প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘আমফন’ ঘূৰ্ণীবতাহৰ মোকাবিলা কৰাৰ প্ৰস্তুতিৰ খতিয়ান ল’লে প্ৰধানমন্ত্ৰীয়ে

পৰিস্থিতি চম্ভালিবলৈ মোতায়েন কৰা হৈছে ২৫টা এনডিআৰএফৰ দল

Posted On: 18 MAY 2020 5:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বংগোপ-উপসাগৰত সৃষ্টি হোৱা ‘আমফন’ ঘূৰ্ণীবতাহৰ মোকাবিলা কৰাৰ প্ৰস্তুতিৰ খতিয়ান লোৱাৰ উদ্দেশ্যে এক উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ সম্পূৰ্ণ খতিয়ান লোৱাৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সমাধান বাহিনীয়ে (এনডিআৰএফ)গ্ৰহণ কৰা পদক্ষেপসমূহৰো বুজ লয়৷ পৰিস্থিতি চম্ভালিবলৈ ২৫টা এনডিআৰএফৰ বাহিনী মোতায়েন কৰা হৈছে৷ তাৰোপৰি দেশৰ বিভিন্ন প্ৰান্তত ২৪টা অন্যান্য এনডিআৰএফ বাহিনীও সাজু কৰি ৰখা হৈছে৷

উল্লেখ্য, আজিৰ বৈঠকখনত গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰীৰ মুখ্য উপদেষ্টা শ্ৰী পি কে সিনহা, কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাকে ধৰি ভাৰত চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷

 

*****

VRRK/SH/MANN



(Release ID: 1624960) Visitor Counter : 199