প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছামাদেক আক্কা মহা সেনা পাদেই টেক’ হুন ছেনৰ সৈতে টেলিফোনিক বাৰ্তালাপ
प्रविष्टि तिथि:
10 JUN 2020 8:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী ছামাডেক আক্কা মহা সেনা পাদেই টেক’ হুন ছেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷
দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰী সন্দৰ্ভত আলোচনা কৰে৷ তেওঁলোকে পৰস্পৰে পৰস্পৰৰ প্ৰতি আগবঢ়োৱা সমৰ্থন আৰু দুয়োখনৰ দেশৰ পৰা পৰস্পৰৰ নাগৰিকৰ নিষ্কাশন সন্দৰ্ভত আলোচনা কৰে৷
কম্বোডিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় কৰি তোলাৰ দিশত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
দুয়োগৰাকী নেতাই মেকং-গংগা সহযোগিতা পৰিকাঠামোৰ অধীনত তৎকালীন প্ৰভাৱ প্ৰকল্প আৰু আইটিইচি আঁচনিৰ অধীনত সামৰ্থ নিৰ্মাণ কাৰ্যসূচীকে ধৰি দুয়োখন দেশৰ মাজত গঢ়ি উঠা দ্ৰুতশীল বিকাশসমূহৰ ফলাফল পৰীক্ষণ কৰে৷
কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰে৷ ভাৰতৰ এক্ট ইষ্ট পলিচীৰ অধীনত কম্বোডিয়াৰ মূল্যবোধ তথা আবেগিক সম্পৰ্কৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে৷
*****
VRRK/SH/MANN
(रिलीज़ आईडी: 1630778)
आगंतुक पटल : 287
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam