PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 20 MAY 2020 6:46PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা লাভ কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ বিশ্বৰ প্ৰতি লাখ জনসংখ্যাত ৰোগীৰ সংথ্যা ৬২.৩ৰ বিপৰীতে ভাৰতত প্ৰতি লাখত কেৱল ৭.৯টা পৰিঘটনাহে আছে; আৰোগ্যৰ হাৰ ৩৯.৬%

৩৯.৬%ত কৈও অধিক ৰোগী আৰোগ্য হৈ উঠাৰ জৰিয়তে এই পৰ্যন্ত আৰোগ্য ৰোগীৰ সংখ্যা ৪২,২৯৮ জন৷ বিশ্বৰ প্ৰতি লাখ জনসংখ্যাত ৰোগীৰ সংখ্যা ৬২.৩ৰ বিপৰীতে ভাৰতত প্ৰতি লাখত কেৱল ৭.৯টা পৰিঘটনাহে আছে৷ ঠিক সেইদৰে বিশ্বত প্ৰতি লাখ জনসংখ্যাত মৃত্যুৰ হাৰ ৪.২ হোৱাৰ বিপৰীতে ভাৰতত এই সংখ্যা ০.২৷

অধিক বিৱৰণৰ বাবে 

গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ স্বাস্থ্য মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

ডাঃ হৰ্ষ ৱৰ্ধনে ভিডিঅ’ কনফাৰেন্সযোগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকত ক’ভিড-১৯য়ে সৃষ্টি কৰা বিশ্বজনীন শংকা আৰু ইয়াৰ প্ৰভাৱ তথা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়৷

অধিক বিৱৰণৰ বাবে

বিদ্যমান আংশিক ঋণ গ্যাৰেণ্টী আঁচনিৰ পৰিৱৰ্তনত অনুমোদন প্ৰদান কৰিলে কেবিনেটে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে এএ অথবা তাৰ নিম্ন মূল্যায়নৰ সৈতে বাণিজ্যিক পেপাৰ অথবা বণ্ডৰ ক্ৰয়ৰ ক্ষতিৰ বাবে ২০% পৰ্যন্ত সৰ্বোচ্চ প’ৰ্টফলিঅ’ গ্যাৰেণ্টীৰ অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যমসমূহৰ আনুষ্ঠানিকীকৰণৰ আঁচনিত কেবিনেটৰ অনুমোদন প্ৰদান

কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয়ভাৱে নতুনকৈ পৃষ্ঠপোষকিত আঁচনি- ‘‘ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যমসমূহৰ আনুষ্ঠানিকীকৰণৰ আঁচনি’’ত অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনাৰ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন প্ৰদান

কেন্দ্ৰীয় কেবিনেটে ৩১ মাৰ্চ ২০২৩ তাৰিখ পৰ্যন্ত প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনা আঁচনিৰ সম্প্ৰসাৰণত অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাত কেবিনেটৰ অনুমোদন প্ৰদান

কেন্দ্ৰীয় কেবিনেটে নীলা নৱজাগৰণৰ উদ্দেশ্যে প্ৰণয়ন কৰা প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাত অনুমোদন প্ৰদান কৰিছে৷ এই আঁচনি ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হৈ ২০২৪-২৫ বিত্তীয় বৰ্ষলৈ ৫ বছৰৰ পৰা প্ৰণয়ন হ’ব৷

অধিক বিৱৰণৰ বাবে

প্ৰব্ৰজিত/আৱদ্ধ শ্ৰমিকসকলৰ বাবে খাদ্য শস্য আৱণ্টনৰ উদ্দেশ্যে আত্মনিৰ্ভৰ ভাৰত পেকেজত কেবিনেটৰ অনুমোদন প্ৰদান

কেন্দ্ৰীয় কেবিনেচে ৮ কোটি প্ৰব্ৰজিত/আৱদ্ধ শ্ৰমিকৰ বাবে প্ৰতিজন ব্যক্তিলৈ দুমাহৰ বাবে (মে’ আৰু জুন, ২০২০)ৰ ৫ কিলোগ্ৰামকৈ খাদ্যান্ন যোগান ধৰাৰ এককালীন অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

এনবিএফচি/এইচএফচিসমূহৰ নগদী সমস্যা হ্ৰাস কৰাৰ বাবে বিশেষ নগদী আঁচনিত কেবিনেটৰ অনুমোদন প্ৰদান

অধিক বিৱৰণৰ বাবে

জৰুৰীকালীন ক্ৰেডিট লাইন গ্যাৰেণ্টী আঁচনিৰ বাবে তিনি লাখ কোটি টকাৰ অতিৰিক্ত পুঁজিত কেবিনেটৰ অনুমোদন প্ৰদান

অধিক বিৱৰণৰ বাবে

আয়ুষ্মান ভাৰতৰ কোটি সংখ্যক গৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আয়ুষ্মান ভাৰতৰ অধীনত হিতাধিকাৰীৰ সংখ্যা কোটিৰ সীমা অতিক্ৰম কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে৷ এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংখ্যাই এক কোটিৰ সীমা অতিক্ৰম কৰাটোৱে প্ৰতিগৰাকী ভাৰতীয়কে গৌৰৱান্বিত কৰিব৷ তেওঁ কয়, “দুবছৰতকৈ কম সময়ৰ ভিতৰতে এই প্ৰচেষ্টাই বহুতৰে জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে৷ মই সকলো হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছো৷ মই তেওঁলোকৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো৷

অধিক বিৱৰণৰ বাবে

০ দিনত ‘শ্ৰমিক বিশেষ’ ৰে’লৰ জৰিয়তে ২৩.৫ লাখতকৈও অধিক যাত্ৰীক ভাৰতীয় ৰে’লৱেয়ে তেওঁলোকৰ গৃহ ৰাজ্যলৈ কঢ়িয়াই নিছে

২০ মে’ ২০২০ তাৰিখ পৰ্যন্ত মুঠ ১৭৭৩খন ‘‘শ্ৰমিক বিশেষ’’ ৰে’লৰ জৰিয়তে ২৩.৫ লক্ষাধিক লোকে নিজৰ গৃহ ৰাজ্যত উপনীত হ’বলৈ সক্ষম হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰে বিভাগে প্ৰব্ৰজকক সকাহ দিবলৈ শ্ৰমিক বিশেষ ৰেলগাড়ীৰ সংখ্যা প্ৰায় দুগুণ কৰাৰ পৰিকল্পনা  কৰিছে

ভাৰতীয় ৰে বিভাগে জুন, ২০২০ পৰা নিৰ্দ্ধাৰিত সময়সূচী থকা দৈনিক প্ৰায় ২০০ খন নতুন ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিব। টিকটৰ বুকিং কেইদিনমানৰ পিছতে অনলাইনযোগে আৰম্ভ ব। শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকা এই ৰেলগাড়ীসমূহৰ সময়সূচী অনতিপলমে ঘোষণা কৰা ব৷

অধিক বিৱৰণৰ বাবে

শিক্ষাৰ্থীসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলত লকডাউনৰ পৰা ৰেহাই দিয়াই হৈছেঃ শ্ৰী অমিত শ্বাহ

শিক্ষাৰ্থীসকলে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ সুবিধা প্ৰদানৰ উদ্দেশ্যে ব’ৰ্ডৰ পৰীক্ষাসমূহক লকডাউনৰ নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে৷ এইদৰে গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে টুইট কৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত কৰ্মচাৰী আৰু নিয়োগকৰ্তাসকলৰ হাতত অধিক নগদী সুনিশ্চিত কৰাৰ বাবে ইপিএফঅ’ৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাৰ সৈতে ইপিএফ অংশদানৰ হাৰ হ্ৰাস কৰি ১০ শতাংশ কৰা হৈছে

অধিক বিৱৰণৰ বাবে

জেইই মেইন, নীট, ২০২০ৰ মক টেষ্টৰ বাবে এআই ক্ষমতাসম্পন্ন মোবাইল এপ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে

কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’এ আজি "নেচনেল টেষ্ট অভ্যাস" নামেৰে এটা মোবাইল এপৰ শুভাৰম্ভ কৰে৷ নেচনেল টেষ্টিং এজেন্সি(এনটিএ)য়ে এই এপটো বিকশিত কৰিছে। যিসকল ছাত্ৰ-ছাত্রীয়ে এনটিএৰ অধীনত পৰৱৰ্তী জেইই আৰু নীটৰ দৰে পৰীক্ষাসমূহত অৱতীৰ্ণ হ’ব, তেওঁলোকে এই এপৰ জৰিয়তে মক টেষ্ট দিব পাৰিব৷ দেশজোৰা লকডাউনৰ নিষেধাজ্ঞা চলি থকাৰ বাবে বিভিন্ন শিক্ষা প্ৰতিষ্ঠান আৰু এনটিএৰ পৰীক্ষা অনুশীলন কেন্দ্ৰসমূহ বন্ধ হৈ আছে। ইয়াৰ ফলত এই পৰীক্ষাসমূহৰ প্ৰস্তুতি ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত এই ক্ষতিপূৰণ পুৰণত ঘৰৰ পৰাই উচ্চমানৰ মক টেষ্টৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই এপটো আৰম্ভ কৰা হয়৷

অধিক বিৱৰণৰ বাবে

ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী গাডকাৰিয়ে ভিডোত্তৰ সময়ত বিদেশী বিনিয়োগ আকৰ্ষণ কৰিব পৰাকৈ প্ৰযুক্তিগত উন্নয়নত মনোনিৱেশ কৰাৰ আহ্বান জনায়

কেন্দ্ৰীয় ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ, পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰিয়ে ক্ষূদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ ক্ষেত্ৰক ক’ভিডোত্তৰ সময়ত বিদেশী বিনিয়োগ আকৰ্ষণ কৰিব পৰাকৈ প্ৰযুক্তিগত উন্নয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। লঘূ আৰু মধ্যমীয়া উদ্যোগ ক্ষেত্ৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা সাহাৰ্য পেকেজে ক্ষূদ্ৰ আৰু মধ্যমীয়া উদ্যোগক পুনৰ কৰ্মক্ষম কৰি তুলিব। নাগপুৰৰপৰা দুটা পৃথক ভিডিঅ’ কনফাৰেন্সযোগে কনফেডাৰেশ্যন অৱ ফৰিদাবাদ ইণ্ডাষ্ট্ৰীজ এচ’চিয়াশ্যন আৰু মেটেৰিয়েলছ ৰিচাইক্লিং এচ’চিয়াশ্যন অৱ ইণ্ডিয়াৰ লগত মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই পেকেজে থলুৱা উদ্যোগক নতুন জীৱন দিব৷

অধিক বিৱৰণৰ বাবে

স্বাস্থ্য খণ্ডৰ এক উচ্চ পৰ্যায়ৰ গোটৰ সৈতে পঞ্চদশ বিত্ত আয়োগৰ বৈঠক

২১ মে২০২০ তাৰিখে স্বাস্থ্য খণ্ডৰ এক উচ্চ পৰ্যায়ৰ গোটৰ সৈতে পঞ্চদশ বিত্ত আয়োগৰ ভিডিঅকনফাৰেন্সযোগে বৈঠক অনুষ্ঠিত ব৷ স্বাস্থ্য খণ্ডৰ এই উচ্চ পৰ্যায়ৰ গোট ২০১৮ চনৰ মেমাহত গঠন কৰা হৈছিল৷ ইয়াৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিছিল ডাঃ ৰনদ্বীপ গুলেৰিয়া, এইমছৰ সঞ্চালক আৰু স্বাস্থ্য খণ্ডৰ খ্যাতনামা ব্যক্তিসকলে৷ এই গোটে ২০১৯ চনৰ আগষ্ট মাহত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল আৰু ইয়াৰে কিছুমান পৰামৰ্শ ২০২০-২১ বৰ্ষৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ প্ৰথমটো প্ৰতিবেদনৰ সৈতে সংবদ্ধ কৰিছিল৷ পঞ্চদশ বিত্ত আয়োগে এতিয়া ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত অগ্ৰাধিকাৰভিত্তিত উচ্চ পৰ্যায়ৰ গোটখন পুনৰ গঠন কৰিবলৈ বিচাৰিছে৷ এই উচ্চ পৰ্যায়ৰ গোটক শেহতীয়া ভিজ-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰকৃত পৰামৰ্শসমূহ পুনৰীক্ষণ কৰিবলৈ কোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ৰোনা ব্যৱস্থাপনাৰ উত্তৰ-পূব মডেল

ক’ৰোনা ব্যৱস্থাপনাৰ ওপৰত কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) ড’নাৰ মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে এক প্ৰৱন্ধ লিখিছে৷

অধিক বিৱৰণৰ বাবে

গ্ৰামাঞ্চলৰ পথ নিৰ্মাণৰ বাবে অনুমতি লাভ কৰিলে কয়ৰ জিঅ’ টেক্সটাইলে

সছিদ্ৰ সুঁতা, প্ৰাকৃতিক, শক্তিশালী, স্থায়ী, পচন ৰোধ ক্ষমতাসম্পন্ন, জীৱানুৰ আক্ৰমণৰ পৰা মুক্ত কয়ৰ জিঅটেক্সটাইলে গ্ৰাম্য পথ নিৰ্মাণত ব্যৱহৃত উপযোগী সামগ্ৰী হিচাপে স্বীকৃতি লাভ কৰিছে৷ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন অভিকৰণৰ সৈতে হোৱা আলোচনাত পিএমজিএছৱাই- পৰ্যায়ত গ্ৰাম্য পথ নিৰ্মাণত কয়ৰ জিঅ’  টেক্সটাইল ব্যৱহাৰ কৰা বিষয়টোৱে স্থান লাভ কৰে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় এমএছএমই তথা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয়, “এয়া এক গুৰুত্বপূৰ্ণ উন্নয়ন, কিয়নো এতিয়া কয়ৰ জিঅটেক্সটাইলৰ জৰিয়তে আমি পথ নিৰ্মাণত সফল হৈছো৷ এই সিদ্ধান্তই বিশেষকৈ ভিড মহামাৰীৰ জটিল ক্ষণত নাৰিকল উদ্যোগক উদ্ননি যোগাব৷’’

অধিক বিৱৰণৰ বাবে

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ ১৯.০৫.২০২০ তাৰিখে পাঞ্জাৱৰ পৰা ২০০তম ৰে’লে যাত্ৰা আৰম্ভ কৰাৰ জৰিয়তে চৰকাৰে ২,৫০,০০০ প্ৰব্ৰজিত শ্ৰমিকক তেওঁলোকৰ গৃহ ৰাজ্যলৈ প্ৰেৰণ কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ চৰকাৰে লকডাউন ৪.০ৰ সময়ছোৱাত যাত্ৰীবাহী বাহনৰ আসন ক্ষমতা সন্দৰ্ভত নিৰ্দেশনালী মুকলি কৰিছে৷
  • হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে হাৰিয়ানা আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰীক ৰাজ্যখনত আৱদ্ধ হৈ থকা লোকসকলক গৃহ ৰাজ্যলৈ প্ৰেৰণৰ বাবে এক বিশেষ ৰে’ল চলাবলৈ আহ্বান জনাইছে৷
  • অৰুণাচল প্ৰদেশঃ ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে অধিক ট্ৰুনেট যন্ত্ৰ ক্ৰয় কৰিছে৷
  • অসমঃ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণ বাস্তৱায়িত কৰিবলৈ বেংকিং খণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যে গুৱাহাটীত বেংকৰ বিষয়াসকলৰ সৈতে এক বিশেষ ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ কমিটিৰ বৈঠকত সভাপতিত্ব কৰে৷
  • মণিপুৰঃ ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ পৰীক্ষণ কেৱল লক্ষণযুক্ত ব্যক্তিকে নহয়, বৰঞ্চ ৰাজ্যখনলৈ ঘূৰি অহা সকলো লোকক পৰীক্ষা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • নাগালেণ্ডঃ ৰাজ্যিক কেবিনেটে ডিমাপুৰৰ গণেশনগৰক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে সন্মতি প্ৰদান কৰিছে৷
  • ছিক্কিমঃ পূব ছিক্কিমৰ জিলা উপাযুক্তই ৰাজ্যখনলৈ ঘূৰি অহা লোকসকলৰ বাবে ৰংপোগ’লি গ্ৰাউণ্ডত স্থাপন কৰিবলগীয়া অতিৰিক্ত পৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে৷
  • ত্ৰিপুৰাঃ আগৰতলাৰ পৰা প্ৰয়াগৰাজলৈ ১৫৮৪জন যাত্ৰীক কঢ়িয়াই শ্ৰমিক বিশেষ ৰে’ল ৰাওনা হৈছে৷
  • কেৰালাঃ কেন্দ্ৰই কেৰালাত বিদ্যালয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে৷
  • তামিলনাডুঃ কল্যাণ ব’ৰ্ডৰ সদস্য নোহোৱা হস্ততাঁত শিপিনীসকলকলৈ ২০০০ টকালৈ লকডাউনৰ সাহায্য প্ৰদান কৰা হৈছে৷ কালিলৈকে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা আছিল ১২,৪৪৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭৪৬৬ জন, মৃত্যু ৮৪ জন, মুকলি কৰি দিয়া হৈছে ৪৮৯৫ জনক৷
  • কৰ্ণাটকঃ আজি দুপৰীয়া ১২ বজালৈ ৬৩জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ১৪৫৮ জন৷ এই পৰ্যন্ত মৃত্যু হৈছে ৪০ জনৰ৷সক্ৰিয় ৰোগীৰ সংখ্যা ৮৬৪ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ২৪০৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭১৫ জন, আৰোগ্য লাভ কৰিছে ১৬৩৯ জনে, মৃত্যু হৈছে ৫৩ জনৰ৷
  • তেলেংগানাঃ আৰক্ষীয়ে মাস্ক নিপিন্ধা লোকৰ বাবে মুঠ ১৬,২৬৪ টা গোচৰ ৰুজু কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৭,১৫৮ জন৷ মুম্বাইতেই অকল ২২,৫৬৩ লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ১২,১৪১ জন৷ মৃত্যুৰ সংখ্যা ৭১৯ জন৷ আৰোগ্য লাভ কৰিছে ৬৩৭৯ জনে৷
  • ৰাজস্থানঃ আজি দিনৰ ২ বজালৈ ১০৭ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷ ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ৫৯৫২ জন, আৰোগ্য লাভ কৰিছে ৩৩৭৩ জনে৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ৫৪৬৫ জন, আৰোগ্য লাভ কৰিছে ২৬৩০ জনে৷ সক্ৰিয় ৰোগীৰ সংখ্যা ২৫৭৭ জন৷
  • চণ্ডীগড়ঃ আজি পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হ’ল ১০১ জন, ৫৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মৃত্যুৰ সংখ্যা শূন্য৷
  • গোৱাঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৯ জন৷

 

পিআইবি ফেক্ট চেক



(Release ID: 1625565) Visitor Counter : 225