ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লৱেয়ে আজি নতুন দিল্লীৰ পৰা ৩খন বিশেষ ৰে’লৰ চলাচল আৰম্ভ কৰিছে

নতুন দিল্লী বিলাসপুৰ বিশেষ ৰে’লত ১১৭৭জন যাত্ৰী, নতুন দিল্লী ডিব্ৰুগ্ৰড় বিশেষ ৰে’লত ১১২২জন যাত্ৰী আৰু নতুন দিল্লী বেংগালুৰু বিশেষ ৰে’লত ১১৬২জন যাত্ৰীয়ে বুক কৰিছে

সৰ্বমুঠ ৩৪৬১জন যাত্ৰীয়ে আজি দিল্লী এৰিব

ৰে’ল নং ০২৪৪২ নতুন দিল্লীৰ পৰা বিলাসপুৰলৈ, প্ৰথমখন বিশেষ ৰে’লে আজি যাত্ৰা আৰম্ভ কৰিব

ৰে’লসমূহৰ যাত্ৰাৰ আৰম্ভণিৰ সৈতে ভাৰতীয় ৰে’লৱেৰ যাত্ৰীবাহী ৰে’লসমূহৰ চলাচল শ্ৰেণীৱদ্ধ ধৰণে আৰম্ভ হৈছে

শ্ৰমিক বিশেষ ৰে’লৰ সৈতে এই সেৱাসমূহ সংযোজিত কৰা হৈছে

Posted On: 12 MAY 2020 3:24PM by PIB Guwahati

১২ মে’ তাৰিখে ০২৪৪২ নতুন দিল্লীৰ পৰা বিলাসপুৰ বিশেষ ৰে’লখনে যাত্ৰা আৰম্ভ কৰিব৷ক’ভিড-১৯ৰ ফলত স্তব্ধ হৈ থকা সেৱাসমূহ আজি নতুন দিল্লীৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ যাত্ৰাৰ দ্বাৰা শ্ৰেণীৱদ্ধ ধৰণে আৰম্ভ হ’ব৷ নতুন দিল্লীৰ পৰা ৩খন বিশেষ ৰে’লে ভ্ৰমণ আৰম্ভ কৰাৰ বিপৰীতে আন ৫খন বিশেষ ৰে’ল অন্যান্য চহৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হ’ব৷ এই বিশেষ ৰে’ল সেৱাসমূহ ভাৰতীয় ৰে’লৱেৰ শ্ৰমিক বিশেষ সেৱাৰ সৈতে সংযোজিত হ’ব৷

নতুন দিল্লীৰ পৰা বিভিন্ন স্থানলৈ যাবলগীয়া বিশেষ ৩খন ৰে’লৰ ভ্ৰমণ সবিশেষ তলত উল্লেখ কৰা হ’লঃ

 

ক্ৰমিক নং

ৰে’লৰ নং

পৰা

লৈ

০২৬৯২

নতুন দিল্লী

বেংগালুৰু

০২৪২৪

নতুন দিল্লী

ডিব্ৰুগড়

০২৪৪২

নতুন দিল্লী

বিলাসপুৰ

নতুন দিল্লী বিলাসপুৰ বিশেষ ৰে’লৰ ১১৭৭জন যাত্ৰীৰ বাবে মুঠ ৭৪১ পিএনআৰ প্ৰস্তুত হৈছে; নতুন দিল্লী ডিব্ৰুগড় বিশেষ ৰে’লৰ ১১২২ যাত্ৰীৰ বাবে মুঠ ৪৪২ পিএনআৰ প্ৰস্তুত হৈছে আৰু নতুন দিল্লী বেংগালুৰু বিশেষ ৰে’লৰ ১১৬২ যাত্ৰীৰ বাবে মুঠ ৮০৪ পিএনআৰ প্ৰস্তুত হৈছে৷

আজি নতুন দিল্লীকে ধৰি মুঠ ৮খন ৰে’লে বিভিন্ন চহৰৰ পৰা যাত্ৰা কৰিব৷ ৰে’লসমূহৰ বিৱৰণ তলত দিয়া হ’লঃ

 

 

ক্ৰমিক নং

ৰে’লৰ নং

পৰা

লৈ

০২৩০১

হাওড়া

নতুন দিল্লী

০২৯৫১

মুম্বাই চেণ্ট্ৰেল

নতুন দিল্লী

০২৯৫৭

আহমেদাবাদ

নতুন দিল্লী

০২৩০৯

ৰাজেন্দ্ৰ নগৰ (টি)

নতুন দিল্লী

০২৬৯১

বেংগালুৰু

নতুন দিল্লী

০২৬৯২

নতুন দিল্লী

বেংগালুৰু

০২৪২৪

নতুন দিল্লী

ডিব্ৰুগড়

০২৪৪২

নতুন দিল্লী

বিলাসপুৰ

 

 

****

DJN/MKV/MANN



(Release ID: 1623290) Visitor Counter : 208