গৃহ মন্ত্ৰালয়

উৰিষ্যা আৰু পশ্চিমবংগত চাইক্ল’ন আক্ৰান্ত এলেকাসমূহৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰিলে এনচিএমচিয়ে

प्रविष्टि तिथि: 21 MAY 2020 12:24PM by PIB Guwahati

কেবিনেট সচিব শ্ৰী ৰাজীব গৌবাই আজি ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা কমিটি (এনচিএমচি)ৰ বৈঠকত সভাপতিত্ব কৰি উৰিষ্যা আৰু পশ্চিমবংগত আম্ফন চাইক্ল’নে ক্ষতিগ্ৰস্ত কৰা এলেকাসমূহৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ খতিয়ান লয়৷

আইএমডিৰ সঠিক পূৰ্বানুমান আৰু এনডিআৰএফৰ অগ্ৰীম মোতায়েনৰ দ্বাৰা পশ্চিমবংগৰ পাঁচ লাখ লোক আৰু উৰিষ্যাৰ দুই লাখ লোকক স্থানান্তৰিত কৰিবলৈ সক্ষম হোৱা বুলি উৰিষ্যা আৰু পশ্চিমবংগৰ মুখ্য সচিবে জানিবলৈ দিয়ে৷ ইয়াৰ দ্বাৰা ক্ষয়ক্ষতি তথা মৃত্যুৰ পৰিমাণ ন্যূনতম কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁলোকে জানিবলৈ দিয়ে৷

পশ্চিমবংগৰ বিভিন্ন এলেকা, বিশেষকৈ কলকাতাৰ পুনৰ্বাসন কাৰ্যসূচীৰ বাবে এনডিআৰএফে অতিৰিক্ত বাহিনী প্ৰেৰণ কৰিছে৷ এফচিআইয়েও অতিৰিক্ত খাদ্যান্ন আদিৰ যোগানৰ নিশ্চিতি প্ৰদান কৰিছে৷

শক্তি মন্ত্ৰালয় আৰু টেলিকমিউনিকেচন বিভাগেও দুয়োখন ৰাজ্যতে নিজৰ সেৱা অতি শীঘ্ৰেই আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ তাৰোপৰি ক্ষতিগ্ৰস্ত হোৱা ৰে’লৱেৰ পুনৰ নিৰ্মাণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে

চাইক্ল’ন আক্ৰান্ত এলেকাসমূহত কৃষি, শক্তি আৰু টেলিকমিউনিকেচন সেৱাৰ ব্যাপক ক্ষতি হোৱা বুলি পশ্চিমবংগই জানিবলৈ দিছে৷ আনহাতে উৰিষ্যাত কৃষি খণ্ডৰ ব্যাপক ক্ষতি হোৱা বুলি জানিবলৈ দিছে৷

উদ্ধাৰ আৰু পুনৰ্বাসনৰ প্ৰয়াসৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেট সচিবে কেন্দ্ৰীয় মন্ত্ৰালয়/এজেন্সীসমূহৰ বিষয়ববীয়াক উৰিষ্যা আৰু পশ্চিমবংগৰ ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰি যথাযোগ্য সহযোগিতা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ ক্ষতিগ্ৰস্ত এলেকাসমূহৰ প্ৰতিবেদন ল’বলৈ গৃহ মন্ত্ৰালয়ে এটা সঁজাতি দল প্ৰেৰণ কৰিব৷

উৰিষ্যাৰ আৰু পশ্চিম বংগৰ মুখ্য সচিবে এই বৈঠকত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি অংশগ্ৰহণ কৰে৷ বৈঠকথনত গৃহ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, জাহাজ পৰিবহণ, শক্তি, টেলিকমিউনিকেচন, স্বাস্থ্য, আইএমডি, এনডিএমএ আৰু এনডিআৰএফৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷

 

 

******

VG/SNC/VM/MANN


(रिलीज़ आईडी: 1625711) आगंतुक पटल : 263
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam