মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

জন সজাগতাৰ উদ্দেশ্যে প্ৰণিত ‘ছে’ফ অনলাইন লাৰ্ণিং ইন দা টাইমছ অব ক’ভিড-১৯’ শীৰ্ষক পুস্তিকা উন্মোচন কৰিলে মানৱ সম্পদ উন্নয়ণ মন্ত্ৰীয়ে

নিৰাপদে থকাৰ দিহা-পৰামৰ্শৰে ছাত্ৰ-শিক্ষকৰ বাবে যুগুতোৱা পুস্তিকাখন প্ৰণয়ন কৰিছে ‘এনচিইআৰটি’ আৰু ‘ইউনেস্কো’ৰ দল্লীস্থ কাৰ্যালয়ে

Posted On: 05 JUN 2020 3:51PM by PIB Guwahati

ছাত্ৰ আৰু শিক্ষকসমাজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰণয়ন কৰা ছেফ অনলাইন লাৰ্ণিং ইন দা টাইমছ অব কভিড-১৯ শীৰ্ষক এখন পুস্তিকা আজি নতুন দিল্লীত আনুষ্ঠানিক ভাবে উন্মোচন কৰে মানৱ সম্পদ উন্নয়ণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ প্ৰোখ্ৰিয়েল নিশাংকয়ে। মহামাৰীৰ সংকটৰ  সময়ত নিৰাপদে থকাৰ দিহা-পৰামৰ্শৰে ছাত্ৰ-শিক্ষকৰ বাবে যুগুতোৱা  প্ৰত্ৰিকাখন প্ৰণয়ন কৰিছে এনচিইআৰটি আৰু ইউনেস্কোৰ দল্লীস্থ কাৰ্যালয়ে। পুস্তিকাখনত শিশু-কিশোৰসকলৰ লগতে যুৱক-যুৱতীসকলে অনলাইন ব্যৱস্থা ব্যৱহাৰ কৰাৰ সময়ত মানি চলিব লগা দিহা-পৰামৰ্শসমূহ সবিস্তাৰে আগবঢ়োৱাৰ ফলত পিতৃ-মাতৃ তথা শিক্ষকসকলে ইণ্টাৰনেট আদি কেনেকৈ নিৰাপদে ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে শিক্ষাদান কৰাত বিশেষভাবে সহায়ক হব বুলি আশা কৰা হৈছে।

পুস্তিকা উন্মোচনী সভাখনত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, শেহতীয়াভাবে কভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতিত দ্ৰুতগতিত বৃদ্ধি পোৱা অনলাইন আৰু দূৰ-শিক্ষাব্যৱস্থাৰ বহুল প্ৰচলনৰ সময়ত বহু ছাত্ৰ তথা শিক্ষকে পৰস্পৰে মিলি শিকি-মেলি লৈ অনলাইন প্লেটফৰ্মৰ সদ্ব্যৱহাৰত মনোনিৱেশ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলক অনলাইনৰে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত নিৰাপত্তাৰ নিশ্চয়তা প্ৰদানৰ দায়িত্ব স্বীকাৰ কৰিছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ লগতে এনচিইআৰটি-য়ে। যিসকলে চাইবাৰ-উপদ্ৰৱৰ সন্মুখীন হবলগীয়া হৈছে তেওঁলোকক এই সম্পৰ্কে তথ্য অৱগত কৰাৰ লগতে সহযোগিতা বিচাৰিবলৈও আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। ইফালে, এনচিইআৰটি আৰু ইউনেস্কো-য়ে যুটীয়া ভাবে পুস্তিকাখন যুগুতাই উলিওৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে শ্ৰী পেখ্ৰিয়ালে।

 

Click here to see PDF on Safe to learn in English

Click here to see PDF on Safe to learn in Hindi

*****

NB/AKJ/AK/OA/KB



(Release ID: 1629730) Visitor Counter : 270