PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
19 MAY 2020 6:34PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

সমগ্ৰ বিশ্বৰে প্ৰতি লাখ জনসংখ্যাত ৪.১ মৃত্যু হাৰ হোৱাৰ বিপৰীতে ভাৰতত প্ৰতি লাখ জনসংখ্যাত মৃত্যুৰ হাৰ হৈছে ০.২; এই পৰ্যন্ত ২৪ লাখ নমুনা পৰীক্ষণ কৰা হৈছে
বিগত ২৪ ঘণ্টাত ২৩৫০জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ গতিকে আৰোগ্য হোৱা মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৯,১৭৪ জন৷ ভাৰতত বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৮,৮০২ জন৷ প্ৰতিজন ৰোগীকে চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে৷ সমগ্ৰ বিশ্বৰে প্ৰতি লাখ জনসংখ্যাত ৪.১ মৃত্যু হাৰ হোৱাৰ বিপৰীতে ভাৰতত প্ৰতি লাখ জনসংখ্যাত মৃত্যুৰ হাৰ হৈছে ০.২৷
দেশত কালি অভিলেখ সংখ্যক ১,০৮,২৩৩ টা নমুনা পৰীক্ষা কৰা হৈছে৷ এই পৰ্যন্ত ২৪,২৫,৭৪২টা নমুনা পৰীক্ষা কৰা হৈছে৷ জানুৱাৰী মাহত এটা ক’ভিড-১৯ পৰীক্ষণৰ এটা গৱেষণাগাৰেৰে অভিযান আৰম্ভ কৰা ভাৰতৰ আজি ৩৮৫টা চৰকাৰী আৰু ১৫৮টা ব্যক্তিগত খণ্ডৰ গৱেষণাগাৰ আছে৷
অধিক বিৱৰণৰ বাবে
প্ৰব্ৰজিত শ্ৰমিকসকলৰ সুচল যাতায়াতৰ বাবে ৰাজ্য আৰু ৰে’লৱেৰ মাজত সক্ৰিয় সমন্বয় স্থাপন হোৱাটো আৱশ্যকঃ জিলা প্ৰাধিকৰণে তেওঁলোকৰ আৱশ্যকতাসমূহ ৰে’ল বিভাগক অৱগত কৰাটো আৱশ্যক
গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক ৰে’লৱেৰ সৈতে সক্ৰিয় সমন্বয় স্থাপন কৰি প্ৰব্ৰজিত শ্ৰমিকসকলৰ যাতায়াতৰ ব্যৱস্থা সুচল ধৰণে সমাপন কৰিবলৈ আহ্বান জনায়৷ এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈও ৰাজ্য চৰকাৰসমূহক আহ্বান জনোৱা হয়৷
আৱদ্ধ শ্ৰমিকসকলৰ ৰে’লেযোগে চলাচলৰ সন্দৰ্ভত মানসম্পন্ন পৰিচালন প্ৰ’ট’কল(এছঅ’পি)
লকডাউনৰ সংশোধিত নিৰ্দেশনা বাহাল ৰাখি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ১৭.০৫.২০২০ত আৱদ্ধ শ্ৰমিকসকলৰ ৰে’লেযোগে চলাচলৰ সন্দৰ্ভত কেতবোৰ সংশোধিত মানসম্পন্ন পৰিচালন প্ৰ’ট’কল(এছঅ’পি) জাৰি কৰিছে৷
ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত ৭৩তম বিশ্ব স্বাস্থ্য সভাত ড০ হৰ্ষ ৱৰ্দ্ধনৰ অংশ গ্ৰহণ
ভাৰতে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰি ডাঃ হৰ্ষ ৱৰ্ধনে এইদৰে কয়, ‘‘ভাৰতে প্ৰৱেশ স্থানত নিৰীক্ষণ, অন্য দেশৰ নাগৰিকসকলক যাবলৈ দিয়া, ৰ’বাষ্ট ডিজিজ ছাৰভাইলেন্স নেটৱৰ্কৰ যোগেদি বহল মাত্ৰাত জনসম্প্ৰদায়ৰ নিৰীক্ষণ, স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰা, সন্মূখ সমৰত ভাগ ল’ব পৰা ২ নিযুততকৈও অধিক মানৱ সম্পদৰ সামৰ্থ প্ৰস্তুত কৰা, বিপদৰ বিষয়ে সজাগতা সৃষ্টি আৰু জনসম্প্ৰদায়ক এই কামত জড়িত কৰোৱা আদি সকলো প্ৰয়োজীন ব্যৱস্থা সময় থাকোতেই হাতত লৈছিল। মই ভাৱো আমি আমাৰ সামৰ্থ অনুসাৰে যিমান পাৰি কৰিছো আৰু ভালেই কৰিছো। আমি এতিয়াও শিকি আছো আৰু অনাগত দিনত অধিক ভাল কাম কৰিব পাৰিম বুলি বিশ্বাস আছে৷’’
কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীৰ পৰামৰ্শমৰ্মে জেইই (মেইন)২০২০ৰ অনলাইন আবেদন জমা কৰিবলৈ এনটিএয়ে প্ৰদান কৰিলে অন্তিমটো সুযোগ
বিদেশলৈ অধ্যয়ন কৰিবলৈ যাব খোজা ভাৰতীয় শিক্ষাৰ্থীসকলে ক’ভিড-১৯ৰ ফলত এতিয়া দেশৰ ভিতৰতে অধ্যয়ন কৰিবলৈ বিচাৰিছে আৰু জেইই (মেইন)২০২০ত অৱতীৰ্ণ হ’বলৈ বিচাৰিছে৷ এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ এনিটএক জেইই (মেইন)২০২০ৰ অনলাইন আবেদন জমা কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷
উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰত ক’ভিড সম্পৰ্কীয় সাহায্য আগবঢ়োৱা সৈন্যবাহিনীৰ চিকিৎসাদলক কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ প্ৰশংসা
ড০ জিতেন্দ্ৰ সিঙে সৈন্যবাহিনীৰ পদক্ষেপৰ প্ৰশংসা কৰে৷ এএফএমএছৰ সঞ্চালক প্ৰধান গৰাকীয়ে মন্ত্ৰীগৰাকীক পৰিস্থিতি সাপেক্ষে এনে ধৰণৰ চিকিৎসালয়ৰ ব্যৱস্থা বৃদ্ধি কৰাও হ’ব পাৰে বুলি নিশ্চিতি প্ৰদান কৰে৷
গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে আৱৰ্জনামুক্ত ৰাজ্যৰ ষ্টাৰ মূল্যায়ন প্ৰকাশ কৰিলে
গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদ্বীপ এছ পুৰীয়ে ২০১৯-২০ বৰ্ষৰ বাবে অম্বিকাপুৰ, ৰাজকোট, ছুৰাট, মহীশূৰ, ইন্দোৰ আৰু নবী মুম্বাইকে ধৰি ৬খন চহৰক ৫-ষ্টাৰ হিচাপে স্বীকৃতি প্ৰদান কৰে৷ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু চহৰসমূহক কোৱাৰেণ্টাইনড গৃহসমূহৰ পৰা আৱৰ্জনা নিষ্কাশিত কৰাৰ নিৰ্দেশনাৱলী প্ৰদান কৰা হৈছিল৷ তাৰে ফলশ্ৰুতিত চহৰকেইখনে দেখুওৱা ফলাফলৰ ভিত্তিত এই স্বীকৃতি প্ৰদান কৰা হয়৷
লকডাউনৰ মাজত বিদৰ্ভ আৰু মাৰাথৱাড়াত গাখীৰৰ যোগান শৃংখল অব্যাহত ৰাখিছে মাডাৰ ডেইৰীয়ে
ক’ভিড-১৯ মহামাৰী আৰু লকডাউনৰ মাজত মাডাৰ ডেইৰীয়ে বিদৰ্ভ আৰু মাৰাথৱাড়াত গাখীৰ তথা দুগ্ধজাত সামগ্ৰীৰ যোগান শৃংখল অব্যাহত ৰাখিবলৈ সমৰ্থ হৈছে৷ মাডাৰ ডেইৰীয়ে প্ৰতিদিনে বিদৰ্ভ আৰু মাৰাথৱাড়াৰ পৰা গড়ে ২.৫৫ লাখ লিটাৰকৈ গাখীৰ ক্ৰয় আছে৷
আন্তৰ্জাতিক সংগ্ৰহালয় দিৱসত সাংস্কৃতিক মন্ত্ৰালয়ে ‘‘ৰিভাইটেলাইজিং মিউজিয়ামছ এণ্ড কালচাৰেল স্পেচেছ’’ শীৰ্ষক বেৱিনাৰ প্ৰদৰ্শিত কৰে
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- চণ্ডীগড়ঃ লকডাউনৰ বাবে কিছুমান প্ৰব্ৰজক শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তি চণ্ডীগড়ত আৱদ্ধ হৈ আছে৷ তেওঁলোকক সুৰক্ষিতভাৱে নিজৰ ৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ চণ্ডীগড় প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷
- পাঞ্জাৱঃ মুখ্যমন্ত্ৰীয়ে এক টেলিমেডিচিন কাৰ্যসূচী মুকলি কৰে৷ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত সকলো যাত্ৰীকে উপযুক্ত সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনোৱা হৈছে৷
- হাৰিয়ানাঃ ৰাজ্য চৰকাৰে ব্যক্তিগতখণ্ড চিকিৎসকসকলক চৰকাৰী হাৰত উচ্চমানৰ পিপিই কিট, এন-৯৫ মাস্ক, হেণ্ড ছেনিটাইজাৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
- হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়াক এখন বাল্ক ড্ৰাগ উদ্যান ৰাজ্যখনত স্থাপন কৰিবলৈ আহ্বান জনায়৷
- কেৰালাঃ কাইলৈৰ পৰা ৰাজ্যখনৰ সকলো জিলাতে কেএছআৰটিচিৰ সেৱা আৰম্ভ হ’ব৷ কান্নুৰত উত্তৰ প্ৰদেশলৈ পদব্ৰেজে যোৱা প্ৰায় ১০০ গৰাকী প্ৰব্ৰজকক আৰক্ষীয়ে বাধা প্ৰদান কৰে৷
- তামিলনাডুঃ কালিলৈকে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোক সংখ্যা আছিল ১১৭৬০ জন, ক’ভিড-১৯ত আক্ৰান্ত হোৱা সক্ৰিয় লোকৰ সংখ্যা ৭২৭০ জন, মৃত্যুৰ সংখ্যা ৮১ জন৷
- কৰ্ণাটকঃ এই পৰ্যন্ত কৰ্ণাটকত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ১৩৭৩ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৮০২ জন, আৰোগ্য হৈছে ৫৩০ জন, মৃত্যু হৈছে ৪০ জনৰ৷
- অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ২৩৩৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৬৯১ জন, আৰোগ্য হৈছে ১৫৯৬ জন, মৃত্যু হৈছে ৫২ জনৰ৷
- তেলেংগানাঃ তেলেংগানাত লকডাউন শিথিল কৰাৰ পৰিপ্ৰেক্ষিতত আৰটিচি বাছসমূহে ছেকেন্দ্ৰাবাদৰ পৰা বিভিন্ন চহৰলৈ যাত্ৰা আৰম্ভ কৰিছে৷ কালিলৈকে ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ১৫৯২ জন৷
- অসমঃ স্বাস্থ্য মন্ত্ৰীয়ে বৰপেটাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আঞ্চলিক পৰীক্ষণ কেন্দ্ৰৰ সঞ্চালন আৰু ক’ভিড-১৯ৰ পৰীক্ষণ তথা ৰোগীৰ শুশ্ৰূষাৰ মাত্ৰা বৃদ্ধি কৰা সন্দৰ্ভত আলোচনা কৰে৷
- মণিপুৰঃ নতুন দিল্লীৰ পৰা উভতি অহা এগৰাকী ৬৪ বছৰীয়া মহিলা আৰু তেওঁৰ ২৩ বছৰীয়া জীয়েকৰ দেহত ক’ভিড-১৯ৰ বীজাণু ধৰা পৰিছে৷ ৰাজ্যখনৰ মুঠ ৯জন ৰোগীৰ ভিতৰত ২জনে আৰোগ্য লাভ কৰিছে৷
- মিজোৰামঃ চৰকাৰী কলাছিব মহাবিদ্যালয়ৰ এনএছএছ স্বেচ্ছাসেৱীসকলে শাক-পাচলি বিক্ৰেতা তথা আৰক্ষীৰ লোকক ১৫০ খন হাতেৰে বনোৱা মাস্ক প্ৰদান কৰে৷ ছ’চিয়েল মিডিয়াত মিজোৰামত সক্ৰিয় ক’ভিড-১৯ ৰোগী সম্পৰ্কে ভুৱা তথ্য প্ৰদান কৰা ব্যক্তি এজনক আইজল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷
- নাগালেণ্ডঃ নাগালেণ্ডৰ মুছলমান লোকসকলে ঘৰতে ৰমজান পালন কৰিছে৷ ডিমাপুৰ গাওঁ পৰিষদে তেওঁলোকৰ অঞ্চলত চৰকাৰে চিনাক্ত কৰা কোৱাৰেণ্টাই কেন্দ্ৰ ব্যৱহাৰ কৰিব দিবলৈ সন্মতি প্ৰদান কৰিছে৷
- ছিক্কিমঃ বাংগালোৰৰ পৰা প্ৰায় ১০৫৪ জন আৱদ্ধ ছিক্কিমৰ লোকক কৰ্ণাটক চৰকাৰৰ সহযোগত ছিক্কিম চৰকাৰে উদ্ধাৰ কৰে৷
- মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৩৫,০৫৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ২৫,৩৯২ জন৷ আৰোগ্য লাভ কৰিছে ৮৪৩৭ জনে৷
- গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১১,৭৪৬ জন৷ ইয়াৰে ৪,৮০৪ জনে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬২৪৮ জন৷
- ৰাজস্থানঃ আজি দিনৰ ২ বজালৈ ২৫০জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷ মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৭৫৭ জন৷ আৰোগ্য হৈছে ৩২৩২ জনে৷
- মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৫৩২৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৫৪৯ জন৷
- গোৱাঃ ৯ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৩১ জন৷
পিআইবি ফেক্টচেক


(Release ID: 1625182)
Visitor Counter : 279
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam