PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 08 JUN 2020 6:18PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যসমূহ; স্বাস্থ্য সচিবে ক’ভিড-১৯ সন্দৰ্ভত নিৰ্বাচিত জিলাৰ উপাযুক্ত, পৌৰ আয়ুক্ত, মুখ্য স্বাস্থ্য বিষয়াৰ সৈতে বাৰ্তালাপ কৰে

এই পৰ্যন্ত ১,২৪,৪৩০ জন লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৫১৩৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪৮.৪৯%৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,২৪,৯৮১ জন৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত ৩৯৬৫ খন ৰে’লেৰে প্ৰায় ১১১.০২ লাখ মেট্ৰিকটন খাদ্যান্ন পৰিবহণ কৰা হৈছে

লকডাউনৰ সময়ৰে পৰা এই পৰ্যন্ত ৩৯৬৫টা ৰে’ল ডবাৰ জৰিয়তে ১১১.০২ লাখ মেট্ৰিক টন খাদ্যান্ন পৰিবহণ কৰা হৈছে৷  ৰে’লৰ ডবাৰ বাহিৰেও স্থলপথ আৰু জল পথেৰেও খাদ্যান্ন পৰিবহণ কৰা হৈছে৷ এই পৰ্যন্ত মুঠ ২৩৪.৫১ লাখ মেট্ৰিক টন খাদ্যান্ন পৰিবহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ইৰাণত আৱদ্ধ হৈ থকা নাগৰিকসকলক উদ্ধাৰ কৰি অনাৰ বাবে ‘সমুদ্ৰ সেতু’ৰ জৰিয়তে ভাৰতীয় নৌবাহিনীয়ে আৰম্ভ কৰিলে উদ্ধাৰ সেৱা

ভাৰতীয় নৌবাহিনীয়ে ৮ মে’ ২০২০ তাৰিখে ইৰাণত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলৰ উদ্ধাৰৰ কাম আৰম্ভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

মিছন সাগৰ- ছিছিলিছৰ পৰ্ট ভিক্টৰিয়াত আইএনএছ কেশৰী

মিছন সাগৰৰ অংশ হিচাপে ভাৰতীয় নৌবাহিনীৰ জাহাজ কেশৰীয়ে ৭ জুন ২০২০ তাৰিখে ছিছিলিছৰ প’ৰ্ট ভিক্টৰিয়াত প্ৰৱেশ কৰিছে৷  আইএনএছ কেশৰীয়ে ছিছিলিছৰ লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধসমূহ বিতৰণ কৰাৰ সুবিধা প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

অপাৰেচন সমুদ্ৰ সেতু- আইএনএছ জলছে মালদ্বীপৰ পৰা টুটিকৰণলৈ কঢ়িয়াই আনিলে ৭০০ ভাৰতীয় নাগৰিকক

আইএনএছ জলছে অপাৰেচন সমুদ্ৰ সেতুৰ অধীনত ৭ জুন ২০২০ তাৰিখে মালদ্বীপৰ পৰা টুটিকৰণলৈ ৭০০ ভাৰতীয়ক আৱদ্ধ কঢ়িয়াই আনিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ সন্দৰ্ভত ডিএছটিয়ে মুকলি কৰিলে স্বাস্থ্য আৰু ক্ষতিশংকা যোগাযোগ কাৰ্য সম্পৰ্কীয় তথ্য পুস্তিকা

ডিএছটিৰ নেচনেল কাউন্সিল ফ’ৰ ছায়েন্স এণ্ড টেকন’ল’জী কমিউনিকেচনে (এনচিএছটিচি) ক’ভিড-১৯ৰ বাবে এক স্বাস্থ্য আৰু ক্ষতিশংকা যোগাযোগ কাৰ্য সম্বন্ধীয় তথ্য পুস্তিকা মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় বায়ু সেনা বাহিনীয়ে আচুতীয়া পৰিবহণৰ বাবে ডিজাইন আৰু বিকশিত কৰিলে এয়াৰবৰ্ন ৰেচকিউ পড (এআৰপিআইটি)

ভাৰতীয় বায়ু বাহিনীয়ে আচুতীয়া পৰিবহণৰ বাবে এয়াৰবৰ্ন ৰেচকিউ পড ডিজাইন আৰু বিকশিত কৰিছে৷  প্ৰধানমন্ত্ৰী মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ক সমৰ্থন প্ৰদান কৰি ভাৰতীয় বায়ু সেনা বাহিনীয়ে থলুৱা সামগ্ৰী নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

বৃহৎ পৰিসৰৰ  ঔদ্যোগিক নিৰ্মাণ আৰু ত্ৰিমাত্ৰিক এণ্টি মাইক্ৰ’বায়েল মুখাৱয়বৰ বাণিজ্যিকীকৰণৰ বাবে এনআইপিইআৰ গুৱাহাচী আৰু হিন্দুস্তান এণ্টিবায়’টিকছ লিমিটেডক মাজত সম্পন্ন কৰা হৈছে বুজাবুজিৰ চুক্তিপত্ৰ

গুৱাহাটীৰ এনআইপিইআৰ আৰু হিন্দুস্তান এণ্টিবায়’টিকছ লিমিটেডৰ মাজত ত্ৰিমাত্ৰিক এণ্টিমাইক্ৰ’বায়েল মুখাৱয়বৰ বাণিজ্যিকীকৰণৰ বাবে এক বুজাবুজিৰ চুক্তিপত্ৰ স্বাক্ষৰিত হৈছে৷

অধিক বিৱৰণৰ বাবে

পৰ্যটন মন্ত্ৰালয়ে ২৯তম দেখো আপনা দেশ ছিৰিজৰ অধীনত মধ্য প্ৰদেশৰ ভাৰ্চুৱেল ছাফাৰী অব্ দা ৱাইল্ড ৱণ্ডাৰ প্ৰস্তুত কৰিছে

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ  কেৰালাত আজি সন্ধিয়া এগৰাকী ৪৩ বৰ্ষীয় মহিলাৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে৷ ৰাজ্যখনত ১০৯৫ জন ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে৷
  • তামিলনাডুঃ ৰাজ্যখনত ৰোগীৰ সংখ্যা হ’ল ৩১৬৬৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪৩৯৬ জন, মৃত্যুৰ সংখ্যা ২৬৯ জন৷ মুকলি হৈছে ১৬৯৯৯ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৪৫২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩২৫৭ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৬১ জন৷ আৰোগ্য লাভ কৰিছে ২১৩২ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা ৩৮৪৩ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ১৩৮১ জন, আৰোগ্য লাভ কৰিছে ২৩৮৭ জনে, মৃত্যুৰ সংখ্যা হ’ল ৭৫ জন৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৬৫০ জন৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৫,৯৭৫ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৩,৫৯১ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০,০৭০ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫১৮৬ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,৬৯৬ জন৷ ইয়াৰে ৭৮১৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৪০১ জন, ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬৫৮ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০৭৩ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৩৪ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০০ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৩৫ জন৷
  • মণিপুৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫৭ জন৷
  • মিজোৰামঃ চৰকাৰে ৰাজ্যখনত গ্ৰহণ কৰিবলগীয়া পৰৱৰ্তী পদক্ষেপসমূহৰ বাবে বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থাৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে৷
  • নাগালেণ্ডঃ ৰাজ্যখনৰ বাহিৰত আৱদ্ধ হৈ থকা লোকৰ সাহায্যৰ বাবে চৰকাৰে ২৪ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিছে৷

 



(Release ID: 1630333) Visitor Counter : 237