গৃহ মন্ত্ৰালয়

বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকল আৰু জৰুৰীকালীন পৰিস্থিতি সাপেক্ষে বিদেশলৈ যাব খোজা যিসকল লোক ভাৰতত আৱদ্ধ হৈ আছে, তেওঁলোকৰ চলাচলৰ বাবে এছঅ’পি মুকলি কৰিলে গৃহ মন্ত্ৰালয়ে

Posted On: 24 MAY 2020 8:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকল তথা যিসকল লোক ভাৰতত আৱদ্ধ হৈ আছে আৰু জৰুৰীকালীনভাৱে বিদেশলৈ যাব বিচাৰে, তেওঁলোকৰ বাবে এছঅ’পি মুকলি কৰিছে৷ এই জাননী ০৫.০৫.২০২০ তাৰিখে গৃহ মন্ত্ৰালয়ে জাৰি কৰা জাননীক প্ৰতিষ্ঠাপন কৰিছে৷ এই এছঅ’পি যিসকল যাত্ৰী বিদেশৰ পৰা স্থল সীমাৰে উভতি আহি আছে তেওঁলোকৰ বাবেও প্ৰযোজ্য হ’ব৷

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ আন্তৰ্জাতিক ভ্ৰমণ লকডাউনৰ বাবে স্তব্ধ হৈ আছে৷ উপলব্ধ তথ্য অনুসৰি বহু ভাৰতীয় নাগৰিকে লকডাউনৰ পূৰ্বে বিভিন্ন দেশলৈ যাত্ৰা কৰিছে আৰু তাতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে৷ বিদেশত দীৰ্ঘদিন থাকিবলগীয়া হোৱাত তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে আৰু সেয়ে তেওঁলোকে অনতিপলমে স্বদেশলৈ ঘূৰি আহিবলৈ বিচাৰিছে৷ তাৰোপৰি এনে বহু পৰিঘটনা আছে য’ত বহু ভাৰতীয় নাগৰিকে আত্মীয়জনৰ মৃত্যুত অথবা চিকিৎসাজনিত কাৰণত  স্বদেশলৈ ঘূৰি আহিবলৈ বিচাৰিছে৷ আনহাতে এনে বহু লোক ভাৰতত আৱদ্ধ হৈ আছে যিয়ে জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন উদ্দেশ্যলৈ বিদেশলৈ যাবলগীয়া আছে৷

বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলৰ ক্ষেত্ৰত, যিসকলে হতাশাত সময় পাৰ কৰিবলগীয়া হৈছে, প্ৰব্ৰজিত শ্ৰমিকসকলকে ধৰি হ্ৰস্বকালীন ভিছাৰ গৰাকীসকল, জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন থকা ব্যক্তি, গৰ্ভৱতী মহিলা, বৃদ্ধ, পৰিয়ালৰ লোক ঢুকুৱা আদি লোকসকলক অগ্ৰাধিকাৰ দিয়া হ’ব৷ এনে ব্যক্তিসকলে যি দেশত আৱদ্ধ হৈ আছে, সেই দেশৰ ভাৰতীয় দূতাৱাসত নিজকে পঞ্জীয়ন কৰাব লাগিব৷ তেওঁলোকে ভাৰতলৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত অনুসূচীতবিহীন বিমান; মিলিটেৰী পৰিক্ৰমা বিভাগ/জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত জাহাজেৰে স্বদেশলৈ উভতি আহিব পাৰিব৷ তাৰোপৰি ৰোগৰ বিলক্ষণযুক্ত লোকেহে ভাৰতলৈ উভতি আহিব পাৰিব৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা কোৱাৰেণ্টাই ব্যৱস্থাপনাকে ধৰি আন্তৰ্জাতিক আগমনৰ নিৰ্দেশনাৱলী গৃহ মন্ত্ৰালয়ৰ এছঅ’পিত সংলগ্ন কৰি দিয়া হৈছে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাৱলী অনুসৰি যাত্ৰাৰ পূৰ্বে যাত্ৰীসকলে  স্বয়ং পৰিশোধ কৰা ৭ দিন আনুষ্ঠানিক কোৱাৰেণ্টাইন আৰু ৭ দিন ঘৰতে আচুতীয়াকৈ থকাকে ধৰি মুঠ ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইন পালন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব৷  

ভাৰতত আৱদ্ধ হৈ থকা আৰু বিদেশলৈ যাব বিচৰাসকলৰ বাবে, তেওঁলোকে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় অথবা মন্ত্ৰালয়ৰ অনুমোদিত যিকোনো এজেন্সীত আৱশ্যকীয় বিৱৰণ প্ৰদান কৰি আবেদন কৰিব লাগিব৷ ভাৰতৰ পৰা মন্ত্ৰালয়ৰ অনুমোদিত অনুসূচীতবিহীন বাণিজ্যিক বিমানেৰে তেওঁলোকক বিদেশলৈ লৈ যোৱা হ’ব৷ যাত্ৰীসকলে নিজৰ ভাড়া নিজে বহন কৰিব লাগিব৷

লক্ষ্যস্থানৰ দেশসমূহলৈ যাত্ৰা তেতিয়াহে অনুমোদিত হ’ব যদি ব্যক্তিজন সেই দেশৰ নাগৰিক হয়; অতিকমেও এবছৰৰ বাবে ভিছা থাকিব লাগিব; আৰু গ্ৰীণ কাৰ্ড অথবা অ’চিআই কাৰ্ড থাকিব লাগিব৷  জৰুৰীকালীন চিকিৎসা অথবা পৰিয়ালৰ কোনো লোকৰ মৃত্যুৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিকৰ ছমাহৰ ভিছা থাকিলেও হ’ব৷ যাত্ৰাৰ পূৰ্বে নিৰ্ধাৰিত দেশখনে সেই যাত্ৰীজনক তেওঁলোকৰ দেশত প্ৰৱেশৰ অনুমতি দিয়াটোৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে নিশ্চিত হৈ ল’ব৷

কেৱল ৰোগৰ বিলক্ষণযুক্ত লোককহে ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰা হ’ব৷

এছঅ’পি নথি আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাৱলী চাবলৈ ইয়াত ক্লিক কৰক

 

*****

VG/SNC/VM/MANN



(Release ID: 1626671) Visitor Counter : 344