গৃহ মন্ত্ৰালয়

লকডাউন ৪.০ - ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনাত উল্লেখ থকা বাধ্যবাধকতাৰ ক্ষেত্ৰত শিথিলতা আনিব নোৱাৰিব, তেওঁলোকে স্থানীয় পৰিমাপ তথা স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ আধাৰত ইয়াক অধিক কঠোৰ কৰিব পাৰিব

Posted On: 18 MAY 2020 1:43PM by PIB Guwahati

’ভিড-১৯ ৰ বাবে ঘোষণা কৰা লকডাউনৰ ক্ষেত্ৰত ১৭.০৫.২০২০ তাৰিখে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে লকডাউনৰ বাধ্যবাধকতা সম্পৰ্কে এখন সংশোধিত নিৰ্দেশনা প্ৰকাশ কৰিছে। ৩১.০৫.২০২০ তাৰিখলৈকে লকডাউন বঢ়াই দিয়া হৈছে আৰু লকডাউনৰ বাধ্যবাধকতা বহুখিনি কমাই দিয়া হৈছে।

আজিৰপৰা প্ৰযোজ্য হোৱা এই নিৰ্দেশনা অনুসৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৭.০৫.২০২০ তাৰিখে প্ৰকাশ কৰা নিৰ্দেশনাৰ আধাৰত ৰে’ড, অ’ৰেঞ্জ আৰু গ্ৰীণ জ’নৰ ব্যৱস্থা কৰিব পাৰিব। ৰে’ড আৰু অ’ৰেঞ্জ জ’নৰ ভিতৰত স্থানীয় কৰ্তৃপক্ষই প্ৰযুক্তিগত নিৰ্দেশ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ আধাৰত কন্টেইনমেন্ট আৰু বাফাৰ জ’ন চিনাক্ত কৰিব।

কন্টেইনমেন্ট জ’নৰ ভিতৰত আগৰদৰেই কঠোৰ পৰিসীমা মানি চলা হ’ব আৰু কেৱল অত্যাৱশ্যকীয় কাম-কাজৰ বাবেহে তাত অনুমতি থাকিব। কেইটামান ক্ষেত্ৰৰ কাম-কাজ সমগ্ৰ দেশতে নিষিদ্ধ হৈয়ে থাকিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনাত বিশেষভাৱে নিষিদ্ধ বুলি উল্লেখ থকা ক্ষেত্ৰৰ বাদে আন সকলো কাম-কাজ চলাই নিয়াৰ অনুমতি প্ৰদান কৰা হৈছে।

এইক্ষেত্ৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পুনৰ দোহাৰিছে যে সংশোধিত নিৰ্দেশনাত লকডাউনৰ বাধ্যবাধকতা বহুখিনি কমাই দিয়া হৈছে যদিও ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনাত উল্লেখ থকা বাধ্যবাধকতাৰ ক্ষেত্ৰত শিথিলতা আনিব নোৱাৰিব। তেওঁলোকে পৰিস্থিতিৰ স্থানীয় পৰ্যায়ৰ বিশ্লেষণৰ আধাৰত যদি প্ৰয়োজন বুলি ভাৱে, ইয়াক অধিক কঠোৰ কৰিব পাৰিব আৰু কোনো নিৰ্দিষ্ট ক্ষেত্ৰত বাধা আৰোপ কৰিব পাৰিব।

লগতে এইকথাও উল্লেখ কৰা হয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে স্থানীয় পৰ্যায়ত জ’নসমূহ চিনাক্ত কৰাৰ সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা সংশোধিত নিৰ্দেশনাত উল্লেখ থকা মাপকাঠি ব্যৱহাৰ কৰিব লাগিব। কেন্দ্ৰ আৰু ৰাজ্যৰ এই নিৰ্দেশনাসমূহ জনসাধাৰণৰ সুবিধাৰ্থে স্থানীয় পৰ্যায়ত বহুলভাৱে প্ৰচাৰ কৰিবলৈও আহ্বান জনোৱা হয়।  

Click here to see the Official communication to States/UTs

*****

VG/SNC/VM/PRK



(Release ID: 1625016) Visitor Counter : 179