ্ৰিল, ২৭ এপ্ৰিল আৰু ১১ মেত অনুষ্ঠিত হৈছিল।

ভাইৰাছটোক প্ৰতিহত কৰিবলৈ সময়মতে সিদ্ধান্ত গ্ৰহণ

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশজুৰি মহামাৰীটোৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সময়মতে সিদ্ধান্ত গ্ৰহণ সহায়ক হৈ উঠিব। আমি যেতিয়া পিছলৈ ঘূৰি চাওঁ, জনসাধাৰণে মনত পেলাব যে আমি বিশ্বৰ সন্মুখত সংঘবদ্ধ প্ৰচেষ্টাৰ এটা উদাহৰণ দাঙি ধৰিলো, তেওঁ কয়।

আমি প্ৰতিটো আৰু প্ৰত্যেকৰে জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছো, প্ৰধান মন্ত্ৰীজনে কয়। তেওঁ উল্লেখ কৰে যে সকলো ধৰণৰ পৰিবহণ ব্যৱস্থা এতিয়া মুকলি কৰি দিয়া হৈছে, লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকে তেওঁলোকৰ গাঁৱলৈ ঘূৰি যাব পাৰিছে, হাজাৰ হাজাৰ ভাৰতীয় বিদেশৰপৰা উভতি আহিছে আৰু যদিও ভাৰতৰ জনসংখ্যা অধিক, তথাপিতো বিশ্বৰ প্ৰেক্ষাপটত কৰোনাভাইৰাছ প্ৰাণনাশী হৈ উঠিব পৰা নাই। তেওঁ কয় যে ভাৰতীয়সকলে প্ৰদৰ্শন কৰা নিয়মানুৱৰ্তিতাক বিশ্বজুৰি স্বাস্থ্য বিশেষজ্ঞসকলে শলাগ লৈছে, লগতে কয় যে এতিয়া দেশত আৰোগ্য লাভৰ হাৰ ৫০% ৰোধিক। তদুপৰি তেওঁ উল্লেখ কৰে যে কৰোনাভাইৰাছৰ বাবে অতিশয় কম মৃত্যুমুখত পৰা দেশসমূহৰ ভিতৰত ভাৰতো অন্যতম। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ডাঙৰ শিক্ষা এয়ে যে যদি আমি নিয়মানুৱৰ্তিতা পালন কৰি আৰু সকলোবোৰ নীতি-নিয়ম মানি চলো, ৰোনাভাইৰাছে কম পৰিমাণেহে ক্ষতিসাধন কৰিব পাৰিব। মাস্ক/ফেচ কভাৰৰ ব্যৱহাৰৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰি এয়া পৰিধান নকৰাকৈ কোনোৱে বাহিৰলৈ ওলাই যোৱাটো উচিত নহয় বুলি কয়। এয়া কেৱল সংশ্লিষ্ট লোকজনৰ কাৰণেই নহয় বৰঞ্চ তেওঁৰ পৰিয়াল আৰু সমাজখনৰ কাৰণেও গুৰুত্বপূৰ্ণ। তেওঁ তদুপৰি দুই গজ দূৰত মন্ত্ৰফাঁকিও উচ্চাৰণ কৰি চাবোনৰে হাত ধুই থাকিবলৈ আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈয়ো কয়। তেওঁ কয় যে নিয়মানুৱৰ্তিতা অমান্য কৰিলেই ভাইৰাছটোৰ বিৰুদ্ধে আমাৰ যুঁজখনক দুৰ্বল হৈ পৰিব।

অৰ্থনীতিত সতেজ অংকুৰণ

প্ৰথধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা কেইটামান সপ্তাহত গ্ৰহণ কৰা প্ৰচেষ্টাৰ জৰিয়তে, অৰ্থনীতিত সেউজীয়া অংকুৰণ প্ৰত্যক্ষ কৰা হৈছে, পূৰ্বে অৱনমিত হোৱা শক্তিৰ ব্যৱহাৰো এতিয়া বৃদ্ধি পাইছে, এই বৰ্ষৰ মেত সাৰৰ বিক্ৰী লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে, যোৱা বৰ্ষৰ তুলনাত খাৰিফ শস্য সিঁচাৰ মাত্ৰা বৃদ্ধি পাইছে, দুচকীয়া বাহনৰ উৎপাদন বৃদ্ধি পাইছে, লক ডাউনৰ পূৰ্বৰ সমান হৈ পৰিছে বৰ্তমানৰ খুচুৰা ডিজিটেল পেমেন্টৰ পৰিমাণ, টুল সংগ্ৰহ বৃদ্ধি পাইছে আৰু ৰপ্তানি পুনৰ আৰম্ভ হৈছে। এই সংকেতসমূহে অনাগত দিনসমূহত আগবাঢ়ি যাবলৈ আমাক উৎসাহিত কৰিছে।

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ লাভা-লাভসমূহ

প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ কৃষি, উদ্যানশস্য, মৎস্য পালন আৰু এমএছএমইৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। এমএছএমইলৈ সময়মতে ক্ৰেডিট আগবঢ়োৱাৰ কথা সদৰী কৰি, তেওঁ কয় যে যদি বেংকাৰ্ছ সমিতিৰ জৰিয়তে উদ্যোগসমূহলৈ ক্ৰেডিটৰ ক্ষীপ্ৰ বিতৰণ সুনিশ্চিত হয়, এই উদ্যোগসমূহে সোনকালেই কৰ্ম সম্পাদন আৰম্ভ কৰিব পাৰিব যত সংস্থাপনৰ সুযোগো নিশ্চিত কৰা হৈছে। ক্ষুদ্ৰ ফেক্টৰীসমূহক প্ৰয়োজনীয় তত্ত্বাৱধান আৰু সহায়-সহযোগিতাৰ কথা তেওঁ কয়। তেওঁ বাণিজ্য আৰু উদ্যোগক প্ৰেৰণা যোগাবলৈ মানক শৃংখলত হাতে-হাত ধৰি কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। ৰাজ্যসমূহৰ ক্ষেত্ৰত বিশেষীকৃত অৰ্থনৈতিক কাৰ্য-কলাপৰ প্ৰসংগত দিনটোৰ ২৪ ঘন্টাই কাম কৰা আৰু অৰ্থনৈতিক কাম-কাজসমূহৰ গতি ত্বৰান্বিত কৰিবলৈ লডিং আৰু আনলডিং পুনৰুজ্জীৱিত কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কৃষি খণ্ডত সংস্কাৰৰ জৰিয়তে কৃষকক লাভান্বিত কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে, ত বিক্ৰী প্ৰক্ৰিয়াৰ নতুন পন্থা, আয় বৃদ্ধিও অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে নেকি অৰ্থনীতিত চাহিদা বৃদ্ধি কৰি তুলিব পাৰিব। উত্তৰ-পূৰ্বাঞ্চল আৰু জনজাতীয় এলেকাসমূহৰ কৃষি আৰু উদ্যানশস্যৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে, যাৰ অৰ্থে জৈৱিক পণ্য, বাঁহৰদ্বাৰা প্ৰস্তুত পণ্য আৰু জনজাতীয় লোকসকলৰ উৎপাদিত সা-সামগ্ৰীৰ কাৰণে নতুন বজাৰ মুকলি কৰা হৈছে। এই ৰাজ্যসমূহে স্থানীয় পণ্যসমূহৰ কাৰণে থূপ ভিত্তিক প্ৰচেষ্টাৰ জৰিয়তেও লাভান্বিত হব বুলিও তেওঁ উল্লেখ কৰি লগতে কয় যে উৎকৃষ্ট সংসাধন আৰু অধিক ফলপ্ৰসূ বিপণনৰ অৰ্থে প্ৰতিটো খণ্ড আৰু জিলা পৰ্যায়ত উৎপাদিত এনে পণ্যসমূহ চিনাক্ত কৰা উচিত। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ঘোষণা কৰা ব্যৱস্থাসমূহৰ আশু ৰূপায়ণৰ অৰ্থে সকলোৱে একেলগে কাম কৰাটো সুনিশ্চিতকৰণত তেওঁ গুৰুত্ব আৰোপ কৰে।

মুখ্যমন্ত্ৰীসকলৰ বক্তব্য

দুদিনীয়া মত-বিনিময়ৰ আজি প্ৰথমটো দিন আৰু এই প্ৰথম দিনটোত পঞ্জাৱ, অসম, কেৰালা, উত্তৰাখণ্ড, ঝাৰখণ্ড, চত্তীশগড়, ত্ৰিপুৰা, হিমাচল প্ৰদেশ, চণ্ডীগড়, গোৱা, মণিপুৰ, নাগালেণ্ড, লাডাখ, পুডুচেৰী, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা নগৰ হাভেলী আৰ দমন ডিউ, ছিকিম আৰু লক্ষদ্বীপ-এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰীসকলে ভাগ লয়।

এনে এক জটিল সময়ত নেতৃত্ব বহন আৰু ভাইৰাছবিধৰ বিৰুদ্ধে সংঘবদ্ধভাৱে যুঁজিবলৈ দেশসবাসীক একত্ৰিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে নিজ নিজ ৰাজ্যসমূহত উপলব্ধ স্বাস্থ্য আন্তঃগাঁথনি সন্দৰ্ভত মতামত আগবঢ়াই আৰু ভাইৰাছটোৰ প্ৰভাৱ অতিক্ৰম কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা অৱগত কৰে। তেওঁলোকে তেওঁলোকৰদ্বাৰা চালিত কৰা সজাগতা কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰে, তথা গৃহলৈ ঘূৰি অহা শ্ৰমিকসকলক আগবঢ়োৱা সহায়-সহযোগিতা, আৰোগ্য সেতু এপৰ ব্যৱহাৰ আৰু ৰাজ্যসমূহত পুনৰ আৰম্ভ হোৱা অৰ্থনৈতিক কাম-কাজৰ বিষয়ে কয়।

জীৱন আৰু জীৱিকা উভয়তে গুৰুত্ব

প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক তেওঁলোকৰ মতামতৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ জীৱন আৰু জীৱিকা উভয়তে গুৰুত্ব প্ৰদান কৰিবলগীয়া কথাটোৰ প্ৰতি উনুকিয়াই দিয়ে। তেওঁ কয় যে এহাতেদি পৰীক্ষণ আৰু চিনাক্তকৰণত অধিক গুৰুত্ব প্ৰদানৰ জৰিয়তে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰিব লাগে। একেদৰে, অৰ্থনৈতিক কাম-কাজো বৃদ্ধি কৰাটো প্ৰয়োজনীয়। সাম্প্ৰতিক প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ আৱশ্যকতাৰ প্ৰেক্ষাপটতে সিদ্ধান্তসমূহ গ্ৰহণ কৰা উচিত।

তেওঁ নেতাসকলক ধাৰাবাহিকভাৱে আগুৱাই যাবলৈ কৈ কয় যে ভাইৰাছটোৰ ভয়াৱহতা এতিয়াও দূৰ হোৱা নাই আৰু অৰ্থনৈতিক কাম-কাজ অব্যাহত থাকোতে তদাৰকী ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক কয়।

গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আমি এতিয়ালৈকে মহামাৰীটোৰ বিৰুদ্ধে সফলতাৰে যুঁজ দি আহিছো, আগলৈয়ো বহুদূৰ যাবলৈ বাকী আছে আৰু প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা পৰামৰ্শ অনুসৰি সকলোৱে মাস্ক/ফেচ কভাৰ ব্যৱহাৰ কৰাৰ লগতে দুই গজ দূৰত্ব মানি চলিব লাগে বুলি তেওঁ কয়।

প্ৰস্তুতিৰ আগতীয়া পৰ্যালোচনা

প্ৰধানমন্ত্ৰীয়ে ১৩ জুনত জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে এখন বিস্তৃত বৈঠক অনুষ্ঠিত কৰি কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে ভাৰতে কিদৰে মোকাবিলা কৰি আছে তাৰ পৰ্যালোচনা কৰে। এই বৈঠকত মহামাৰীটোৰ প্ৰসংগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থিতি আৰু প্ৰস্তুতি সন্দৰ্ভতেই আলোচনা কৰা হয়।

এইটো উল্লেখযোগ্য যে মুঠ আক্ৰান্তৰ সংখ্যাৰ দুই-তৃতীয়াংশ ৫ খন ৰাজ্যৰ আৰু ডাঙৰ মহানগৰসমূহত এই সমানুপাত অপ্ৰতিৰোধ্য হৈ পৰিছে। বিশেষতঃ ডাঙৰ মহানগৰসমূহে মুখামুখি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, দৈনিক বৰ্ধিত ঘটনাসমূহৰে মোকাবিলা কৰিবলৈ পৰীক্ষণ আৰু বিছনা তথা সেৱাসমূহৰ ফলপ্ৰসূতা নিতান্তই আৱশ্যকীয়।

প্ৰধানমন্ত্ৰীয়ে মহানগৰ আৰু জিলা সাপেক্ষে প্ৰয়োজনীয় চিকিৎসালয়সমূৰ বিছনা/আইছলেশ্যন বিছনা সন্দৰ্ভত ক্ষমতাসম্পন্ন গোটৰ পৰামৰ্শসমূহ গ্ৰহণ কৰে আৰু স্বাস্থ্য মন্ত্ৰণালয়ক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰে আলোচনা কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। তেওঁ তদুপৰি, বাৰিষা কালৰ পৰিপ্ৰেক্ষিতত সকলো প্ৰচেষ্টা সুচাৰূপে গ্ৰহণৰ আহ্বান জনায়।

*****



(Release ID: 1632013) Visitor Counter : 260