গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লীত ক’ভিড-১৯ সম্পৰ্কীয় এক সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰে

শ্ৰী অমিত শ্বাহে সকলো দলকে ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধলৈ গৈ জনস্বাৰ্থৰ বাবে কাম কৰিবলৈ আহ্বান জনায়

আমি সকলোৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই মহামাৰীৰ বিৰুদ্ধে যুঁজিব লাগিব- কেন্দ্ৰীয় গৃহ মন্ত্ৰী

ৰাজনৈতিক ঐক্যতাই জনসাধাণৰ মাজত আত্মবিশ্বাসৰ সৃষ্টি কৰিব আৰু ইয়াৰ দ্বাৰা ৰাজধানীত মহামাৰীৰ পৰিস্থিতি উন্নত হ’ব

‘‘মই সকলো ৰাজনৈতিক দলৰ সদস্যক নিশ্চিতি প্ৰদান কৰিছো যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহ দিল্লীবাসীৰ

স্বাৰ্থৰ অনুকূলে হ’ব আৰু ইয়াক তৃণমূল পৰ্যায়ৰ পৰা প্ৰণয়ন কৰা হ’ব’’- কেন্দ্ৰীয় গৃহ মন্ত্ৰী

আমি নতুন প্ৰযুক্তিৰ সহায়ত ক’ভিড-১৯ৰ পৰীক্ষণ সামৰ্থ উন্নত কৰিব লাগিব- শ্ৰী অমিত শ্বাহ

Posted On: 15 JUN 2020 4:08PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভাৰত চৰকাৰে দিল্লীত ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি ৰোধ কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰিব৷ দিল্লীত অনুষ্ঠিত হোৱা এক সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰি শ্ৰী অমিত শ্বাহে কয় যে আমি সকলোৱে ঐক্যৱদ্ধভাৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই মহামাৰীৰ বিৰুদ্ধে যুঁজিব লাগিব৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে বৈঠকত এই বুলি কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহ তৃণমূল পৰ্যায়ৰ পৰা প্ৰণয়ন কৰা হ’ব৷ শ্ৰী অমিত শ্বাহে দলসমূহৰ কৰ্মীবৃন্দক  দিল্লীবাসীৰ কল্যাণাৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ প্ৰণয়নত সহায় কৰিবলৈ আহ্বান জনায়৷ তেওঁ দলসমূহক ৰাজনৈতিক স্বাৰ্থৰ পৰা ঊৰ্ধলৈ গৈ জনস্বাৰ্থৰ বাবে কাম কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ৰাজনৈতিক ঐক্যৱদ্ধতাই জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰ কৰিব৷ তেওঁ কয় যে আমি নতুন প্ৰযুক্তিৰ সহায়ত ক’ভিড-১৯ৰ পৰীক্ষণ সামৰ্থ বৃদ্ধি কৰিব লাগিব৷

 

বৈঠকখনত উপস্থিত আছিল আম আদমী দলৰ শ্ৰী সঞ্জয় সিং, বিজেপিৰ দিল্লী ৰাজ্যিক সভাপতি শ্ৰী আদেশ গুপ্তা, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি শ্ৰী অনিল চৌধুৰী আৰু বিএছপিৰ প্ৰতিনিধিসকল৷ বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে৷

কালি অনুষ্ঠিত হোৱা বৈঠকখনত বিভিন্ন পদক্ষেপৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰে ভিতৰত ৫০০টা পৰিৱৰ্তিত ৰে’ল দবা দিল্লী চৰকাৰক প্ৰদান, ঘৰে ঘৰে স্বাস্থ্য সৰ্বেক্ষণ, আগন্তুক দুটা দিনৰ ভিতৰত পৰীক্ষণ সামৰ্থ দুগুণ আৰু ছদিনৰ ভিতৰত তিনিগুণলৈ বৃদ্ধি কৰা ইত্যাদিয়েই অন্যতম৷ বৈঠকখনত ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহত নিম্ন মূল্যত ৬০% ক’ৰোনা বেডৰ উপলব্ধতা নিশ্চিতিৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

*****

NW/RK/PK/AD/DD/MANN



(Release ID: 1632011) Visitor Counter : 220