স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 08 MAY 2020 5:55PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে

আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে তামিলনাডু, কৰ্ণাটক আৰু তেলেংগানাৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে ক’ভিড-১৯ সন্দৰ্ভত ৰাজ্যকেইখনৰ প্ৰস্তুতিৰ খতিয়ান লয়৷

আজি পৰ্যন্ত ২১৬খন জিলাত কোনো নতুন পৰিঘটনা প্ৰতিবেদিত হোৱা নাই; বিগত ২৮ দিনত ৪২খন জিলাত, ২১ দিনত ২৯ খন জিলাত আৰু ১৪ দিনত ৩৬ খন জিলাত কোনো নতুন পৰিঘটনা প্ৰতিবেদিত হোৱা নাই৷

এই পৰ্যন্ত মুঠ ১৬,৫৪০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ১২৭৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ২৯.৩৬%৷ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত নিশ্চিত ৰোগীৰ সংখ্যা হ’ল ৫৬,৩৪২ জন৷ কালিৰে পৰা ৩৩৯০ জন লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

*****

MV/SG/MANN



(Release ID: 1622429) Visitor Counter : 192