PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 18 MAY 2020 6:33PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যসমূহ

ভাৰতত শেহতীয়াকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা সক্ৰিয় লোকৰ সংখ্যা হ’ল ৫৬,৩১৬ জন৷ এই পৰ্যন্ত ৩৬,৮২৪ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ২,৭১৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ ৩৮.২৯%৷

অধিক বিৱৰণৰ বাবে

৩১ মে’, ২০২০লৈকে বৃদ্ধি লকডাউন; ৰাজ্যসমূহে বিভিন্ন অঞ্চলত কাম কৰাৰ অনুমিত প্ৰদান কৰিব; কেতবোৰ কামত সমগ্ৰ দেশতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে

২৪মাৰ্চ, ২০২০ত ঘোষণা কৰা লকডাউন ব্যৱস্থাই ভিড-১৯ ৰোধত যথেষ্ট পৰিমাণে সহায় কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৩১ মেলৈকে বৃদ্ধি কৰা হৈছে লকডাউন৷ ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আজি এই সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত এক নিৰ্দেশ জাৰি কৰে৷

অধিক বিৱৰণৰ বাবে

লকডাউন ৪.০- ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে গৃহ মন্ত্ৰালয়ে আৰোপ কৰা নিষেধাজ্ঞাসমূহ হ্ৰাস কৰিব নোৱাৰে

১৭.০৫.২০২০ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা লকডাউনৰ নিষেধাজ্ঞাৰ এক সংশোধিত নিৰ্দেশনা অনুসৰি ৩১.০৫.২০২০ তাৰিখলৈ লকডাউন বৃদ্ধি কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে৷ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে লকডাউনৰ নিষেধাজ্ঞা কিছু পৰিমাণে শিথিল কৰিব পাৰিলেও গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিষেধাজ্ঞাসমূহ হ্ৰাস কৰিব নোৱাৰিব বুলি জনোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ চিবিএছই পৰীক্ষাৰ অনুষ্ঠিত নোহোৱা পৰীক্ষাসমূহৰ তাৰিখ ঘোষণা কৰিলে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ চিবিএছইৰ অনুষ্ঠিত নোহোৱা দশম আৰু দ্বাদশ পৰীক্ষাৰ তাৰিখসমূহ ঘোষণা কৰে৷ মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল উত্তৰ পূব দিল্লীৰ শিক্ষাৰ্থীসকলৰ বাবে দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ’ব আৰু উত্তৰ পূব দিল্লীৰ শিক্ষাৰ্থীসকলকে ধৰি বাকী সকলো শিক্ষাৰ্থীৰ বাবে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷

অধিক বিৱৰণৰ বাবে

‘‘এক দেশ, এক ডিজিটেল প্লেটফ’ৰ্ম’’ আৰু ‘‘এক শ্ৰেণী কোঠা আৰু এক চেনেল’’য়ে সমগ্ৰ দেশতে গুণগতমানৰ শিক্ষাৰ নিশ্চিতি প্ৰদান কৰিবঃ কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী সীতাৰমণে শিক্ষাখণ্ডৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপৰ বিষয়ে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ কয় যে ‘এক শ্ৰেণী কোঠা এক চেনেলে’’ দেশত প্ৰতিজন শিক্ষাৰ্থী গুণগতমানৰ শিক্ষা লাভ কৰাটো নিশ্চিত কৰিব৷

অধিক বিৱৰণৰ বাবে

নতুন অৰ্থনৈতিক সংস্কাৰে ভাৰতৰ মহাকাশ আৰু আণৱিক ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি কৰিবঃ ড জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজে আণৱিক শক্তি বিভাগৰ ক্ষমতা বহুগুণে বৃদ্ধি কৰিব৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে অব্যাহত ৰখা যুঁজখন অধিক দুৰ্বাৰ কৰি তুলিব পৰা প্ৰযুক্তিলৈ অনুমোদন ‘টিডিবি’-ৰ

ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে বিজ্ঞানী, প্ৰযুক্তিবিদ, উদ্যমী আৰু উদ্যোগীসকলে অব্যাহত ৰখা যুঁজখনত বিত্তীয় সংসাধানৰ যোগানৰ লগতে প্ৰযুক্তিৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত ইতিবাচক সহযোগিতা আগবঢ়াই বিশেষ ভূমিকা পালন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বিধিগত নিকায়প্ৰযুক্তি বিকাশ পৰিষদ’(টিডিবি)য়ে। তদুপৰি, দেশৰ লগতে সমগ্ৰ বিশ্বই সন্মুখীন হোৱা অভুতপূৰ্ব স্বাস্থ্য-সংকটৰ এই মুহূৰ্ততটিডিবি’-য়ে সমাধানসূত্ৰ আগবঢ়াই দেশৰ প্ৰয়াসতো সহযোগিতা আগঢ়াই আহিছে

অধিক বিৱৰণৰ বাবে

ক’ৰোনাৰ পৰা জীৱন যুঁজৰ নতুন শিক্ষা গ্ৰহণ কৰিবলৈ উপ ৰাষ্ট্ৰপতি শ্ৰী নাইডুৰ আহ্বান

ভাৰতৰ উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম ভেংকয়া নাইডুয়ে ক’ৰোনাই আমাৰ জীৱন-যাপনৰ প্ৰক্ৰিয়া কিদৰে পৰিৱৰ্তিত কৰিছে এই বিষয়ে আলোকপাত কৰি তেওঁ এই মহামাৰীৰ পৰা জীৱন যুঁজৰ শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

‘দেখো আপনা দেশ’ ৱেৱিনাৰ ছিৰিজৰ অধীনত পৰ্যটন মন্ত্ৰালয়ে মুকলি কৰিলে ২০তম বেৱিনাৰ ‘উত্তৰাখণ্ড ছিম্পলী হেভেন’

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে ২০২০-২১ৰ সময়ছোৱাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক বিদ্যালয়ৰ মাচুল বৃদ্ধি নকৰিবলৈ পৰামৰ্শ দিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ২০ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজক আদৰণি জনাইছে৷
  • হিমাচল প্ৰদেশঃ বিত্ত মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণৰ আত্মনিৰ্ভৰ পেকেজৰ ঘোষণাক আদৰণি জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত এদিনতে ২,৩৪৭ জন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু পোৱা গৈছে বুলি প্ৰতিবেদন দাখিল হৈছে৷ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৩৩,০৫৩ জন৷ ৭৬৮৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • গুজৰাটঃ ৩৯১জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ১১,৩৭৯ জন৷ আৰোগ্য লাভ কৰিছে ৪৪৯৯ জনে৷
  • ৰাজস্থানঃ আজি দিনৰ ২ বজালৈ ১৭৩জন নতুন ৰোগী ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৩৭৫ জন৷ আৰোগ্য লাভ কৰিছে ৩০৭২ জনে আৰু ২৭১৮ জন ৰোগীক এতিয়ালৈ মুকলি কৰি দিয়া হৈছে৷
  • মধ্য প্ৰদেশঃ ১৮৭জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ জৰিয়তে ৪৯৭৭জন লোক মুঠ ক’ভিড -১৯ত আক্ৰান্ত হৈছে৷ আৰোগ্য লাভ কৰিছে ২৪০৩ জনে৷
  • গোৱাঃ কালিলৈ ৯টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ২২ জন৷
  • চট্টিশগড়ঃ চট্টিশগড়ত ১৯জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৮৬জন৷
  • কেৰালাঃ লকডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে৷ এই পৰ্যন্ত ১০১ জন ক’ভিড-১৯ত আক্ৰান্ত লোক আছে ২৩টা হটস্পট চিনাক্ত কৰা হৈছে৷
  • তামিলনাডুঃ এই পৰ্যন্ত ৰাজ্যখনত মুঠ ১১,২২৪জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে, ইয়াৰে সক্ৰিয়ভাৱে আক্ৰান্ত হৈ আছে ৬৯৭১ জন৷
  • কৰ্ণাটকঃ কালি দুপৰীয়া ১২ বজালৈ ৮৪জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ৰোগত আক্ৰান্ত মুঠ লোকৰ সংখ্যা ১২৩১ জন৷ মৃত্যু হৈছে ৩৭ জনৰ, আৰোগ্য হৈছে ৫২১ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ ৩১ মে’লৈ ৰাজ্যখনত লকডাউন বৃদ্ধি কৰা হৈছে৷ মুঠ আক্ৰান্ত লোকৰ সংখ্যা ২২৮২ জন, সক্ৰিয় ৰোগী ৭০৫ জন, আৰোগ্য হৈছে ১৫২৭ জন, মৃত্যু হৈছে ৫০ জনৰ৷
  • তেলেংগানাঃ ৯ জন প্ৰব্ৰজক শ্ৰমিকৰ দেহত আজি ক’ৰোনাৰ বীজাণু পোৱা গৈছে৷ কালিলৈকে সক্ৰিয় ৰোগাক্ৰান্ত লোকৰ সংখ্যা আছিল ১৫৫১ জন৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যিক পৰিবহণৰ বাছসমূহে আজিৰে পৰা কেৱল জিলাসমূহৰ ভিতৰতহে ভ্ৰমণ কৰি আছে৷ কেৱল পোন্ধৰ শতাংশ বাছেহে পথত চলাচল কৰি আছে৷
  • অসমঃ অসমত মুম্বাইৰ পৰা ঘূৰি অহা একমাত্ৰ ক’ভিড-১৯ত আক্ৰান্ত কৰ্কট ৰোগীজনৰ মৃত্যু হয়; গোলাঘাটৰ দুজন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ৰ বীজাণু; ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ১০৪জন, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫৮ জন আৰু মৃত্যু হৈছে ৩ জনৰ৷
  • মণিপুৰঃ মণিপুৰত ১২০৮ জন লোক চৰকাৰী কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ বিপৰীতে ৪১৬৫ জন লোক কমিউনিটী কোৱাৰেণ্টাইন কেন্দ্ৰত আছে৷
  • মেঘালয়ঃ ৰোগী এজনৰ ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ কৰা পৰীক্ষাত ফলাফল ঋণাত্মক অহাৰ পিছত তেওঁক আৰোগ্য হোৱা বুলি ঘোষণা কৰা হয়৷
  • মিজোৰামঃ লকডাউনৰ সময়ছোৱাত লকডাউন উলংঘাৰ ১৩১ ঘটনা প্ৰতিবেদিত হৈছে৷ ১৯টা গোচৰ ৰুজু কৰা হৈছে আৰু ৮৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷
  • নাগালেণ্ডঃ ১৮ মে’ৰ পিছত ৰাজ্যখনত প্ৰৱেশ কৰা লোকৰ বাবে চৰকাৰে ১৪ দিনৰ আনুষ্ঠানিক কোৱাৰেণ্টাইনৰ আদেশ দিছে আৰু ইয়াৰ পিছত ১৪ দিনৰ বাধ্যতামূলক গৃহ কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছে৷
  • ছিক্কিমঃ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰি অনা ছিক্কিমৰ বাসিন্দাসকলৰ স্থিতি পুনৰীক্ষণ কৰিবলৈ মুখ্য সচিবে ৰাজ্যিক টাস্ক ফ’ৰ্চৰ বৈঠকত সভাপতিত্ব কৰে৷
  • ত্ৰিপুৰাঃ চেন্নাইত আৱদ্ধ হৈ থকা লোকসকলে শ্ৰমিক বিশেষ ৰে’লৰ জৰিয়তে আগৰতলাত উপস্থিত হয়৷ বেংগালোৰৰ পৰা অন্য এখন ৰে’ল আজি আগৰতলা আহি পোৱাৰ কথা৷

 

পিআইবি ফেক্ট চেক



(Release ID: 1624946) Visitor Counter : 213