বিত্ত মন্ত্ৰালয়

কৃষি আন্তঃগাঁথনি, লজিষ্টিক, সামৰ্থ নিৰ্মাণৰ সৱলীকৰণ; কৃষি, মৎস্য পালন আৰু খাদ্য সংসাধন খণ্ডৰ প্ৰশাসনীয় সংস্কাৰৰ বাবে বিত্ত মন্ত্ৰীৰ বিভিন্ন পদক্ষেপৰ ঘোষণা

• কৃষকসকলৰ বাবে ফাৰ্ম-গে’টৰ বাবে ১ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁথনি পুঁজি

• ক্ষুদ্ৰ খাদ্য প্ৰতিষ্ঠানৰ (এমএফই)ৰ আনুষ্ঠানিকৰণৰ বাবে ১০,০০০ কোটি টকাৰ আঁচনি

• প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা (পিএমএমএছৱাই)ৰ জৰিয়তে মাছমৰীয়াসকললৈ ২০,০০০ কোটি টকা

• ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী

• পশুধন আন্তঃগাঁথনি বিকাশ পুঁজি- ১৫,০০০ কোটি টকা

• ঔষধি উদ্ভিদৰ কৃষিৰ উত্তৰণঃ ৪০০০ কোটি টকা

• মৌ-পালনৰ পদক্ষেপ –৫০০ কোটি টকা

• ‘TOP’ৰ পৰা TOTALলৈ – ৫০০ কোটি টকা

• কৃষিখণ্ডৰ বাবে প্ৰশাসনিক সংস্কাৰ

o কৃষকসকলে উন্নত মূল্য লাভ কৰিব পৰাকৈ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ সংশোধন
o কৃষকসকলক বজাৰৰ বাঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ কৃষিজাত বিপণনৰ সংশোধন
o কৃষিজাত উৎপাদনৰ মূল্য আৰু গুণগতমানৰ নিশ্চিতি

Posted On: 15 MAY 2020 7:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ এক বিশেষ আৰ্থিক তথা ব্যাপক পেকেজৰ বিষয়ে ঘোষণা কৰে যি ভাৰতৰ জিডিপিৰ ১০%ৰ সমান৷ তেওঁ ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আহ্বান জনায়৷ তাৰোপৰি তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ পাঁচটা স্তম্ভ- অৰ্থনীতি, আন্তঃগাঁথনি, প্ৰণালী, অনুনাদশীল জনসংখ্যা আৰু চাহিদাৰ বিষয়েও উল্লেখ কৰে৷

কেন্দ্ৰীয় বিত্ত তথা ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি কৃষিখণ্ডৰ আন্তঃগাঁথনি, লজিষ্টিক, সামৰ্থ নিৰ্মাণৰ সৱলীকৰণ; কৃষি, ফিছাৰী তথা খাদ্য সংসাধন খণ্ডৰ প্ৰশাসনীয় সংস্কাৰৰ বাবে সংবাদমেলত আৰ্থিক পেকেজৰ তৃতীয় অংশৰ বিষয়ে ঘোষণা কৰে৷ সবিশেষ বৰ্ণনা কৰি শ্ৰীমতী সীতাৰমণে কয় যে ১১টা পদক্ষেপসমূহৰ ভিতৰত ৮টা হ’ল কৃষিগত আন্তঃগাঁথনিৰ উত্তৰণ আৰু আন ৩টা হ’ল প্ৰশাসনিক তথা শাসনৰ সংশোধন৷

বিত্ত মন্ত্ৰীয়ে তেওঁৰ মুকলি ভাষণত কালি ঘোষণা কৰা নাবাৰ্ডৰ ৩০,০০০ কোটি টকাৰ সাহায্য তথা কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ দুটা বিশেষ পদক্ষেপৰ বিষয়ে দোহাৰে৷ বিগত ২ মাহত চৰকাৰে কৰা কামসমূহৰ খতিয়ান প্ৰদান কৰি বিত্ত মন্ত্ৰীয়ে কয় যে লকডাউনৰ সময়ছোৱাত ৭৪,৩০০ কোটি টকাতকৈও অধিক পৰিমাণৰ টকাত ন্যূনতম সমৰ্থন মূল্যত (এমএছপি)খাদ্য সামগ্ৰী ক্ৰয় কৰা হৈছে, ১৮,৭০০ কোটি টকাৰ পিএম-কিষাণ পুঁজি হস্তান্তৰ কৰা হৈছে তথা ৬৪০০ কোটি টকাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা দাবী নিষ্পত্তি কৰা হৈছে৷

তাৰোপৰি লকডাউনৰ সময়ছোৱাত গাখীৰৰ চাহিদা ২০-২৫%লৈ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত সমবায় সংস্থাসমূহে ৫৬০ লাখ লিটাৰ প্ৰতি দিনৰ হিচাপত গাখীৰ ক্ৰয় কৰিছে৷ ৪১০০ কোটি টকাৰ মুঠ ১১১ কোটি লিটাৰ গাখীৰ অতিৰিক্তভাৱে ক্ৰয় কৰা হৈছে৷

২০২০-২১ৰ বাবে দুগ্ধশালা সমবায়সমূহলৈ বাৰ্ষিক ২% সুতৰ অনুদান আগবঢ়োৱা হৈছে৷ ইয়াৰ জৰিয়তে ৫,০০০ কোটি টকাৰ অতিৰিক্ত নগদী মুকলি হোৱাৰ লগতে ২ কোটি কৃষক উপকৃত হৈছে৷

ঠিক সেইদৰে ২৪ মাৰ্চ তাৰিখে ফিছাৰী খণ্ডৰ বাবে ক’ভিড সম্পৰ্কীয় ঘোষণা কৰা সকলো পদক্ষেপ ৰূপায়ন কৰা হৈছে৷

শ্ৰীমতী সীতাৰমণে কয় যে আজি কৰা ঘোষণাসমূহৰ দ্বাৰা কৃষক, মাছমৰীয়া, খাদ্য সংসাধন ক্ষুদ্ৰ উদ্যমসকলৰ ক্ষেত্ৰত দীৰ্ঘকালীন তথা বহনক্ষম প্ৰভাৱ পৰিব৷

বিত্ত মন্ত্ৰীয়ে তলত উল্লেখ কৰা ধৰণে কৃষিখণ্ডৰ আন্তঃগাঁথনি, লজিষ্টিক, সামৰ্থ নিৰ্মাণ, শাসন আৰু প্ৰশাসনিক সংশোধন, ফিছাৰী তথা খাদ্য সংসাধন খণ্ডৰ সৱলীকৰণৰ বাবে পদক্ষেপসমূহ ঘোষণা কৰে

১. কৃষকসকলৰ বাবে ফাৰ্ম-গে’টৰ বাবে ১ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁথনি পুঁজি

  • ফাৰ্ম-গে’ট আৰু একত্ৰীকৰণ পইণ্ট (প্ৰাথমিক কৃষিজাত সমবায় ছ’চাইটি, কৃষক উৎপাদক সংস্থা, কৃষি উদ্যম, ষ্টাৰ্ট-আপ ইত্যাদি)ত কৃষি আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বিত্তপোষণৰ বাবে ১,০০,০০০ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব৷ ফাৰ্ম-গে’ট আৰু একত্ৰীকৰণ পইণ্ট, ব্যয়সাধ্য আৰু বিত্তীয়ভাৱে সক্ষম পচ্ছাদ ফচল ব্যৱস্থাপনা আন্তঃগাঁথনিৰ বিকাশৰ বাবে উদ্দীপনা প্ৰদান কৰা হ’ব৷ পুঁজিসমূহ তৎকালীনভাৱে গঠন কৰা হ’ব৷

২. ক্ষুদ্ৰ খাদ্য প্ৰতিষ্ঠানৰ (এমএফই)ৰ আনুষ্ঠানিকৰণৰ বাবে ১০,০০০ কোটি টকাৰ আঁচনি

প্ৰধানমন্ত্ৰীৰ বীক্ষণ ‘‘বিশ্বজনীন প্ৰচাৰৰ সৈতে থলুৱা সামগ্ৰীৰ প্ৰচাৰ’’ ৰ উত্তৰণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে যাৰ দ্বাৰা এফএছএছএআইৰ খাদ্য মানক, ব্ৰেণ্ড নিৰ্মাণ আৰু বিপণনৰ পৰ্যায় স্পৰ্শৰ বাবে অসংগঠিত এমএফইসমূহক প্ৰযুক্তিগত উত্তৰণৰ প্ৰয়োজনৰ উদ্দেশ্যে ২ লাখ এমএফইক সাহায্য প্ৰদান কৰা হ’ব৷ বিদ্যমান ক্ষুদ্ৰ খাদ্য উদ্যম, কৃষক উৎপাদক সংস্থা, আন্তসহায়ক গোট আৰু সমবায়সমূহক সহায় আগবঢ়োৱা হ’ব৷ ক্লাষ্টাৰভিত্তিক অভিগমন (যেনে উত্তৰ প্ৰদেশত আম, জম্মু-কাশ্মীৰত কেশৰ, উত্তৰ পূৰ্বাঞ্চলত বাঁহৰ গাজ, অন্ধ্ৰ প্ৰদেশৰ জলকীয়া, তামিলনাডুৰ টাপিঅ’কা ইত্যাদি)ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হ’ব৷

৩. প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা (পিএমএমএছৱাই)ৰ জৰিয়তে মাছমৰীয়াসকললৈ ২০,০০০ কোটি টকা

সামুদ্ৰিক আৰু আন্তঃদেশীয় ফিছাৰীসমূহৰ সংবদ্ধ, বহনক্ষম, সমন্বিত বিকাশৰ বাবে চৰকাৰে পিএমএমএছৱাই মুকলি কৰিব৷ সামুদ্ৰিক, আন্তঃদেশীয় ফিছাৰী আৰু জলজ উদ্ভিদৰ খেতি সম্পৰ্কীয় গতিবিধিৰ বাবে ১১,০০০ কোটি টকা ব্যয় কৰা হ’ব৷ ফিছিং হাৰ্বাৰ, শীতল শৃংখল, বজাৰ ইত্যাদি আন্তঃগাঁথনিৰ বাবে ৯০০০ কোটি টকা ব্যয় কৰা হ’ব৷ কেজ কালচাৰ, ছীউইড ফাৰ্মিং, আলংকৰিক মীনপালন লগতে নতুন ফিছিং ভেচেল, সন্ধানসাধ্য, গৱেষণাগাৰৰ নেটৱৰ্ক ইত্যাদিসমূহ প্ৰধান গতিবিধি হ’ব৷ মাছমৰীয়াসকললৈ বেন পিৰিয়ড সমৰ্থন (যি সময়ত মাছ মাৰিবলৈ নিষেধ কৰা হয়), ব্যক্তিগত আৰু নাওৰ বীমাৰ সমৰ্থন প্ৰদান কৰা হ’ব৷ ইয়াৰ জৰিয়তে ৫৫ লাখতকৈও অধিক লোকৰ কৰ্ম সংস্থাপন; ১,০০,০০০ কোটি টকা পৰ্যন্ত দ্বিগুণ ৰপ্তানি সম্ভৱ হ’ব৷

৪. ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী

মুঠ ১৩,৩৪৩ কোটি টকাৰ ব্যয়ৰ সৈতে ভৰি আৰু মুখৰ ৰোগ (এফএমডি) তথা ব্ৰুচেলছিছৰ বাবে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী মুকলি কৰা হৈছে৷ ইয়াৰ জৰিয়তে মুখৰ ৰোগ (এফএমডি) তথা ব্ৰুচেলছিছৰ বাবে গৰু, ম’হ, ভেড়া, ছাগলী আৰু গাহৰিৰ  (মুঠ ৫৩ কোটি পশু) ১০০% টীকাকৰণ নিশ্চিত হৈছে৷ আজি তাৰিখলৈ ১.৫ কোটি গৰু আৰু ম’হক  চিহ্নিত কৰি আৰু টীকাকৰণ কৰা হৈছে৷

৫. পশুধন আন্তঃগাঁথনি বিকাশ পুঁজি- ১৫,০০০ কোটি টকা

দেশৰ বিভিন্ন প্ৰান্তত যত গাখীৰৰ উচ্চ মাত্ৰাত উৎপাদন হয়, সেই স্থানসমূহত দুগ্ধশালাসমূহত ব্যক্তিগত বিনিয়োগৰ যথেষ্ট সম্ভাৱনা আছে৷ দুগ্ধশালাৰ প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু গৰু-ম’হৰ দানা যোগানৰ আন্তঃগাঁথনিত ব্যক্তিগত বিনিয়োগৰ সমৰ্থনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াৰ বাবে ১৫,০০০ কোটি টকাৰ এক পশুধন আন্তঃগাঁথনি বিকাশ পুঁজি গঠন কৰা হ’ব৷

৬. ঔষধি উদ্ভিদৰ কৃষিৰ উত্তৰণঃ ৪০০০ কোটি টকা

ঔষধজাতীয় উদ্ভিদৰ খেতিৰ বাবে ২.২৫ লাখ হেক্টৰ ভূমিত নেচনেল মেডিচিনেল প্লাণ্টছ ব’ৰ্ড (এনএমপিবি)য়ে  সমৰ্থন আগবঢ়াইছে৷ আগন্তুক দুটা বছৰত ৪০০০ কোটি টকাৰ ব্যয়েৰে ঔষধজাতীয় উদ্ভিদৰ কৃষিত ১০,০০,০০০ হেক্টৰ ভূমি সামৰি লোৱা হ’ব৷ ইয়াৰ জৰিয়তে কৃষকসকলৰ বাবে ৫,০০০ কোটি টকা  উপাৰ্জনৰ পথ মুকলি হ’ব৷ এনএমপিবিয়ে ৮০০ হেক্টৰ ভূমিৰ সৈতে  গংগা নদীৰ পাৰত ঔষধজাতীয় উদ্ভিদৰ এক ক’ৰিডৰ বিকশিত কৰিব৷

৭. মৌ-পালনৰ পদক্ষেপ –৫০০ কোটি টকা

চৰকাৰে নিম্নোক্তসমূহৰ বাবে এক আঁচনি প্ৰণয়ন কৰিবঃ

  • সংবদ্ধ মৌ-পালন বিকাশ কেন্দ্ৰ, সংগ্ৰহ, বিপণন আৰু সঞ্চয় কেন্দ্ৰ, পচ্ছাদ ফচল আৰু মূল্য সংযোজন সুবিধা ইত্যাদি সম্পৰ্কীয় আন্তঃগাঁথনিসমূহৰ বিকাশ
  • মানসম্পন্ন আৰু বিকশিত সন্ধানযোগ্য প্ৰণালীৰ প্ৰণয়ন
  • মহিলাক জড়িত কৰি সামৰ্থ নিৰ্মাণ
  • গুণগতমানৰ নিউক্লিয়াছ ষ্টক আৰু মৌ প্ৰজননকাৰীৰ বিকাশ

ইয়াৰ জৰিয়তে ২ লাখ মৌ পালকৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু গ্ৰাহকে গুণগতমানৰ মৌ লাভ কৰিব পাৰিব৷

৮. ‘TOP’ৰ পৰা TOTALলৈ – ৫০০ কোটি টকা

বিলাহী, পিয়াঁজ আৰু আলু (TOP)ৰ পৰা সকলো ফল-মূল আৰু শাক-পাচলিলৈ (TOTAL) অপাৰেচন গ্ৰীণ সম্প্ৰসাৰণ কৰা হ’ব৷

আঁচনিটোত নিম্নোল্লিখিত বৈশিষ্টসমূহ থাকিবঃ

  • অতিৰিক্তৰ পৰা নাটনি হোৱা বজাৰলৈ পৰিবহণত ৫০%ৰ সাহায্য
  • শীতলীকৃত সঞ্চয়কে ধৰি সঞ্চয়ৰ ৫০% সাহায্য
  • ৬ মাহৰ বাবে পাইলট- ইয়াক সম্প্ৰসাৰিত তথা বৃদ্ধি কৰা হ’ব
  • আশা কৰা ফলাফলসমূহ- কৃষকে উন্নত দাম লাভ কৰিব, অপব্যয় হ্ৰাস হ’ব, গ্ৰাহকসকলে সামগ্ৰীসমূহ ব্যয়সাধ্য মূল্যত লাভ কৰিব

সংবাদমেলত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে কৃষিখণ্ডৰ বাবে শাসন আৰু প্ৰশাসনিক সংশোধনীৰ বিষয়েও উল্লেখ কৰে৷ তলত এই পদক্ষেপসমূহ উল্লেখ কৰা হৈছে-

১. কৃষকসকলে উন্নত মূল্য লাভ কৰিব পৰাকৈ অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ সংশোধন

চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ আইনখন সংশোধন কৰিব৷ ধানজাতীয় শস্য, খোৱা তেল, তৈল বীজ, দাইল, পিয়াঁজ আৰু আলুকে ধৰি কৃষিজাত খাদ্য-সামগ্ৰীসমূহ বিনিয়মিত কৰা হ’ব৷ ৰাষ্ট্ৰীয় দুৰ্যোগ, মূল্য বৃদ্ধিৰ লগতে দুৰ্ভিক্ষ আদিৰ দৰে প্ৰতিকূল পৰিস্থিতিসমূহৰ বাবে সঞ্চয় সীমা ধাৰ্য কৰা হ’ব৷ প্ৰক্ৰিয়াকাৰী অথবা মূল্য শৃংখলাৰ অংশগ্ৰহণকাৰীসকলৰ বাবে তেওঁলোকৰ স্থাপিত সামৰ্থ অথবা কোনো ৰপ্তানি চাহিদাৰ পৰিপ্ৰেক্ষিতত কোনো সঞ্চয় সীমা প্ৰযোজ্য নহ’ব৷

২. কৃষকসকলক বজাৰৰ বাঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ কৃষিজাত বিপণনৰ সংশোধন

এক কেন্দ্ৰীয় আইন প্ৰণয়ন কৰা  হ’ব যিয়ে-

  • আকৰ্ষণীয় মূল্যত উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰ পৰ্যাপ্ত সুবিধা  প্ৰদান কৰিব
  • আন্তঃৰাজ্যিক বাণিজ্যত বাধাসমূহ আঁতৰাব
  • কৃষিজাত সামগ্ৰীৰ ই-বাণিজ্যৰ পৰিকাঠামোৰ সৃষ্টি কৰিব

৩. কৃষিজাত উৎপাদনৰ মূল্য আৰু গুণগতমানৰ নিশ্চিতি

চৰকাৰে সুবিধাজনক আইনী পৰিকাঠামো সৃষ্টিৰ জৰিয়তে কৃষকসকলক প্ৰক্ৰিয়াকাৰী, সমন্বয়ক, বৃহৎ খুচুৰা ব্যৱসায়ী, ৰপ্তানিকাৰী ইত্যাদি সকলৰ সৈতে পৰিষ্কাৰ তথা নিকাভাৱে সংবদ্ধ কৰোৱা হ’ব৷ কৃষকসকলৰ বাবে ক্ষতিশংকাৰ সমাধান, নিশ্চিত ৰিটাৰ্ণ আৰু গুণগতৰ মানকীকৰণ উক্ত পৰিকাঠামোৰ সৰ্বাত্মক অংশ হিচাপে সন্নিৱিষ্ট কৰোৱা হ’ব৷

RM/KMN/MANN



(Release ID: 1624208) Visitor Counter : 357