হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি নগৰীয় পৰিবহণ সেৱাসমূহ উপলব্ধ কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ/চহৰ/মেট্ৰ ৰেল কোম্পানীসমূহে গ্ৰহণ কৰিব লগা পদক্ষেপ

আৱাসগৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শ প্ৰদান

Posted On: 12 JUN 2020 11:44AM by PIB Guwahati

আৱাসগৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য,কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ,চহৰ আৰু মেট্ৰ ৰেল কোম্পানীসমূহক পৰ্যায়ক্ৰমে তিনিতৰপীয়া {হ্ৰস্বম্যাদী (৬মাহৰ ভিতৰত), মধ্যমাদী (১বছৰৰ ভিতৰত) আৰু দীৰ্ঘম্যাদী (১ৰ পৰা ৩বছৰৰ ভিতৰত) কৌশল গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰিছে। আৱাসগৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই প্ৰেৰণ কৰা পৰামৰ্শসমূহ হৈছে-

মটৰ বিহীন পৰিবহন ব্যৱস্থা(এন এম টি) পুনৰ আৰম্ভ কৰা আৰু  ইয়াক উত্সাহ যোগোৱা-যিহেতু চহৰাঞ্চলৰ অধিকাংশ যাত্ৰাপথৰ দূৰত্ব ৫কিলমিটাৰৰ ভিতৰত হয় সেয়েহে এই ভিড-১৯ৰ দৰে সংকটৰ সময়ত এন এম টিয়ে  কম খৰচী, কম মানৱ সম্পদৰ প্ৰয়োজন হোৱা, সহজ আৰু কম সময়ৰ প্ৰয়োজন হোৱা, আৰোহণীয় আৰু পৰিৱেশ অনুকূল এই ব্যৱস্থা প্ৰয়োগৰ বাবে সঠিক সুযোগ প্ৰদান কৰিছে

ৰাজহুৱা খণ্ডৰ পৰিবহণ ব্যৱস্থাৰ সুবিধা গ্ৰহণকাৰীসকলৰ মাজত আস্থাৰ সঞ্চাৰ কৰি এইধৰণৰ পৰিবহণ ব্যৱস্থা পুনৰ আৰম্ভ কৰা-নগৰ অঞ্চলত বাস কৰা বিশেষভাৱে নিম্ন/মধ্যবিত্ত পৰিয়ালৰ লোকসকলৰ দৈনন্দিন যাতায়াতৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱস্থাই হৈছে ৰাজহাড় স্বৰূপ। অৱশ্যে,ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ জৰিয়তে হব পৰা সংক্ৰমণৰ এই সময়ত সঠিক ছেনিটাইজেছন, কনটেইনমেণ্ট আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে

ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰযুক্তিৰ সদব্যৱহাৰ-ইণ্টেলিজেণ্ট পৰিবহণ ব্যৱস্থা(আই টি এছ), ইণ্ডিজেনাছ ধনবিহীন আৰু স্পৰ্শবিহীন ব্যৱস্থা যেনে BHIM, PhonePe, Google Pay, PayTM  আদি আৰু নেচনেল কমন মবিলীটী কাৰ্ড(এন চি এম চি)আদিৰ দৰে দেশীয় ব্যৱস্থাসমূহে ৰাজহুৱা পৰিবহণ ব্যৱস্থা পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

ভিড-১৯ মহামাৰীয়ে হঠাত্ আমাৰ জীৱন ধাৰণ প্ৰক্ৰিয়া আৰু তাৰ লগে লগে আমাৰ স্থানীয়, আঞ্চলিক আৰু গোলকীয় পৰিবহণ ব্যৱস্থাত পেলোৱা প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ৰ তৰফৰ পৰা সংশ্লিষ্ট সকলো পক্ষকে এই পৰামৰ্শ জাৰি কৰা হৈছে

১।ৰাজহুৱা পৰিবহণ ব্যৱস্থাত যাত্ৰীৰ সংখ্যা ৯০%লৈ হ্ৰাস পোৱাটো প্ৰমাণ হৈছে।তদুপৰি, এয়াও দেখা গৈছে যে বায়ু প্ৰদূষণ ৬০শতাংশলৈ হ্ৰাস পাইছে।চহৰসমূহত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত পূৰ্বৰ দৰে যাত্ৰীসকলক ওভতাই অনাটো এক বৃহত্ প্ৰত্যাহ্বান হৈ পৰিছে কাৰণ জনসাধাৰণে এতিয়া অধিক বিকল্পৰ সন্ধান কৰিছে বিশেষভাৱে ব্যক্তিগত উপায় যিয়ে লকডাউনৰ পাছৰ সময়ত নিৰাপদ যাত্ৰা সম্ভৱ কৰিব।

২।মটৰ-গাড়ী আৰু আন ব্যক্তিগত যান-বাহন ব্যৱহাৰৰ পুনৰুথ্থান নহবলৈ বিশ্বৰ বহু চহৰে পথ বন্ধ কৰি চাইকেল চলোৱা লোকসকল তথা খোজকঢ়া লোকসকলৰ বাবে পুনৰ ষ্ট্ৰীট স্পেচ আৱণ্টন কৰা, মটৰ বিহীন পৰিবহন(এন এম টি)অগ্ৰাধিকাৰ মণ্ডল, পপ-আপ বাইক লেনছ আৰু ছাইড ৱাকছ সৃষ্টি কৰা, চাইক্লিঙক অধিক গ্ৰহণযোগ্য কৰিবলৈ পাৰ্কিং আৰু চাৰ্জিং সা-সঁজুলি যোগান, বিত্তীয় সুবিধা প্ৰদানৰ বাবে -টিকেটিং, ডিজিটেল পেমেণ্টছক উত্সাহিত কৰিছে। ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি মটৰ বিহীন পৰিবহনক প্ৰচাৰ কৰিবলৈ এই চহৰসমূহে শেহতীয়াভাৱে গ্ৰহণ কৰা কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে তলত দিয়া ধৰণৰঃ

.চাইকেল চালকসকলক সহযোগ কৰিবলৈ নিউয়ৰ্কত ৪০ মাইল নতুন এন এম টি পথ বৃদ্ধি কৰা হৈছে।

.অকলেণ্ড,ইউ এছ - ইয়াৰ ১০ শতাংশ পথ মটৰ বাহনৰ বাবে বন্ধ কৰি দিছে।

.বগোটা,কলম্বিয়াত ৰাতিৰ ভিতৰতে ৭৬ কিঃমিঃ পথ চাইকেলৰ বাবে সংযোগ কৰা হৈছে।

.ইটালীৰ মিলানত ২২মাইল পথ চাইকেল পথলৈ ৰূপান্তৰিত কৰা হৈছে।

.অকলেণ্ড,নিউজিলেণ্ডত পথৰ গাড়ী পাৰ্কিং উঠাই দিয়া হৈছে আৰু বৰ্তমানে থকা বাইক আৰু পদপথ বহল কৰাৰ উপৰি ১৭ কিঃমিঃ অস্থায়ী বাইক পথ নিৰ্মাণ কৰা হৈছে।ইয়াৰউপৰি পপ আপ বাইক লেনছৰ বাবে চহৰখনে এক আঁচনি যুগুত কৰিছে।

.চীনত বাইক শ্বেয়াৰিঙৰ প্ৰচাৰে লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশজুৰি ১৫০ শতাংশ যাতায়াত বৃদ্ধি কৰিছে।

.ব্ৰিটেইনত স্থানীয় ব্যৱসায়ীসকলে সামাজিক দূৰত্ব মানি চলিবলৈ দিয়া নিৰ্দেশক সন্মান জনাবলৈ আৱাসীসকলক সক্ষম কৰাৰ বাবে পথাচাৰী সকলৰ বাবে ৰোড স্পেচ স্থানান্তৰিত কৰে।

৩।আৱাসগৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে চলোৱা বিভিন্ন অধ্যয়নত দেখা গৈছে যে চহৰৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি দেশৰ নগৰীয়া যাত্ৰীৰ প্ৰায় ১৬-১৭শতাংশই খোজকাঢ়ে আৰু ৩০-৪০শতাংশই চাইকেল চলায়।ইয়াক এক সুবিধা হিচাপে বিবেচনা কৰি এনে এক সংকটপূৰ্ণ সময়ত এই ব্যৱস্থাসমূহৰ গুৰুত্ব বৃদ্ধি কৰিলে যাত্ৰীসকলে এক অন্য নিজা বিকল্প লাভ কৰিব যি স্বচ্ছ, সুৰক্ষিত আৰু বিশ্বাসযোগ্য হয়, বিশেষভাৱে যদি ইয়াক অন্য ব্যৱস্থাৰ সৈতে সংলগ্ন কৰা যায় আৰু সকলোৰে বাবে সহজলভ্য হয়।এই ক্ষেত্ৰখন ৰাষ্ট্ৰীয় পৰিবহন নীতি-২০০৬(এন ইউ টি পি-২০০৬) এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ।ইয়ে এন এম টি উদ্যোগৰ কৰ্ম শক্তিৰ নিয়োগ সুবিধাৰ সৃষ্টি কৰিব।

৪।ভাৰতৰ ১৮খন মুখ্য চহৰত এক শক্তিশালী ৭০০কিঃমিঃ ব্যৱহাৰোপযোগী মেট্ৰ ৰেলৰ ব্যৱস্থা আছে আৰু সমগ্ৰ দেশজুৰি ১১ চহৰত প্ৰায় ৪৫০কিঃমিঃ ব্যৱহাৰোপযোগী বি আৰ টি নেটৱৰ্ক আছে যিয়ে নিতৌ ১০নিযুত যাত্ৰীৰ অহা-যোৱা সুগম কৰি তুলিছে।কিন্তু সামাজিক দূৰত্বৰ নিয়ম মানি চলাৰ হেতু কৰনা ভাইৰাছৰ পূৰ্বৰ স্থিতিৰ তুলনাত ইয়াৰ ২৫ৰ পৰা ৫০ শতাংশ ক্ষমতাৰহে ব্যৱহাৰ কৰা হব। যোগান আৰু চাহিদাৰ এই নাটকীয় আৰু গতিশীল পৰিৱৰ্তনৰ বাবে পৰিবহনৰ বিকল্প সাধনৰ লগতে এনে ৰাজহুৱা পৰিবহন প্ৰণালীসমূহক পৰিপূৰ্ণ কৰাৰ প্ৰয়োজন হব।

৫।আৱাসগৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে দেশ আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ বিষয় বস্তুৰ বিশেষজ্ঞ, ঔদ্যোগিক বিশেষজ্ঞ, অপাৰেটৰ, বিশ্ববেংক আৰু আন বিশেষ নগৰ পৰিবহন বিশেষজ্ঞসকলৰ সৈতে কেইবালানিও বৈঠকত মিলিত হৈছে, যিসকলে স্পষ্টভাৱে ৰূপৰেখা দাঙি ধৰিছে যে ভিড-১৯ৰ পাছত নগৰীয়া গতিশীলতাৰ চৰিত্ৰৰ পৰিৱৰ্তন আহিব।এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ৰাজহুৱা পৰিবহনত যাত্ৰা কৰাৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ মনত উদয় হোৱা অসুৰক্ষাৰ ভাবৰ প্ৰতি লক্ষ্য ৰাখি কব পাৰি যে পথত ব্যক্তিগত বাহনৰ সংখ্যা বৃদ্ধি হব যাৰ ফলত কেৱল প্ৰদূষণ হোৱাই নহয়, ইয়ে অন্য ৰাজহুৱা পৰিবহনৰ স্থানো লৈ লব।ইয়াৰ উপৰি,পথ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিকূল প্ৰভাৱো পৰিব আৰু বায়ু প্ৰদূষণ বৃদ্ধি পাব তথা পথত যথেষ্ট যান-জঁটৰ সৃষ্টি হব।

৬।যি নহওক, ভাৰতত বৰ্তমানো ব্যক্তিগত বাহনৰ মালিকীস্বত্ব তুলনামূলকভাৱে যথেষ্ট কম আৰু ৰাজহুৱা পৰিবহন ব্যৱহাৰকাৰীৰ এক বৃহত্ সংখ্যক লোক সীমিত পৰিবহন বিকল্পৰ সৈতে কেপ্টিভ ইউজাৰ্ছ।এইসকল উপভোগকাৰীৰ বাবে সুৰক্ষিত আৰু বিশ্বাসযোগ্য গতিশীলতা উপলব্ধ কৰোৱাটো চহৰসমূহৰ বাবে এক প্ৰধান কাম হব, বিশেষভাৱে সামাজিক দূৰত্বৰ জৰিয়তে ক্ষমতা নিয়ন্ত্ৰণ কৰাৰ ফলত এতিয়া এনে কৰিব পৰা নাযাব। ৰাজহুৱা পৰিবহন, বাছ আৰু মেট্ৰ দুয়োটাই বহু চহৰৰ ৰাজহাড় স্বৰূপ আৰু সেইসমূহৰ ক্ষমতা হ্ৰাস কৰাৰ লগতে গতিশীল কৰি ৰখাৰ বাবে গতিশীলতাৰ বিকল্প সাধনৰ সুনিশ্চিত কৰাৰ আৱশ্যক হব কাৰণ অৰ্থব্যৱস্থা এতিয়া পুনৰ আৰম্ভ হব ধৰিছে।

৭।কভিড-১৯এ আমাক বিভিন্ন ধৰণৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সৈতে চিনাকী কৰাই দিছে আৰু সমিধানো দিছে, যিসমূহ হৈছে সেউজীয়া, প্ৰদূষণ-মুক্ত, সুবিধাজজনক আৰু বহুদিন চলি থাকিব পৰা।এইধৰণৰ কৌশল যাত্ৰাৰ সময়ত বা যাত্ৰাৰ পূৰ্বে সকলো প্ৰকাৰৰ সুবিধাৰ বাবে তথা যাত্ৰীসকলক তথ্য উপলব্ধ কৰাৰ বাবে এক বৃহত্ পৰিসৰত প্ৰযুক্তি ব্যৱহাৰ কৰি মটৰবিহীন পৰিবহন আৰু ৰাজহুৱা পৰিবহন ব্যৱস্থাত অধিক গুৰুত্ব দিব লাগিব। আনকি বাণিজ্যিক অঞ্চলসমূহক ভিৰমুক্ত কৰি সেইসমূহ পথাচাৰীৰ বাবে অনুকূল কৰা উচিত আৰু তাত সাধাৰণ জনতাক সুখী আৰু নিৰাপদ অনুভৱ কৰাবলৈ অধিক সহজলভ্য কৰিব লাগিব।

 

****

RJ/NG/KG



(Release ID: 1631345) Visitor Counter : 248