প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তানজানিয়াৰ ৰাষ্ট্ৰপতি ড. জন পোম্বে জোচেফ মাগুফুলিৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 12 JUN 2020 8:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তানজানিয়াৰ ৰাষ্ট্ৰপতি ড. জন পোম্বে জোচেফ মাগুফুলিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ২০১৬ ৰ জুলাই মাহত তেওঁৰ ডাৰ-এস-চালাম ভ্ৰমণৰ কথাও স্মৰণ কৰে আৰু প্ৰাচীন কালৰে পৰা ভাৰতৰ বন্ধু, তানজানিয়াৰ সৈতে সম্পৰ্ক বজায় ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তানজানিয়াৰ চৰকাৰ আৰু জনসাধাৰণৰ চাহিদা অনুযায়ী উন্নয়নৰ অংশীদাৰ হোৱাৰ ক্ষেত্ৰত ভাৰত সদায়েই অঙ্গীকাৰবদ্ধ বুলিও কয় শ্ৰী মোদীয়ে।

ক’ভিড – ১৯ মহামাৰীৰ ফলত তানজানিয়াত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক দেশলৈ ওভতাই পঠিওৱাৰ ক্ষেত্ৰত ড. মাগুফুলিয়ে গ্ৰহণ কৰা উদ্যোগৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জনায়।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সৰ্বাঙ্গীন পৰ্যালোচনা কৰে। উন্নয়নৰ অংশীদাৰীত্ব, শিক্ষা ক্ষেত্ৰত যোগাযোগ আৰু ব্যৱসায় বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত ক্ৰমবৰ্দ্ধমান সম্পৰ্কত তেওঁলোকে সন্তোষ প্ৰকাশ কৰে। এই ক্ষেত্ৰত ভৱিষ্যতে কেনেদৰে এই সম্পৰ্কক আৰু অধিক আগলৈ লৈ যাব পাৰি সেই সম্পৰ্কতো তেওঁলোকে আলোচনা কৰে।

আগন্তুক বৰ্ষত তানজানিয়াত ৰাষ্ট্ৰপতি আৰু সংসদীয় নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি মাগুফুলি আৰু তানজানিয়াৰ জনসাধাৰণক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

****

VRRK/KP/RD



(Release ID: 1631294) Visitor Counter : 254