বিত্ত মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ-বৰ্তমানলৈকে অগ্ৰগতিৰ খতিয়ান

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজৰ অধীনত প্ৰায় ৪২ কোটি দৰিদ্ৰ লোকে ৫৩,২৪৮ কোটি টকা বিত্তীয় সাহায্য লাভ কৰিছে

Posted On: 03 JUN 2020 9:09AM by PIB Guwahati

১.৭০লাখ কোটি টকীয়া প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজৰ অংশ হিচাপে চৰকাৰে মহিলা, দুখীয়া জ্যেষ্ঠ নাগৰিক আৰু কৃষকলৈ বিনামুলীয়া খাদ্য সামগ্ৰী আৰু নগদ ধন প্ৰদান কৰাৰ সন্দৰ্ভত ঘোষণা কৰে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে এই পেকেজৰ অতি খৰতকীয়াকৈ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নিৰন্তৰ নিৰীক্ষণ কৰিছে৷ প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ(পিএমজিকেপি)ৰ অধীনত বৰ্তমানলৈকে ৪২ কোটি দৰিদ্ৰ লোকে ৫৩,২৪৮ কোটি টকাৰ বিত্তীয় সাহায্য লাভ কৰিছে৷ এই পেকেজৰ অগ্ৰগতিৰ খতিয়ান নিম্লোলিখিত ধৰণৰঃ

পিএম-কিষাণৰ প্ৰথম কিস্তি হিচাপে .১৯ কোটি কৃষকক ১৬,৩৯৪ কোটি টকা প্ৰদান কৰা হৈছে৷

২০.০৫ কোটি(৯৮.৩৩%) গৰাকী জন ধন একাউণ্টধাৰী মহিলাক ১০,০২৯ কোটি টকা প্ৰদান কৰা হৈছে৷ দ্বিতীয় কিস্তিৰ বাবদ ২০.৬২(১০০%)গৰাকী জন ধন একাউণ্টধাৰীক ১০,৩১৫ কোটি টকা প্ৰদান কৰা হৈছে৷

.৮১ কোটি গৰাকী জ্যেষ্ঠ নাগৰিক, বিধবা আৰু দিব্যাংগ ব্যক্তিক ২,৮১৪.৫ কোটি টকা প্ৰদান কৰি হৈছে৷ এইসকলক হিতাধিকাৰীক দ্বিতীয় কিস্তিৰ ধনো প্ৰদান কৰা হৈছে৷

.৩ কোটি ভৱন আৰু নিৰ্মাণ শ্ৰমিকে ৪,৩১২.৮২ কোটি টকা আৰ্থিক সাহায্য লাভ কৰিছে৷

 

বৰ্তমানলৈকে দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এপ্ৰিল মাহৰ বাবে ১০১ লাখ মেট্ৰিক টন সামগ্ৰী সংগ্ৰহ কৰিছে৷ এই ৰাজ্যসমূহত ৭৩.৮৬ কোটি হিতাধিকাৰীক ৩৬.৯৩ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে৷ মে’ মাহত ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬৫.৮৬ কোটি হিতাধিকাৰীক ৩২.৯২ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ জুন মাহত ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭.১৬ কোটি হিতাধিকাৰীক ৩.৫৮ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৫.০৬ মেট্ৰিকটন মাহজাতীয় সামগ্ৰীও বিতৰণ কৰা হৈছে৷ ১৯.৪ লাখ হিতাধিকাৰীৰ ভিতৰত ১৭.৯ কোটি পৰিয়ালক মুঠ ১.৯১ লাখ মেট্ৰিক টন মাহজাতীয় শস্য  প্ৰদান কৰা হৈছে৷ ইফালে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৫.০৯ কোটি চিলিণ্ডাৰ বৰ্তমানলৈকে বুকিং কৰা হৈছে আৰু ইয়াৰে ৪.৮২ কোটি চিলিণ্ডাৰ ইতিমধ্যে বিতৰণ কৰা হৈছে৷

ইফালে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৮.৫৮ কোটি চিলিণ্ডাৰ বৰ্তমানলৈকে বুকিং কৰা হৈছে আৰু ইয়াৰে ৯.২৫ কোটি চিলিণ্ডাৰ ইতিমধ্যে বিতৰণ কৰা হৈছে৷

কৰ্মচাৰীৰ ভৱিষ্যনিধি পুঁজি সংস্থা (ইপিএফঅ’)ৰ ১৬.১ লাখ সদস্যই অপৰিশোধীয় আগতীয়া ধন ৪,৭২৫ কোটি টকা অলনাইনযোগে উঠাবলৈ সক্ষম হৈছে৷

০১-০৪-২০২০ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই হাৰ বৃদ্ধিৰ জাননী জাৰি কৰা হৈছে৷ চলিত বিত্তীয় বৰ্ষত ৪৮.১৩ কোটি ব্যক্তিৰ মানৱ দিন কাম সম্পন্ন কৰা হৈছে৷ তদুপৰি, পূৰ্বৰ বাকী থকা মজুৰি আৰু সামগ্ৰী প্ৰদানৰ বাবে ২৮,৭২৯ কোটি টকা মুকলি কৰা হৈছে৷

৫৯.২৩ লাখ কৰ্মচাৰীক ২৪% ইপিএফ বৰঙণি হিচাপে ৮৯৫.০৯ কোটি টকা হস্তান্তৰ কৰা হৈছে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ

প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ০২/০৬/২০২০ আৰ্থিক সাহায্য প্ৰধান পৰিমাণঃ

 

আঁচনি

হিতাধিকাৰীৰ সংখ্যা

ধনৰ পৰিমাণ

পিএমজেডিৱাই একাউণ্টধাৰী মহিলালৈ সাহায্য

প্ৰথম কিস্তি - ২০.০৫ কোটি(৯৮.%)

দ্বিতীয় কিস্তি২০.৬৩ কোটি

প্ৰথম কিস্তি - ১০০২৯ কোটি

দ্বিতীয় কিস্তি১০৩১৫ কোটি

এনএছএপি হিতাধিকাৰী(বিধৱা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ)লৈ সাহায্য

.৮১ কোটি (১০০%)

প্ৰথম কিস্তি - ১৪০৭ কোটি

দ্বিতীয় কিস্তি১৪০৭ কোটি

পিএম-কিষাণ অধীনত কৃষকলৈ ধন

.১৯ কোটি

১৬৩৯৪ কোটি

ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকলৈ সহায়

. কোটি

৪৩১৩ কোটি

২৪% ইপিএফঅ’ বৰঙণি

.৫৯ কোটি

৮৯৫ কোটি

উজ্জ্বালা

প্ৰথম কিস্তি.৪৮

দ্বিতীয় কিস্তি.৪৮

৮৪৮৮ কোটি

সৰ্বমুঠ

৪২কোটি

৫৩,২৪৮ কোটি

 

RM/KMN/DB



(Release ID: 1629019) Visitor Counter : 288