স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ শেহতীয়া তথ্যসমূহ
পোষ্ট কৰা হৈছে:
18 MAY 2020 5:53PM by PIB Guwahati
বৰ্তমানৰ পৰিস্থিতিঃ
দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ ভাৰতত শেহতীয়াকৈ ৫৬,৩১৬জন লোক সক্ৰিয়ভাৱে ক’ভিড-১৯ত আক্ৰান্ত হৈ আছে৷ এই পৰ্যন্ত ৩৬,৮২৪ জন লোক ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত মুঠ ২,৭১৫ জন ৰোগী আৰোগ্য হৈছে৷ আৰোগ্য হাৰ হ’ল ৩৮.২৯%৷
প্ৰতি লাখ জনসংখ্যাত নিশ্চিত সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতত প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে নিশ্চিত সংক্ৰমণৰ সংখ্যা ৭.১। সমগ্ৰ বিশ্বৰ ক্ষেত্ৰত এই পৰিমাণ প্ৰতিলাখত প্ৰায় ৬০ জন। প্ৰতিলাখ জনসংখ্যাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যাৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন:
|
দেশ
|
ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোক
|
প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা
|
|
বিশ্ব
|
45,25,497
|
60
|
|
আমেৰিকা যুক্তৰাষ্ট্ৰ
|
1,409,452
|
431
|
|
ৰাছিয়া
|
281,752
|
195
|
|
ব্ৰিটেইন
|
240,165
|
361
|
|
স্পেইন
|
230,698
|
494
|
|
ইটালী
|
224,760
|
372
|
|
ব্ৰাজিল
|
218,223
|
104
|
|
জাৰ্মানী
|
174,355
|
210
|
|
তুৰ্কী
|
148,067
|
180
|
|
ফ্ৰান্স
|
140,008
|
209
|
|
ইৰাণ
|
118,392
|
145
|
|
ভাৰত
|
96,169*
|
7.1
|
*১৮ মে’ ২০২০ তাৰিখ পৰ্যন্ত
আগতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপে এই উৎসাহমূলক ফলাফল প্ৰদৰ্শিত কৰিছে৷
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনাৱলী
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৭.০৫.২০২০ তাৰিখে ৰাজ্যসমূহৰ বাবে ৰেড/অৰেঞ্জ/গ্ৰীণ জ’নৰ শ্ৰেণীবিভাজনৰ নতুন নিৰ্দেশনাৱলী মুকলি কৰিছে৷ ৰাজ্যসমূহক তেওঁলোকৰ ক্ষেত্ৰীয় মূল্যায়ন অনুসাৰে তথা গৃহ মন্ত্ৰালয়ে প্ৰদান কৰা পেৰামিটাৰৰ ভিত্তিত বহুমুখী বিশ্লেষণ অনুসাৰে জিলা/নগৰ নিগম আৰু অন্যান্য প্ৰশাসনীয় গোটসমূহক শ্ৰেণীবিভাজন কৰিবলৈ নিৰ্দেশ দিছে৷
*****
MV/MANN
(ৰিলিজ আই ডি : 1625037)
অতিথি কক্ষ : 261
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam