PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 21 MAY 2020 6:32PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যসমূহ

দেশত স্বাস্থ্য আন্তঃগাঁথনিৰ উত্তৰণৰ ক্ষেত্ৰত লকডাউনৰ সময়ছোৱাৰ সদ্ব্যৱহাৰ কৰা হৈছে৷ আজি পৰ্যন্ত ৪৫২৯৯ জন লোকে আৰোগ্য লাভ কৰিছে আৰু আৰোগ্যৰ হাৰ হ’ল ৪০.৩২%৷ ২১.০৫.২০২০ তাৰিখ পৰ্যন্ত ২,৬১,৫,৯২০টা নমুনা পৰীক্ষণ কৰা হৈছে আৰু বিগত ২৪ ঘণ্টাত ৫৫৫টা পৰীক্ষণ লেবৰ জৰিয়তে ১,০৩,৫৩২টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ শেহতীয়া তথ্য-২

দেশত স্বাস্থ্য আন্তঃগাঁথনিৰ উত্তৰণৰ ক্ষেত্ৰত লকডাউনৰ সময়ছোৱাৰ সদ্ব্যৱহাৰ কৰা হৈছে৷ ২১.০৫.২০২০ তাৰিখ পৰ্যন্ত ২৬,১৫,৯২০টা নমুনা পৰীক্ষণ কৰা হৈছে আৰু বিগত ২৪ ঘণ্টাত ৫৫৫টা পৰীক্ষণ লেবত ১,০৩,৫৩২টা নমুনা পৰীক্ষণ হৈছে৷

অধিক বিৱৰণৰ বাবে

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ১ কোটি চিকিসা প্ৰদান কৰা হৈছে

ভাৰত চৰকাৰৰ ধ্বজ্বাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আজি ১ কোটিতম চিকিসা প্ৰদান কৰা হয়৷ এই সাফল্য চিহ্নিত কৰিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি আৰোগ্য ধৰা শীৰ্ষক ৱেবিনাৰৰ প্ৰথমটো সংস্কৰণ মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

জুন ২০২০ৰ পৰা কাৰ্যকৰী ৰে সেৱাৰ নিৰ্দেশনাৱলী

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ সৈতে হোৱা আলোচনা মৰ্মে ৰে’লৱে মন্ত্ৰালয়ে ১ জুন ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সেৱাৰ বাবে ভাৰতীয় ৰে’লৱে ২০০খন যাত্ৰীবাহী ৰে’ল তালিকাভুক্ত কৰিছে৷এই ৰে’লসমূহে ১/৬/২০২০ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু এই ৰে’লসমূহৰ বুকিং ২১/০৫/২০২০ তাৰিখৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব৷

অধিক বিৱৰণৰ বাবে

ভাৰতত আৱদ্ধ হৈ থকা লোকসকলক ঘৰুৱা বিমান সেৱাৰ সুবিধা প্ৰদানৰ বাবে গৃহ মন্ত্ৰালয়ে সংশোধন কৰিলে লকডাউনৰ নিৰ্দেশনা

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ভাৰতত আৱদ্ধ হৈ থকা লোকসকলক ঘৰুৱা বিমান সেৱাৰ সুবিধা প্ৰদানৰ বাবে লকডাউনৰ নিৰ্দেশনাৰ কিছু সংশোধন কৰিছে৷ বিমানবন্দৰ আৰু যাত্ৰীসকলৰ বাবে বিমান সেৱাৰ পৰিচালনা সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সবিশেষ নিৰ্দেশনা জাৰি কৰিব৷

অধিক বিৱৰণৰ বাবে

এই পৰ্যন্ত ৬.৮ কোটি পিএমইউৱাই হিতাধিকাৰীলৈ প্ৰদান কৰা হৈছে ৬.৮ কোটি বিনামূলীয়া এলপিচি চিলিণ্ডাৰ

ক’ভিড-১৯ৰ বাবে অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজ’ মুকলি কৰিছে৷ এই আঁচনিৰ অধীনত ৩ মাহৰ বাবে অৰ্থাএপ্ৰিল, মে’ আৰু জুন মাহত ৮ কোটি পিএমইউৱাই হিতাধিকাৰীক বিনামূলীয়া এলপিজি গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

চৰকাৰে ঔদ্যোগিক সংস্থাক পূৰ্ণৰূপে বিশ্বাস কৰেঃ চিআইআইৰ সন্মিলনত বিত্ত মন্ত্ৰী

বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে চিআইআইৰ সন্মিলনত ঔদ্যোগিক সংস্থাক চৰকাৰে সম্পূৰ্ণ বিশ্বাস কৰে বুলি উল্লেখ কৰে৷ তেওঁ কয় যে উদ্যোগসমূহে সকলোৰে বাবে গ্ৰহণযোগ্য হোৱাকৈ কৰ্মচাৰীসকলক পৰিচালনা কৰি আদৰ্শ স্থাপন কৰাটো আৱশ্যক৷

অধিক বিৱৰণৰ বাবে

কাইলৈ দেশৰ ৰেডিঅ’ সমাজৰ সৈতে কথা পাতিব কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে

২২ মে’ ২০২০ তাৰিখে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে সন্ধিয়া ৭ বজাত ৰেডিঅ’ সমাজৰ সৈতে কথা পাতিব৷ হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে সম্প্ৰচাৰ হ’বলগীয়া এই অনুষ্ঠানটো শ্ৰোতাই সন্ধিয়া ৭.৩০ বজাত হিন্দীত আৰু নিশা ৯.১০ বজাত এফএম গ’ল্ডত শুনিবলৈ পাৰিব৷

অধিক বিৱৰণৰ বাবে

জৱাহৰ নবোদয় বিদ্যালয়ৰ আৱদ্ধ শিক্ষাৰ্থীসকলৰ সুৰক্ষিত স্থানান্তৰৰ নিশ্চিতি প্ৰদান কৰিলে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ কয় যে নবোদয় বিদ্যালয় সমিতিয়ে দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰায় ৩০০০ৰো অধিক শিক্ষাৰ্থীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিছে৷

অধিক বিৱৰণৰ বাবে

৮২ স্নাতক আৰু ৪২ প্ৰাক্-স্নাতক নন-ইঞ্জিনিয়াৰিং এমঅ’অ’চি স্বয়মত জুলাই ২০২০ ছেমিষ্টাৰত প্ৰদান কৰা হ’ব

অধিক বিৱৰণৰ বাবে

শিক্ষাৰ্থীসকলৰ বাবে চাইবাৰ ছিকিউৰিটী সন্দৰ্ভত চিবিএছইয়ে প্ৰস্তুত কৰা তিনিখন হাতপুথি মুকলি কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ চিবিএছইয়ে শিক্ষাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰি উলিওৱা চাইবাৰ ছিকিউৰিটী সন্দৰ্ভত তিনিখন হাতপুথি মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

কাৰ্যালয়ত উপস্থিতি থকাৰ পৰা গৰ্ভৱতী মহিলা আৰু দিব্যাংগ কৰ্মচাৰীসকলক ৰেহাই প্ৰদান কৰিলে ডিঅ’পিটিয়ে

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে গৰ্ভৱতী মহিলা আৰু দিব্যাংগ কৰ্মচাৰীসকলক কাৰ্যালয়ত উপস্থিত থকাৰ পৰা ৰেহাই প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ফলত ব্যাহত হৈছে প্ৰতিৰক্ষা সামগ্ৰীৰ নিৰ্মাণ প্ৰক্ৰিয়াঃ প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে বিশ্বজনীন ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ছ’চাইটি অব্ ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰাৰ্ছ (এছআইডিএম) আৰু অন্যান্য এমএছএমই উদ্যমসমূহৰ প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

৫ জুনৰ বৈঠকৰ পিছত ইউপিএছচিয়ে ঘোষণা কৰিব পৰীক্ষাসমূহৰ নতুন কেলেণ্ডাৰ

ক’ভিড-১৯ৰ বাবে প্ৰযোজ্য হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ পিছত সংঘ লোকসেৱা আয়োগ পৰিস্থিতি অধ্যয়ন কৰিবলৈ এক বৈঠকৰ আয়োজন কৰিছিল৷ কিন্তু বৰ্ধিত লকডাউনৰ পৰিপ্ৰেক্ষিতত আয়োগে এই মুহূৰ্তত পৰীক্ষা অথবা সাক্ষাকাৰ অনুষ্ঠিত কৰাটো অসম্ভৱ বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ সেয়ে তেওঁলোকে ৫ জুন ২০২০ তাৰিখৰ বৈঠকৰ পিছত পৰীক্ষাসমূহৰ সংশোধিত তাৰিখসূচী ঘোষণা কৰিব৷

অধিক বিৱৰণৰ বাবে

থলুৱাৰ পৰা বিশ্ব দৰবাৰলৈঃ খাদীৰ মাস্কে আকৰ্ষিত কৰিছে বিশ্বৰ বজাৰক

বহুল জনপ্ৰিয় খাদী মাস্ক ‘‘বিশ্বজনীন’’ হোৱাৰ পথত আগবাঢ়িছে৷ কেভিআইচিয়ে এতিয়া খাদী কটন আৰু ৰেচমৰ মাস্ক বিদেশলৈ ৰপ্তানি কৰাৰ সম্ভাৱনীতা সন্ধান কৰিছে৷ ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘‘থলুৱাৰ পৰা বিশ্ব দৰবাৰলৈ’’ সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ ক’ভিডৰ তথ্য বিশ্লেষণৰ বাবে আমেৰিকাস্থিত বিগ ডাটা উদ্যোগ স্প্ৰিংকলাৰৰ সৈতে হোৱা বিবদমান চুক্তি উচ্চ ন্যায়ালয়ে আজি খাৰিজ কৰিছে বুলি ৰাজ্য চৰকাৰে জানিবলৈ দিয়ে৷
  • তামিলনাডুঃ তামিলনাডুত ক’ভিড-১৯ত আক্ৰান্ত সক্ৰিয় লোকৰ সংখ্যা হ’ল ৭২১৯ জন, মৃত্যুৰ সংখ্যা হ’ল ৮৭ জন, আৰোগ্য হৈছে ৫৮৮২ জন৷
  • কৰ্ণাটকঃ আজি দুপৰীয়া ১২ বজালৈ ১১৬জন লোক নতুনকৈ আক্ৰান্ত তথা ১জনৰ মৃত্যু হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৫৭৮ জন৷ ১৪ জনক মুকলি কৰি দিয়া হৈছে আৰু ৫৭০ জনে আৰোগ্য লাভ কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ২৪৫২ জন, সক্ৰিয় ৰোগীৰ সংথ্যা ৭১৮ জন, আৰোগ্য লাভ কৰিছে ১৬৮০ জনে, মৃত্যু হৈছে ৫৪ জনৰ৷
  • তেলেংগানাঃ ২১ মে’ তাৰিখলৈ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল  ১৬৬১ জন৷
  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে বজাৰ সংস্থাসমূহক সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ তথা স্বাস্থ্যবিধিৰ নিয়মসমূহ মানি চলিবলৈ আহ্বান জনাইছে৷
  • পাঞ্জাৱঃ বিদেশৰ পৰা বিশেষ বিমানেৰে ঘূৰি অহা পাঞ্জাৱৰ লোকসকলৰ সুবিধাৰ বাবে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত সুবিধা কেন্দ্ৰ স্থাপন কৰিছে৷
  • হাৰিয়ানাঃ সাহায্য কেন্দ্ৰসমূহত প্ৰব্ৰজিত শ্ৰমিকসকলক ৰাখিবলৈ বিনামূলীয়া ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷  
  • হিমাচল প্ৰদেশঃ আৱদ্ধ প্ৰব্ৰজক শ্ৰমিকসকলক লকডাউনৰ সময়ছোৱাত ৫ কিলোগ্ৰামকৈ চাউল আৰু ক’লা চানা প্ৰদান কৰা হ’ব৷
  • অৰুণাচল প্ৰদেশঃ কৰ্ণাটকত আৱদ্ধ হৈ থকা ২০৯ জন অৰুণাচলৰ শিক্ষাৰ্থী গুৱাহাটী আহি পাইছেহি৷ তেওঁলোকে ইটানগৰলৈ স্থলপথেৰে যাত্ৰা কৰিব৷
  • অসমঃ ক’ভিড-১৯ৰ ফলাফল দুবাৰকৈ ঋণাত্মক ওলোৱাৰ পিছত ছয়জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩০ জন৷
  • মণিপুৰঃ মণিপুৰত বহিঃৰাজ্য ফেৰসকলৰ পৰা প্ৰণালীৱদ্ধভাৱে নমুনা সংগ্ৰহ কৰা হৈছে৷ উৰখুললৈ মুঠ ১৩৯টা নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে৷
  • মেঘালয়ঃ আজিৰ তাৰিখলৈ ক’ভিড-১৯ৰ সাহায্যমূলক পদক্ষেপৰ বাবে ৬৯ কোটি টকা ব্যয় কৰা হৈছে আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৪৬ কোটি টকা ব্যয় কৰা হ’ব৷
  • মিজোৰামঃ ছিয়াহা জিলাৰ গাঁওসমূহে ঘৰতে উপাদিত শাক-পাচনিসমূহ ছিয়াহা চহৰৰ কোৱাৰেণ্টাইন সুবিধা কেন্দ্ৰৰ পাকঘৰ ব্যৱস্থাপনা কমিটিলৈ প্ৰেৰণ কৰিছে৷
  • নাগালেণ্ডঃ পশ্চিম ছুমি সংগঠনে থাবেকু জিলাত স্থাপন কৰিবলগীয়া কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাবে ২০০ বহিঃৰাজ্য ফেৰলোকৰ পৃষ্ঠপোষকতা কৰিব৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৩৯,২৯৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ২৭,৫৮১ জন৷
  • গুজৰাটঃ ৩৯৮জন নতুন লোক আক্ৰান্ত আৰু ৩০ জন লোকৰ মৃত্যুৰ তথ্য প্ৰতিবেদনৰ জৰিয়তে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১২,৫৩৯ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল  ৬০৯৮ জন৷ আৰোগ্য লাভ কৰিছে ৩৪২১ জনে৷ চিকিসাধীন হৈ আছে ২৫২৭ জনে৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল  ৫৮৭৫ জন৷ মৃত্যু হৈছে ২৬৭ জনৰ৷
  • ছট্টিশগড়ঃ ৰাজ্যখনৰ বিভিন্ন ৰাজ্যত ১৪জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বাতৰি পৰিৱেশিত হৈছে৷ মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১১৫ জন৷
  • গোৱাঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি পাইছে৷


(Release ID: 1625881) Visitor Counter : 202