প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-অষ্ট্ৰেলিয়াৰ নেতৃবৰ্গৰ ভাৰ্চুৱেল সন্মিলন

ভাৰত-অষ্ট্ৰেলিয়াৰ ভাৰ্চুৱেল সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ

Posted On: 04 JUN 2020 12:21PM by PIB Guwahati

মান্যবৰ, নমস্কাৰ,

সৰ্বপ্ৰথমে মই মোৰ লগতে সমগ্ৰ ভাৰতবাসীৰ হৈ অষ্ট্ৰেলিয়াত ক’ভিড-১৯ আক্ৰান্ত লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো৷ এই বিশ্ব মহামাৰীয়ে বিশ্বৰ সকলো ব্যৱস্থাতে প্ৰভাৱ পেলাইছে৷ আমাৰ এই ডিজিটেল স্বৰূপো এই ধৰণৰ প্ৰভাৱৰে এক উদাহৰণ৷

মান্যবৰ,

আপোনাৰ সৈতে ডিজিটেল মাধ্যমযোগে মিলিত হৈ মই আনন্দিত হৈছো যদিও অলপ নিৰাশ হৈছো, কিয়নো আমি আপোনাক ভাৰতত জাকজমকতাৰে আদৰণি জনোৱাৰ সুযোগ নাপালো৷ প্ৰথমে জানুৱাৰী আৰু পাছৰ মাহতো আমি আপোনাৰ ভাৰত ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছিলো, কিন্তু দূৰ্ভাগ্যশতঃ দুয়োবাৰেই ভ্ৰমণ বাতিল কৰিব লগাত পৰে৷ আমাৰ আজিৰ সাক্ষাতে আপোনাৰ ভাৰত ভ্ৰমণৰ স্থান ল’ব নোৱাৰে৷ এগৰাকী মিত্ৰ হোৱাৰ বাবে আপোনাৰ প্ৰতি মোৰ অনুৰোধ যে পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছত আপুনি শীঘ্ৰে সপৰিয়ালে ভাৰত ভ্ৰমণৰ পৰিকল্পনা কৰিব আৰু আমাৰ আতিথ্য স্বীকাৰ কৰিব৷

মান্যবৰ,

ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্ক বিস্তৃত হোৱাৰ সমান্তৰালভাৱে অধিক নিবিড়ো৷ এই নিবিড়তা আমাৰ মিলিত মূল্যবোধ, মিলিত আগ্ৰহ, মিলিত ভূগোল আৰু মিলিত উদ্দেশ্যসমূহৰ পৰা আহে৷ বিগত কেইটামান বছৰত আমাৰ সহযোগিতা আৰু সামঞ্জস্যই শুদ্ধ গতি লাভ কৰিছে৷ এয়া সৌভাগ্যৰ কথা যে আমাৰ সম্পৰ্কৰ এনাজৰীৰ এটা ফাল আপোনাৰ দৰে শক্তিশালী আৰু দূৰদৰ্শী নেতাৰ হাতত আছে৷ মই ভাৱো যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে এয়াই উপযুক্ত সুযোগ আমাৰ বন্ধুত্বকো আৰু অধিক শক্তিশালী কৰাৰ বাবে আমাৰ হাতত অসীম সম্ভাৱনা আছে৷ এই সম্ভাৱনাই লগতে প্ৰত্যাহ্বানো লৈ আহে৷ এই প্ৰত্যাহ্বানক কিদৰে সম্ভাৱনালৈ পৰিৱৰ্তন কৰিব পাৰি, যাতে দুয়োখন দেশৰ নাগৰিক, ব্যৱসায়ী, শৈক্ষিক, গৱেষক ইত্যাদিৰ মাজত যোগসুত্ৰ অধিক শক্তিশালী হয়৷ কেনেকৈ আমাৰ সম্পৰ্কৰ বাবে আৰু বিশ্বৰ বাবে এক সুস্থিৰতাৰ কাৰক হৈ পৰে, কেনেকৈ আমি একেলগ হৈ বিশ্বৰ ভালৰ বাবে কাম কৰিব পাৰো, এই সকলো ব্যৱস্থা চালি-জাৰি চোৱাৰ আৱশ্যকতা আছে৷

মান্যবৰ,

সমসায়িক বিশ্বত ইখনে সিখন দেশৰ প্ৰতি আশা আৰু আমাৰ নাগৰিকসকলৰ আমাৰ প্ৰতি আশা বৃদ্ধি পাইছে৷ গণতান্ত্ৰিক মূল্যবোধ শ্বেয়াৰ কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ দুয়ো দেশৰ কৰ্তব্য হ’ল যে এই আশাৰ ওপৰত থিয় দিও৷ সেইবাবে বিশ্ব কল্যানৰ মূল্যবোধ, যেনে গণতন্ত্ৰ, আইনৰ নিয়ম, স্বাধীনতা, পাৰস্পৰিক সন্মান, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সন্মান আৰু পাৰদৰ্শিতা আদি তুলি ধৰা, সুৰক্ষা দিয়াটো আমাৰ পবিত্ৰ দায়িত্ব৷ এয়া একপ্ৰকাৰৰ আমাৰ ভৱিষ্যতৰ ঐতিহ্য৷ আজি যিসময়ত পৃথকে এই মূল্যবোধক প্ৰত্যাহ্বান জনাইছো, সেইসময়ত আমাৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি এইবোৰো সবল কৰিব পাৰো৷

মান্যবৰ, অষ্ট্ৰেলিয়াৰ সৈতে আমাৰ সম্পৰ্কক ব্যাপক হাৰত ক্ষিপ্ৰতাৰে বৃদ্ধি কৰাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ৷ এয়া কেৱল আমাৰ দুখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু বিশ্বৰ বাবেও আৱশ্যক৷ মই সন্তুষ্ট হৈছো যে আমাৰ বিভিন্ন প্ৰতিষ্ঠাগত বৈঠকে আমাৰ সম্পৰ্কক আৰু অধিক সাৰপানী যোগাইছে৷ দুয়োখন দেশৰ মাজত ধাৰাবাহিক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ আছে৷ ব্যৱসায় আৰু বিনিয়োগো বৃদ্ধি পাই আছে৷ কিন্তু মই এইটো নকও যে মই এই গতিত সম্প্ৰসাৰণতে সন্তুষ্ট৷ যিসময়ত আপোনাৰ দৰে নেতা আমাৰ মিত্ৰ দেশৰ নেতৃত্ব প্ৰদান কৰি আছে, তেনে অৱস্থাত আমাৰ সম্পৰ্ক বিকশিত কৰাৰ মাপকাঠিও উচ্চাকাংক্ষী হোৱা উচিত৷ মই অতি সন্তুষ্ট যে আমি আমি নিজৰ দ্বিপাক্ষিক সম্পৰ্কক বিস্তৃত কৌশলগত সহযোগিতাৰ ৰূপত উন্নীত কৰিছো৷

বিশ্ব মহামাৰীৰ এই সময়ছোৱাত আমাৰ বিস্তৃত কৌশলগত সহযোগিতাৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হ’ব৷ বিশ্বক এই মহামাৰীৰ আৰ্থিক আৰু সামাজিক কুপ্ৰভাৱৰ পৰা শীঘ্ৰে মুক্ত কৰা বাবে এক সমন্বিত আৰু সহযোগিতামূলক দৃষ্টিভংগীৰ আৱশ্যক৷

আমাৰ চৰকাৰে এই সংকটক এক সূযোগ হিচাপে চোৱাৰ সিদ্ধান্ত লৈছে৷ ভাৰতত প্ৰায় সকলো ক্ষেত্ৰতে ব্যাপক সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ অতি শীঘ্ৰে তৃণমূল পৰ্যায়ত ইয়াৰ পৰিণাম পৰিলক্ষিত হ’ব৷ এই জটিল সময়ত আপুনি অষ্ট্ৰেলিয়াত ভাৰতীয় সমূদায়, বিশেষকৈ ভাৰতীয় শিক্ষাৰ্থীসকলৰ প্ৰতি যি ধ্যান দিছে, তাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জনাইছো৷

 

***

VRRK/SH/DB



(Release ID: 1629336) Visitor Counter : 186