তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কমিউনিটী ৰেডিঅ’ত বিজ্ঞাপন সম্প্ৰচাৰৰ সময় প্ৰতি ঘণ্টাত ১২ মিনিটলৈ বৃদ্ধি কৰাৰ বাবে আলোচনা চলি আছেঃ শ্ৰী প্ৰকাশ জাভাড়েকাৰ

কমিউনিটী ৰেডিঅ’ত নিউজ বুলেটিন সম্প্ৰচাৰৰ প্ৰস্তাৱ বিবেচনা কৰা হ’ব; কমিউনিটী ৰেডিঅ’ৰ সংখ্যাও বৃদ্ধি কৰাৰ পৰিকল্পনা শীঘ্ৰেই কৰা হ’বঃ শ্ৰী জাভাড়েকাৰ

Posted On: 22 MAY 2020 7:44PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে আজি কমিউনিটী ৰেডিঅ’ত বিজ্ঞাপন প্ৰচাৰৰ সময়  প্ৰতিঘণ্টাত ৭ মিনিটৰ পৰা টিভি চেনেলসমূহৰ দৰে প্ৰতিঘণ্টাত  ১২ মিনিটলৈ বৃদ্ধি কৰাৰ বাবে আগ্ৰহী বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে আজি সমকালীন সম্প্ৰচাৰৰ জৰিয়তে দেশৰ সকলো কমিউনিটী ৰেডিঅ’ৰ শ্ৰোতাসকলক একেসময়তে সম্বোধন কৰে৷ এই অনুষ্ঠান আজি সন্ধিয়া ৭ বজাৰ পৰা ৭.৩০ বজালৈ দুটা শ্ল’টত সম্প্ৰচাৰিত হয়

শ্ৰী জাভাড়েকাৰে কয় যে কমিউনিটী ৰেডিঅ’ ষ্টেচন স্থাপনৰ ব্যয়ৰ ৭৫% মন্ত্ৰালয়ে বহন কৰে যি এক বৃহৎ অংশক সামৰি লয়, দৈনিক ব্যয়সমূহ ষ্টেচনসমূহে নিজে বহন কৰে  মন্ত্ৰীগৰাকীয়ে কয় যে কমিউনিটী ৰেডিঅ’ ষ্টেচনসমূহে প্ৰতি ঘণ্টাত ৭ মিনিটকৈহে বিজ্ঞাপন সম্প্ৰচাৰৰ সময় লাভ কৰে কিন্তু টিভিৰ চেনেলসমূহৰ বাবে এই সময় হ’ল প্ৰতি ঘণ্টাত ১২ মিনিট। তেওঁ কয় যে তেওঁ সকলো ৰেডিঅ’ ষ্টেচনক সম পৰিমাণৰ বিজ্ঞাপন প্ৰচাৰৰ সময় প্ৰদান কৰাৰ বাবে আগ্ৰহী যাতে তেওঁলোকে পুঁজিৰ বাবে চিন্তা  কৰিবলগীয়া নহয় তথা স্থানীয় বিজ্ঞাপনসমূহো সম্প্ৰচাৰ কৰিব পাৰে৷

 মন্ত্ৰীগৰাকীয়ে কয় যে কমিউনিটী ৰেডিঅ’ স্বয়ং এক সমাজৰ দৰে। তেওঁলোকক ‘পৰিৱৰ্তনৰ এজেণ্ট’ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ষ্টেচনসমূহে প্ৰতিদিনে লক্ষাধিক লোকক স্পৰ্শ কৰিবলৈ সক্ষম হয় আৰু সেয়ে মন্ত্ৰালয়ে এই ষ্টেচনসমূহৰ সংখ্যা বৃদ্ধি কৰিবলৈ অতি সোনকালে  পৰিকল্পনা গ্ৰহণ কৰিব

মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিবলৈ আহ্বান জনাই কয় যে , আন ৰোগসমূহৰ দৰে আমি এই ৰোগকো প্ৰতিহত কৰিবলৈ সক্ষম তেওঁ ঘৰতে থকা, সঘনাই হাত ধোৱা, ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা আৰু সামাজিক ব্যৱধান বৰ্তাই ৰখাৰ বিষয়েও উল্লেখ কৰে৷

সামাজিক ব্যৱধান আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ মাজত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ   সংকট সন্দৰ্ভত মন্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ‘জান ভি জাহান ভি’ এই মন্ত্ৰষাৰ উল্লেখ কৰে৷ তেওঁ কয় যে নিয়ন্ত্ৰিত এলেকাসমূহত নিষেধাজ্ঞা বাহাল থাকিলেও গ্ৰীণ জ’নত অৰ্থনৈতিক গতিবিধি ইতিমধ্যেই আৰম্ভ হৈছে৷

কমিউনিটী ৰেডিঅ’ ষ্টেচনসমূহত বাতৰি সম্প্ৰচাৰৰ গুৰুত্ব সম্পৰ্কে উল্লেখ  কৰি মন্ত্ৰীগৰাকীয়ে  এফ এম চেনেল সমূহৰ দৰে কমিউনিটি ৰেডিঅতো বাতৰি সম্প্ৰচাৰৰ অনুমতি দিয়াৰ বিষয়টো বিবেচনা কৰা হব বুলি নিশ্চিত প্ৰদান কৰে তেঁও এই মাধ্যমক  ভুৱা বাতৰিসমূহ প্ৰচাৰ ৰোধ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায় ৷ তেওঁ ষ্টেচনসমূহক এই বাতৰিসমূহ অল ইণ্ডিয়া ৰেডিঅ’ৰ সৈতেও বিনিময় কৰিবলৈ অনুৰোধ জনায় যাতে বাতৰি প্ৰসাৰ বৃদ্ধি হয়৷  তেওঁ ইতিমধ্যে মন্ত্ৰালয়ে পিআইবি ফেক্ট চেক শীৰ্ষক এক গোট গঠন কৰা বুলি জানিবলৈ দিয়ে আৰু কমিউনিটী ৰেডিঅ’ইও এনে ধৰণৰ ফেক্ট চেক চেলৰ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে৷

শেহতীয়াকৈ ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত পেকেজৰ বিষয়ে উল্লেখ কৰি শ্ৰী জাভাড়েকাৰে কয় যে এই ব্যাপক পেকেজটোত কৃষিখণ্ডৰ পৰা আৰম্ভ কৰি উদ্যোগ খণ্ডলৈ বিভিন্ন সংস্কাৰমূলক পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে৷  এই পেকেজটোৱে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে৷

পৃষ্ঠভূমিঃ

  • কমিউনিটী ৰেডিঅ’ হ’ল অল ইণ্ডিয়া ৰেডিঅ’ আৰু ব্যক্তিগত ৰেডিঅ’ সম্প্ৰচাৰক (এফএম)ৰ সৈতে তৃতীয় টায়াৰৰ ৰেডিঅ’ সম্প্ৰচাৰক৷ এয়া হ’ল নিম্ন শক্তিসম্পন্ন এফএম ৰেডিঅ’ ষ্টেচন য’ত স্থানীয় খবৰসমূহ সম্প্ৰচাৰ হয় আৰু ইয়াৰ পৰিচালনা সমাজৰ গোটভেদে সম্পন্ন হয়৷ ইয়াৰ পৰিধি হ’ল ১০-১৫ কিলোমিটাৰ৷
  • ভাৰতত কমিউনিটী ৰেডিঅ’সমূহ ২০০২ চনত কমিউনিটী ৰেডিঅ’ৰ বাবে অধিসূচীত হোৱা প্ৰথম নীতিৰ পিছত মুকলি কৰা হৈছিল৷ এই নীতি অনুসৰি কেৱল শৈক্ষিক প্ৰতিষ্ঠানত কমিউনিটী ৰেডিঅ’সমূহ স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল৷ এই নীতি ২০০৬ চনত অধিকভাৱে সম্প্ৰসাৰিত হৈছিল যেতিয়া এনজিঅ’, কেভিকে আৰু অন্যান্য বেচৰকাৰী সংস্থাসমূহকো ভাৰতত কমিউনিটী ৰেডিঅ’ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল৷ আজি ভাৰতত ২৯০টা কাৰ্যশীল  কমিউনিটী ৰেডিঅ’ ষ্টেচন আছে৷ এই কমিউনিটী ৰেডিঅ’ ষ্টেচনসমূহে দেশৰ প্ৰায় ৯০ মিলিয়ন লোকক সামৰি লৈছে য’ত অন্যান্য সংবাদ মাধ্যমৰ উপস্থিতি তেনেই সীমিত। ইয়াৰ কাৰ্যসূচীসমূহ স্থানীয় ভাষা-উপভাষাত সম্প্ৰচাৰিত হয় আৰু সেয়ে সমাজত ইয়াৰ প্ৰভাৱ অধিক গুৰুত্বপূৰ্ণ৷
  • সংস্থা অনুসাৰে কমিউনিটী ৰেডিঅ’ৰ সংখ্যা এনে ধৰণৰ-

 

ক্ৰমিক নং

সংস্থাৰ প্ৰকাৰ

কমিউনিটী ৰেডিঅ’ৰ সংখ্যা

শৈক্ষিক প্ৰতিষ্ঠান

১৩০

এনজিঅ’

১৪৩

কেভিকে

 ১৭

 

মুঠ

২৯০

 

কমিউনিটী ৰেডিঅ’ৰ সমৰ্থনৰ বাবে চৰকাৰৰ ২৫ কোটি টকা আৱণ্টনৰ সৈতে ‘‘ভাৰতত কমিউনিটী ৰেডিঅ’ আন্দোলনৰ সমৰ্থন’’ শীৰ্ষক এক চলমান আঁচনি আছে৷ আঁচনিটোৰ বাবে চলিত বৰ্ষৰ আৱণ্টিত ধনৰ পৰিমাণ হ’ল ৪.৫০ কোটি টকা৷



(Release ID: 1626193) Visitor Counter : 465