PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 22 MAY 2020 6:49PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্য, আৰোগ্যৰ হাৰ ৪০.৯৮%

কালিৰে পৰা ভাৰতত ৬০৮৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১৮,৪৪৭ জন৷ চিকিৎসাধীন অৱস্থাত আছে ৬৬,৩৩০ জন৷ আৰোগ্য লাভ কৰিছে ৪৮,৫৩৩ জনে৷ বিগত ২৪ ঘণ্টাত ৩২৩৪ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪০.৯৮%৷

অধিক বিৱৰণৰ বাবে

দেশৰ বিভিন্ন প্ৰান্তত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ তথ্য লাভ কৰা হৈছে

ক’ভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ সকলো নিৰ্দেশনা কঠোৰভাৱে ৰূপায়ণ কৰাটো অতি আৱশ্যক৷ কিন্তু দেশৰ বিভিন্ন প্ৰান্তত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ তথ্য লাভ কৰা হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ মন্ত্ৰালয় নিৰ্দেশনা কঠোৰভাৱে ৰূপায়ণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰশাসনক এইটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

দেশৰ বিভিন্ন প্ৰান্তত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ তথ্য লাভ কৰা হৈছে

’ভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ সকলো নিৰ্দেশনা কঠোৰভাৱে ৰূপায়ণ কৰাটো অতি আৱশ্যক৷ কিন্তু দেশৰ বিভিন্ন প্ৰান্তত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ তথ্য লাভ কৰা হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ মন্ত্ৰালয় নিৰ্দেশনা কঠোৰভাৱে ৰূপায়ণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰশাসনক এইটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

আৰবিআইয়ে দেশৰ অৰ্থনীতি সুদৃঢ় কৰিবলৈ ৯টা অতিৰিক্ত পদক্ষেপৰ বিষয়ে ঘোষণা কৰে, সুতৰ হাৰ কৰ্তন

আৰবিআইৰ গৱৰ্ণৰ শচীকান্ত দাসে আজি ক’ভিড-১৯ৰ ফলত দেশৰ ভংগুৰ অৰ্থনীতি সুদৃঢ় কৰিবলৈ ৯টা বিশেষ পদক্ষেপৰ বিষয়ে ঘোষণা কৰে৷

অধিক বিৱৰণৰ বাবে

১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা জাৰি কৰা হৈছে মুঠ ২৬,২৪২ কোটি টকা

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (চিবিডিটি) ১৬,৮৪,২৯৮ মূল্যায়নকাৰীলৈ ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা ২১ মে’ ২০২০ তাৰিখলৈ ২৬,২৪২ কোটি টকাৰ কৰ ৰিফাণ্ড জাৰি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰে’লৱেয়ে সাধাৰণ সেৱা কেন্দ্ৰ (চিএছচি) আৰু এজেণ্টসমূহৰ জৰিয়তে সংৰক্ষণ কাউণ্টাৰ আৰু বুকিং পুনৰ মুকলি কৰাৰ সেউজ সংকেত প্ৰদৰ্শিত কৰিছে

ভাৰতীয় ৰে’লৱেয়ে পৰ্যায়ক্ৰমে সংৰক্ষিত টিকেটৰ বুকিঙৰ বাবে সংৰক্ষণ কাউণ্টাৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই ক্ষেত্ৰত মাণ্ডলিক ৰে’লৱেসমূহক স্থানীয় প্ৰয়োজনীয়তা অনুসৰি নিৰ্দেশনা প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

আৰপিএফয়ে ৰাষ্ট্ৰজুৰি টিকেট দালালিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰিছে

ভাৰতীয় ৰে’লৱেয়ে ১২ মে’ ২০২০ তাৰিখৰ পৰা ৩০ খন বাতানুকূল বিশেষ ৰে’ল আৰু ১ জুন ২০২০ তাৰিখৰ পৰা ২০০ খন অতিৰিক্ত ৰে’ল চলাবলৈ আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে ই-টিকেটিঙৰ দালালিৰ বিভিন্ন অভিযোগ উত্থাপিত হৈছে৷ এই পৰিপ্ৰেক্ষিতত আৰপিএফে  ৰাষ্ট্ৰজুৰি এনে ধৰণৰ কাৰ্যকলাপ চিনাক্ত কৰিবলৈ প্ৰয়াস আৰম্ভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

পাইপলাইন প্ৰকল্পসমূহৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণ বাস্তৱায়িত কৰাত গুৰুত্ব প্ৰদান শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বৃহস্পতিবাৰে প্ৰায় ৮০০০ কোটি টকাৰ পাইপলাইনৰ প্ৰকল্পসমূহৰ কামৰ খতিয়ান লয় আৰু এই প্ৰকল্পসমূহ সম্পূৰ্ণ থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰাত গুৰুত্ব নিৱেশ কৰে৷

অধিক বিৱৰণৰ বাবে

আম্ফন ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

অধিক বিৱৰণৰ বাবে

পৃথিৱীবাসীক জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত যুগসিদ্ধ উত্তম অনুশীলন আৰু অভিজ্ঞতা বিতৰণ কৰিব ভাৰতে : কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী

অনলাইন ব্যৱস্থাৰে উদযাপন কৰা ‘আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস’ত আজি কেন্দ্ৰীয় পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগ’ৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সম্পৰ্কীয় ৫খন আঁচনিৰ শুভাৰম্ভ কৰে।২০২০বৰ্ষটোক ‘ছুপাৰ ইয়াৰ ফৰ বায়’ডাইভাৰ্ছিটী’ বুলিও গণ্য কৰা হৈছে, কিয়নো জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যে ‘Aichi targets’ হিচাপে অভিহিত কৰা ২০টা লক্ষ্যত উপনীত হ’বলৈ ৰণকৌশল যুগুতোৱাৰ বাবে ২০১০চনতে গ্ৰহণ কৰা সিদ্ধান্তৰ দহবছৰীয়া সময়সীমা চলিত বৰ্ষতে সামৰণি পৰাৰ লগতে সকলো দেশে একত্ৰিত হৈ ‘পোষ্ট-২০২০ গ্লোবেল বায়’ডাইভাৰ্ছিটী ফ্ৰেমৱৰ্ক’ প্ৰস্তুত কৰাৰ বাবে সাজু হৈছে। বিশ্ব জোৰা এই উদ্যোগক আদৰণি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, ‘জৈৱ বৈচিত্ৰ্যৰ সামগ্ৰীক প্ৰেক্ষাপটৰ উত্তৰণ ঘটোৱাৰ বাবে প্ৰয়াস কৰিব বিচৰা দেশসমূহক, বিশাল জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ দেশ হিচাপে ভাৰতে আদৰণি জনাইছে আৰু আমি আহৰণ কৰা যুগসিদ্ধ উত্তম অনুশীলন আৰু অভিজ্ঞতাসমূহ তেওঁলোকৰ সৈতে ভাগ-বাটোৱাৰা কৰিবলৈ সাজু আছো’। প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে, পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থতে উপভোগৰ মাত্ৰা সীমিত কৰাত গুৰুত্ব প্ৰদান কৰি এক বহনক্ষম জীৱনচৰ্যাক আদৰি লবলৈ আহ্বান জনায়।

অধিক বিৱৰণৰ বাবে

ৰাজ্যসমূহে হিতাধিকাৰীসকলৰ মাজত খাদ্যান্ন বিতৰণত নিশ্চিতি প্ৰদান কৰিব লাগে যাতে কোনো লোক ভোকত থাকিবলগীয়া নহয়ঃ শ্ৰী ৰামবিলাস পাছোৱান

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰামবিলাস পাছোৱানে ৰাজ্যিক খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী তথা খাদ্য সচিবসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হৈ তেওঁলোকক হিতাধিকাৰীসকলে খাদ্যান্ন লাভ কৰিছে নে নাই সেই সন্দৰ্ভত নিশ্চিতি প্ৰদান কৰিবলৈ জনায়৷

অধিক বিৱৰণৰ বাবে

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ডাঃ হৰ্ষ ৱৰ্ধন

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধন ২০২০-২১ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষৰ পদলৈ নিৰ্বাচিত হৈছে৷  অধ্যক্ষৰ পদত আসীন হৈ ডাঃ হৰ্ষ ৱৰ্ধনে ক’ভিড-১৯ মহামাৰীত প্ৰাণ হেৰুওৱা লক্ষাধিক লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

অধিক বিৱৰণৰ বাবে

উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ অৰ্থনৈতিক ব্যৱহাৰ্যতা অধিক গুৰুত্বপূৰ্ণ- শ্ৰী নীতিন গাডকাৰী

শ্ৰী নীতিন গাডকাৰীয়ে কয় যে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ অৰ্থনৈতিক ব্যৱহাৰ্যতা অধিক গুৰুত্বপূৰ্ণ৷ এই প্ৰতিষ্ঠানসমূহে  গুণগতমানৰ হেৰফেৰ নোহোৱাকৈ পৰিচালন ব্যয় হ্ৰাস কৰিবলৈ চেষ্টা কৰাটো আৱশ্যক৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে জম্মু-কাশ্মীৰত ক’ৰোনাৰ নমুনা পৰীক্ষণৰ প্ৰক্ৰিয়া দ্ৰুত কৰা সন্দৰ্ভত আলোচনা কৰে

জম্মু-কাশ্মীৰৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ হোৱা আলোচনাৰ অন্তত ড জিতেন্দ্ৰ সিঙে অঞ্চলটোত জনসাধাৰণৰ নমুনাৰ পৰীক্ষণৰ প্ৰক্ৰিয়া দ্ৰুত কৰাৰ প্ৰয়োজনীয়া সম্পৰ্কে উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ফাৰ্মাচিউটিকেল আৰু চিকিৎসা সামগ্ৰীৰ উদ্যোগত বিনিয়োগ কৰিবলৈ জাপানৰ উদ্যোগসমূহক আমন্ত্ৰণ জনোৱা হৈছে

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ ৰোগী চিনাক্ত কৰিবৰ বাবে আৰ এন এ পৃথকীকৰণ সঁজুলি আগাপ্পে চিত্ৰা মেগনা বাণিজ্যিকভাৱে মুকলি

নিটি আয়োগৰ সদস্য তথা শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজি প্ৰতিষ্ঠানৰ অধ্যক্ষ ড০ ভি কে সাৰস্বতে আজি এক ভিডিঅ’ কনফাৰেন্সযোগে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিৱ অধ্যাপক আশুতোষ শৰ্মা, শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল চায়েন্স এণ্ড টেক্নলজিৰ সঞ্চালক ড০ আশা কিশোৰ, প্ৰতিষ্ঠানটোৰ জৈৱ-চিকিৎসা আৰু প্ৰযুক্তি বিভাগৰ মূৰব্বী ড০ এইচ কে বৰ্মাৰ উপস্থিতিত ক’ভিড-১৯ ৰোগী চিনাক্ত কৰিবৰ বাবে আৰ এন এ পৃথকীকৰণ সঁজুলি আগাপ্পে চিত্ৰা মেগনা বাণিজ্যিকভাৱে মুকলি কৰা বুলি ঘোষণা কৰে।

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ ২,৩৪৫জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৪১,৬৪২ জনলৈ বৃদ্ধি পাইছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা ২৮,৪৫৪ জন৷ ১১,৭২৬ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১২,৯১০ জন৷  মৃত্যুৰ সংখ্যা ৭৭৩ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৬,৩৭৭ জন৷ আৰোগ্য লাভ কৰিছে ৩৫৬২ জনে৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৮১লৈ বৃদ্ধি পাইছে৷
  • চট্টিশগড়ঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১৩২ জন৷
  • চণ্ডীগড়ঃ নিয়ন্ত্ৰিত এলেকাসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰা হৈছে বুলি জিলা উপাযুক্ত, চণ্ডীগড় প্ৰশাসনে জানিবলৈ দিয়ে৷
  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ পাঞ্জাৱ চৰকাৰে প্ৰায় ২২০০০ কৰ্মচাৰীক বিভিন্ন দায়িত্বৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে৷
  • হাৰিয়ানাঃ মহিলা আৰু শিশু বিকাশ বিভাগে ৮২টা শিশু সুৰক্ষা প্ৰতিষ্ঠানত থকা প্ৰায় ২৩৭৫ শিশুক ক’ভিড-১৯ৰ মাজত ক’ভিড-১৯ৰ বিষয়ে সজাগতা সৃষ্টি কৰি বিভিন্ন গঠনমূলক কৰ্মত নিয়োজিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷
  • কেৰালাঃ কেৰালা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনত ক’ভিড-১৯ৰ পৰ্যৱেক্ষণ অধিক কঠোৰ কৰি তোলা হ’ব৷
  • তামিলনাডু আৰু পুডুচেৰীঃ পুডুচেৰীত ১৯ জনলৈ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ সমগ্ৰ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৩,৯৬৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭৫৮৮ জন, মৃত্যু ৯৪, মুকলি কৰি দিয়া হৈছে ৬২৮২ জনক৷
  • কৰ্ণাটকঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৭১০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১০৮০ আৰু আৰোগ্য লাভ কৰিছে ৫৮৮ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২৫১৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭২৮ জন৷ আৰোগ্য লাভ কৰিছে ১৭৩১ জনে, মৃত্যু হৈছে ৫৫ জনৰ৷
  • তেলেংগানাঃ তেলেংগানাত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১৬৯৯ জন৷
  • অৰুণাচল প্ৰদেশঃ এপ্ৰিল ২০২০ৰ পৰা ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডে মুঠ ৪৪২০৯টা বিনামূলীয়া এলপিজি চিলিণ্ডাৰ ৰাজ্যখনত বিতৰণ কৰিছে৷
  • অসমঃ অসমত তেজপুৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ ছয়জন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু ধৰা পৰিছে৷ এই পৰ্যন্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২২২ জন, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে কয়৷
  • মণিপুৰঃ দিল্লীৰ পৰা স্থলপথেৰে উভতি অহা এজন ৰোগীৰ দেহত ক’ভিড-১৯ৰ বীজাণু ধৰা পৰিছে৷ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪ জন৷
  • মিজোৰামঃ ক’ভিড-১৯ৰ  বিৰুদ্ধে যুঁজিবলৈ সঁজুলিসমূহ আজি আইজলৰ লেংপুই বিমানবন্দৰ আহি পাইছে৷
  • নাগালেণ্ডঃ বহিঃ ৰাজ্যত আৱদ্ধ হৈ থকা প্ৰায় ১০০ জন লোক ৰাজ্যত উপস্থিত হৈছে৷ তেওঁলোকক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে৷
  • ছিক্কিমঃ আগন্তুক ৩-৪ দিনৰ ভিতৰত প্ৰায় ৩০০০ ছিক্কিমৰ লোক বহিঃৰাজ্যৰ পৰা ঘূৰি আহিবলগীয়া পৰিপ্ৰেক্ষিতত কোৱাৰেণ্টাই কেন্দ্ৰ আৰু নিৰীক্ষণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷

পিআইবি ফেক্ট চেক



(Release ID: 1626223) Visitor Counter : 201