গৃহ মন্ত্ৰালয়
লকডাউনৰ পিছত নিৰ্মাণ খণ্ডৰ উদ্যোগসমূহৰ কাম পুনৰাম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (গৃহ মন্ত্ৰালয়) মুকলি কৰিছে নিৰ্দেশনা
ক্ষেত্ৰীয় অধিকাৰীসকলক নিৰ্দেশনাৰ কঠোৰ অনুপালন নিশ্চিতি কৰিবলৈ আহ্বান
Posted On:
11 MAY 2020 12:46PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত নিৰ্মাণ খণ্ডৰ উদ্যোগসমূহক লকডাউনৰ পিছত কাম পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ কেইবাসপ্তাহৰো লকডাউনৰ পিছত তথা উদ্যোগসমূহ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত সম্ভৱতঃ কিছুমান প্ৰতিষ্ঠানে এছঅ’পি পালন কৰা নাই৷ ফলস্বৰূপে নিৰ্মাণ উদ্যোগসমূহৰ ব্যৱস্থা, পাইপলাইন, ভালভ ইত্যাদিত ৰাসায়নিক পদাৰ্থৰ অৱশেষে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেই একেটা কাৰণেই বিপদজনক ৰাসায়নিক তথা দাহ্য পদাৰ্থৰ ভঁৰালৰ বাবেও প্ৰযোজ্য হ’ব পাৰে৷
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশাৱলীসমূহ হ’ল-
১. ৰাসায়নিক দুৰ্যোগ, ২০০৭ৰ নিৰ্দেশাৱলী
২. ৰাসায়নিক (সন্ত্ৰাসবাদ) দুৰ্যোগ ব্যৱস্থাপনা, ২০০৯ৰ নিৰ্দেশাৱলী আৰু
৩. পিঅ’এএল টেংকাৰৰ পৰিবহণৰ নিৰাপত্তা আৰু সুৰক্ষা, ২০১০ৰ নিৰ্দেশাৱলী, যি ৰসায়ন উদ্যোগসমূহৰ বাবে প্ৰাসংগিক৷
দূৰ্ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত দ্ৰুত সমাধান প্ৰত্যাহ্বানজনক হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ক্ষতিশংকাসমূহ হ্ৰাস কৰাৰ বাবে তথা ঔদ্যোগিক খণ্ডক পুনৰ তেওঁলোকৰ কাম আৰম্ভ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যো এই নিৰ্দেশাৱলী জাৰি কৰা হৈছে৷
নিৰ্দেশাৱলীৰ সবিশেষ চাবলৈ ইয়াত ক্লিক কৰক
*****
VG/SNC/VM/HS/MANN
(Release ID: 1622994)
Visitor Counter : 249
Read this release in:
Punjabi
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam