প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজকীয় এছিয়া সিংহৰ সংখ্যা বৃদ্ধিক লৈ সন্তুষ্টি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 10 JUN 2020 8:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গিৰ অভয়াৰণ্যত ৰাজকীয় এছিয়া সিংহৰ সংখ্যা বৃদ্ধিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে৷

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, দুটা অতি ভাল খবৰঃ গুজৰাটৰ গিৰ অভয়াৰণ্যত ৰাজকীয় এছিয়া সিংহৰ সংখ্যা প্ৰায় ২৯% বৃদ্ধি পাইছে৷

আনটো হৈছে ভৌগোলিক বিচৰণ ক্ষেত্ৰও ৩৬% সম্প্ৰসাৰণ হৈছে৷

গুজৰাটৰ জনতা আৰু এই উকৃষ্ট কাম সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা সকলোৱেই প্ৰশংসাৰ পাত্ৰ৷

বিগত কেইটামান বছৰত গুজৰাটত সিংহৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ সেই অঞ্চলৰ জনসাধাৰণৰ অংশগ্ৰহণ, প্ৰযুক্তিৰ ব্যৱহাৰ, বন্যপ্রাণীৰ স্বাস্থ্য সেৱা, উপযুক্ত বাসভূমি ব্যৱস্থাপনা আৰু মানুহ আৰু সিংহৰ মাজত সংঘাট হ্ৰাসে এই সাফল্য আনিছে৷ এই ইতিবাচক প্ৰৱণতা বজাই থাকক তাকে আশা কৰিলো৷

***

VRRK/SH/DB



(Release ID: 1631558) Visitor Counter : 169