পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

নগৰ বনাঞ্চল আঁচনিয়ে আগন্তুক পাঁচ বছৰত সমগ্ৰ দেশতে বিকশিত কৰিব ২০০খন ‘নগৰ বন’

নগৰৰ বনাঞ্চলে গাঁৱৰ পুৰণি পৰম্পৰাগত বনাঞ্চলৰ ধাৰণাক পুনঃপ্ৰতিষ্ঠাপিত কৰিবঃ শ্ৰী প্ৰকাশ জাভাড়েকাৰ

Posted On: 05 JUN 2020 1:27PM by PIB Guwahati

বিশ্ব পৰিবেশ দিৱস উপলক্ষে চৰকাৰে আজি আগন্তুক পাঁচ বছৰৰ ভিতৰত ২০০খন নগৰ বনাঞ্চল বিকশিত কৰি তোলাৰ বাবে নগৰ বন আঁচনিৰ বিষয়ে ঘোষণা কৰে৷ বিশ্ব পৰিবেশে দিৱস প্ৰতি বছৰে ৫ জুন তাৰিখে পালন কৰা হয়৷ এই বৰ্ষৰ বিষয়টো হ’ল ‘জৈৱ বৈচিত্ৰতা’৷ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে নগৰৰ বনাঞ্চল বিষয়ক বিশ্ব পৰিবেশ দিৱস এইবেলি ভাৰ্চুৱেল ধৰণে অনুষ্ঠিত কৰিছে৷ 

নগৰ বনাঞ্চল বিষয়ক ব্ৰাউজাৰ মুকলি কৰি তথা নগৰ বন আঁচনিৰ বিষয়ে ঘোষণা কৰে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে৷ এই সন্দৰ্ভত তেওঁ কয় যে এই বনাঞ্চলসমূহে চহৰৰ হাঁওফাঁওৰ দৰে কাম কৰিব আৰু ইয়াক চহৰৰ বন এলেকাসমূহত স্থাপন কৰা হ’ব৷ এই বৰ্ষৰ বিষয় ‘‘প্ৰকৃতিৰ বাবে সময়’’টোৰ সন্দৰ্ভত আলোকপাত কৰি শ্ৰী জাভাড়েকাৰে কয় যে ‘‘যদি আমি বন ৰক্ষা কৰো, বনেও আমাৰ ৰক্ষা কৰিব৷’’

পৰিবেশ দিৱস উদযাপনৰ সময়ছোৱাত প্ৰদৰ্শিত এখন তথ্যচিত্ৰত বন বিভাগৰ সৈতে পুনাইকাৰ আৰু স্থানীয় সংস্থাসমূহে ১৬.৮ হেক্টৰ পতিত ভূমি সেউজীয়া বনাঞ্চললৈ পৰিৱৰ্তিত কৰা দেখুওৱা হয়৷ আজি সেই বনাঞ্চল ২৩ বিধ উদ্ভিদ প্ৰজাতি, ২৯ বিধ চৰাইৰ প্ৰজাতি, ১৫টা পখিলাৰ প্ৰজাতি, ১০ বিধ সৰীসৃপ আৰু ৩ বিধ স্তন্যপায়ী প্ৰজাতিৰ সৈতে সমৃদ্ধ৷ এই নগৰ বনাঞ্চল প্ৰকল্পই এতিয়া পৰিস্থিতি সম্বন্ধীয় ভাৰসাম্য পৰিবেশগত তথা সামাজিক প্ৰয়োজনীয়তা অনুসৰি বৰ্তাই ৰখাত সহায় কৰিছে৷ এই ৱাৰ্জে নগৰ বনাঞ্চলে দেশৰ অন্য প্ৰান্তৰ বাবে এক আদৰ্শলৈ পৰিণত হৈছে৷

এই বৰ্ষৰ বিষয়বস্তু সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভাৰতত বিশ্বৰ ৮ শতাংশ জৈৱ বৈচিত্ৰ বিদ্যমান৷ এই বৃহৎ জৈৱ বৈচিত্ৰই ভাৰতৰ প্ৰকৃতি সজীৱ কৰি তুলিছে যি প্ৰকৃতিৰ সৈতে সংবদ্ধ হোৱাটো আৱশ্যক৷’’

ভাৰতীয় সংস্কৃতিক আলোকপাত কৰি শ্ৰী জাভাড়েকাৰে কয় যে ভাৰতেই একমাত্ৰ দেশ য’ত বৃক্ষক পুজা কৰা হয়, য’ত চৰাই আৰু সৰীসৃপক পুজা কৰা হয়৷ ভাৰতে প্ৰকৃতিক এই সন্মান প্ৰদৰ্শন কৰিছে৷ আমাৰ বহু বৰ্ষ পুৰণি গাঁৱৰ বনাঞ্চলৰ এক পৰম্পৰা আছে৷ নগৰৰ বনাঞ্চলৰ এই আচনিয়ে নগৰ অঞ্চলতো এই ব্যৱধান হ্ৰাস কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷   

অনুষ্ঠানত উপস্থিত থাকি  কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী বাবুল সুপ্ৰিঅ’ই বৃক্ষ পুলি ৰোপণ আৰু ভূমি সংৰক্ষণৰ বিষয়ে আলোকপাত কৰে৷ তেওঁ ভূমি স্খলন, জল সীমা হ্ৰাস আদি সমস্যাৰ বিষয়েও উল্লেখ কৰে৷

অনুষ্ঠানটোত ইউএনচিচিডিৰ কাৰ্যবাহী সঞ্চালক শ্ৰী ইব্ৰাহিম থিঅ’ আৰু ইউএনইপিৰ কাৰ্যবাহী সঞ্চালক শ্ৰীমতী ইংগাৰ এণ্ডাৰছনো উপস্থিত থাকে৷

উল্লেখ্য, পৰিবেশ মন্ত্ৰালয়, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০২০ বৰ্ষৰ বিশ্ব পৰিবেশ দিৱস উপলক্ষে নগৰ বনাঞ্চলৰ প্ৰসাৰণৰ দ্বাৰা জৈৱ বৈচিত্ৰতা সংৰক্ষণত গুৰুত্ব প্ৰদান কৰিছে৷

***

GK/MANN



(Release ID: 1629668) Visitor Counter : 255