স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ আৰু লাডাখত ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ খটিয়ান ল’লে ড০ হৰ্ষ বৰ্দ্ধনে

Posted On: 12 MAY 2020 5:13PM by PIB Guwahati

 

হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ আৰু লাডাখত ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ খটিয়ান ল’লে কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে। আজি মন্ত্ৰীগৰাকীয়ে জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ শ্ৰী গিৰীশ চন্দ্ৰ মু্ৰ্মু, লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ শ্ৰী আৰ কে মাথুৰ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাট, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰৰ সৈতে এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কুমাৰ চৌবেও উপস্থিত থাকে। বিগত সময়চোৱাত দেশৰ বিভন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে অব্যাহত ৰখা ক’ভিড-১৯ বিৰোধী  অভিযানৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে অনুষ্ঠিত কৰা আলোচনাৰ অংশ হিচাপেই আজি উল্লিখিত ৰাজ্যকেইখনৰ প্ৰশাসনীয় মূৰব্বীসকলৰ সৈতে আলোচনাত মিলিত হৈছিল।

আলোচনা কালত মন্ত্ৰী ড০ বৰ্দ্ধনে কয় যে ১২ মে’, ২০২০ পৰ্যন্ত দেশত ৭০,৭৫৬গৰাকী  লোক ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ২২৪৫৫গৰাকী লোক চিকিত্সাৰ অন্তত সুস্থ হৈ চিকিত্সালয় এৰি যাবলৈ সক্ষম হৈছে। অৱশ্যে এই সময়চোৱাত ২২৯৩গৰাকী লোকে  দুৰ্ভাগ্যজনকভাবে মৃত্যু সাৱটিবলগীয়াও হৈছে। ইফালে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩,৬০৪গৰাকী ব্যক্তিৰ দেহত কটভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে একেচোৱা সময়ত ১৫৩৮গৰাকী লোকে সুস্থ হৈ চিকিত্সালয় এৰিবলৈ সক্ষম হৈছে। ইফালে, আক্ৰান্তৰ সংখ্যা বিগত ১৪দিনৰ তুলনাত দুগুণলৈ বৃদ্ধি হোৱাৰ অন্তৰাল ১০.৯ দিনৰ পৰিৱৰ্তে এতিয়া ১২.২লৈ বৃদ্ধি হৈছে বুলি তথ্য দাঙি দৰে মন্ত্ৰীগৰাকীয়ে। সেইদৰে দেশত আক্ৰান্তৰ বিপৰীতে মৃতকৰ হাৰ ৩.২শতাংশ হোৱাৰ বিপৰীতে সুস্থ হোৱা ব্যক্তিৰ হাৰ হৈছেগৈ ৩১.৭৪শতাংশ। ইফালে, কালি পৰ্যন্ত ২.৩৭শতাংশ লোকক আইচিইউ ৰাখি চিকিত্সা কৰাৰ বিপৰীতে ০.৪১শতাংশ লোকক ভেণ্টিলেটৰ আৰু  ১.৮২শতাংশ লোকক অক্সিজেন দিবলগীয়া হৈছে। শেহতীয়া প্ৰেক্ষাপটত দেশৰ ৩৪৭টা চৰকাৰী আৰু ১৩৭টা বেচৰকাৰী পৰীক্ষাগাৰৰ জৰিয়তে প্ৰতিদিনে ১,০০,০০০ গৰাকী লোকৰ ৰোগ পৰীক্ষণ কৰিব পৰা হৈছে।এই পৰ্যন্ত দেশত সৰ্বমুঠ ১৭,৬২,৮৪০গৰাকী লোকৰ দেহত কভিড-১৯ৰ উপস্থিতি নিৰ্ণায়ক পৰীক্ষণ সম্পন্ন কৰা হৈছে। কালি দিনটোতে ৮৬,১৯১গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল।

আলোচনা কালত মন্ত্ৰীগৰাকীয়ে, অনাগত দিনবোৰত বাঢ়িব পৰা আক্ৰান্তক চিকিত্সা আগবঢ়াব পৰাকৈ যাৱতীয় সকলোধৰণৰ সা-সুবিধা যতনাই ৰখাৰ বাবে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চকেইটাৰ চৰকাৰসমূহক পদক্ষেপ ল’বলৈ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

 

*****

MV/SG/KB



(Release ID: 1623626) Visitor Counter : 175