পোষ্ট কৰা হৈছে:
23 MAY 2020 4:35PM by PIB Guwahati
দেশে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে ভাৰতীয় ৰে’লৱেই এই সংকটকালত বেয়াকৈ ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়াৰ ক্ষেত্ৰত কোনো ত্ৰুটি ৰখা নাই৷ ৰে’লৱেই ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰাখি প্ৰব্ৰজিত শ্ৰমিকসকলক তেওঁলোকৰ গৃহৰাজ্যত উপনীত হোৱাত সহায় কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ৰে’ল মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহৰ প্ৰয়োজনৰ ভিত্তিত সমগ্ৰ দেশত অহা ১০ দিনত ২,৬০০ বিশেষ ৰে’ল চলাচলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই প্ৰচেষ্টাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ৩৬ লাখ প্ৰব্ৰজিত লোক উপকৃত হ’ব৷
উল্লেখ্য যে লকডাউনৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিৰ বাবে ভাৰতীয় ৰে’লৱে ২০২০ৰ ১ মে’ৰ পৰা ‘শ্ৰমিক বিশেষ’ ৰে’ল চলোৱা আৰম্ভ কৰে৷ এই ৰে’লসমূহ প্ৰেৰক আৰু গ্ৰহণ কৰোতা ৰাজ্যসমূহৰ অনুৰোধৰ ভিত্তিত মানসম্পন্ন প্ৰ’ট’কল মানি চলোৱা হৈছে৷ এই ‘শ্ৰমিক বিশেষ’ ৰে’লসমূহ সুন্দৰভাৱে চলাচলৰ বাবে ৰে’লৱে আৰু ৰাজ্য চৰকাৰে একাংশ জ্যেষ্ঠ বিষয়াক সমন্বয়ৰক্ষী বিষয়া হিচাপে নিয়োগ কৰিছে৷
ভাৰতীয় ৰে’লৱেই বিগত ২৩ দিনত ২,৬০০ শ্ৰমিক বিশেষ ৰে’ল চলাচল কৰাইছে। বৰ্তমানলৈকে প্ৰায় ৩৬ লাখ আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকক তেওঁলোকৰ গৃহৰাজ্যলৈ পৰিবহণ কৰা হৈছে৷
শ্ৰমিক বিশেষ ৰে’লৰ উপৰি ৰে’ল মন্ত্ৰালয়ে ১২ মে’, ২০২০ৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৫ যোৰা বিশেষ ৰে’লৰ চলাচল আৰম্ভ কৰাৰ লগতে অহা ১ জুন, ২০২০ৰ পৰা ২০০ ৰে’ল সেৱা আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে৷
****
DJN/MKV/DB