প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বৈশাক-বুদ্ধ পূৰ্ণিমা উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 07 MAY 2020 12:34PM by PIB Guwahati

নমস্কাৰ!!!

বৈশাক বুদ্ধ পূৰ্ণিমাৰ উদযাপন উপলক্ষে বিশ্বব্যাপি থকা ভগৱান বুদ্ধৰ অনুগামীসকলক বহুত বহুত শুভেচ্ছা জনাইছো৷

মোৰে সৌভাগ্য যে এই পবিত্ৰ দিনত মই আপোনালোকক লগ পাইছো আৰু আপোনালোকৰ পৰা আৰ্শীৰ্বাদ বিচাৰিছো৷ পূৰ্বেও মোৰ এনে বহু সৌভাগ্য হৈছে৷ ২০১৫ আৰু ২০১৮ত দিল্লীত আৰু ২০১৭ত কলম্বোত এই বুদ্ধ পূৰ্ণিমা উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলো৷

অৱশ্যে এতিয়া পৰিৱেশ সম্পূৰ্ণ বিপৰীত৷ সেয়েহে আমি মুখা-মুখিকৈ লগ পাবলৈ অসমৰ্থ৷ বন্ধুসকল, ভগৱান বুদ্ধই কৈছিল-

मनो पुब्बं-गमा धम्मा,

मनोसेट्ठा मनोमया,

ইয়াৰ অৰ্থ হৈছে ধম্মা বা ধৰ্ম মনত থাকে, মনেই সৰ্বোচ্চ৷ ইয়েই সকলো কাম কৰে৷ এইটোৱেই মন যাৰ দ্বাৰা মই আপোনালোকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰো৷ সেয়েহে, শাৰীৰিকভাৱে উপস্থিত নথকাটো অনুভৱ নহয়৷ আপোনালোকৰ মাজত থাকিবলৈ পোৱা হ’লে সুখী হ’লোহেতেন, কিন্তু বৰ্তমানৰ পৰিৱেশ একেবাৰে উপযোগী নহয়৷

সেয়েহে, একাষৰীকৈ থাকিও প্ৰযুক্তিৰ সহায়ত আমি ইজনে সিজনৰ সৈতে মত বিনিময় কৰাৰ সূযোগ পাইছো আৰু মই ভাৱো এয়াই যথেষ্ট৷

বন্ধুসকল, লকডাউনৰ জটিল পৰিস্থিতিৰ মাজতে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংস্থাই এই ভাৰ্চুৱেল বৈশাক বুদ্ধ পূৰ্ণিমা দিৱস উদযাপনৰ বাবে প্ৰশংসাৰ পাত্ৰ৷ আপোনালোকৰ অভিনৱ প্ৰয়াসৰ বাবেই সমগ্ৰ বিশ্বৰ কোটি কোটি অনুগামীয়ে এই অনুষ্ঠানত যোগদান কৰিছে৷ লুম্বিনি, বুদ্ধ গয়া, সাৰনাথ আৰু কুশীনগৰৰ উপৰি এই সংহতি অনুষ্ঠান আয়োজন কৰা শ্ৰীলংকাৰ শ্ৰীঅনুৰাধাপুৰা স্তুপ আৰু ভেছকাডুৱা মন্দিৰৰ সৌন্দৰ্য সঁচাই অতি মনোমোহা৷ য’তে-ত’তে অনলাইনযোগে পোনপটীয়া সম্প্ৰচাৰ হোৱা এই ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ অভিজ্ঞতা অনবদ্য৷ আপোনালোকে ক’ৰোনা বিশ্ব মহামাৰীৰ বিৰু্দ্ধে যিসকল অগ্ৰণী যোদ্ধাই যুঁজ দি আহিছে, তেওঁলোকৰ বাবে সপ্তাহযোৰাকৈ এই প্ৰাৰ্থনা অনুষ্ঠান আয়োজনৰ সংকল্প লৈছে৷ মই আপোনালোকৰ এই সহানুভুতিশীল প্ৰচেষ্টাৰ প্ৰশংসা কৰিছো৷

মোৰ দৃঢ় বিশ্বাস যে এইধৰণৰ আয়োজনে জটিল প্ৰত্যাহ্বানৰ লগতে জনসাধাৰণৰ জটিলতা হ্ৰাস কৰাত মানৱতাপূৰ্ণ কাম কৰিবলৈ সক্ষম হ’ম৷ বন্ধুসকল, সকলোৰে জীৱনৰ জটিলতা দূৰ কৰাৰ এই বাৰ্তা আৰু সংকল্পই ভাৰতীয় সভ্যতা-সংস্কৃতিৰে নিদৰ্শন দাঙি ধৰে৷ ভগৱান বুদ্ধই ভাৰতৰ সংস্কৃতিক সমৃদ্ধ কৰিছিল৷

ভগৱান বুদ্ধই জীৱনকালৰ লগতে ইয়াৰ পাছতো বহু লোকৰ জীৱন উজ্বলাই তুলিছে৷ তেওঁৰ বাৰ্তা কোনো পৰিৱেশ বা বিষয়তে সীমাবদ্ধ নহয়৷

শ শ বছৰৰ বাবে সিদ্ধাৰ্থৰ জন্মৰ পূৰ্বে বা সিদ্ধাৰ্থ গৌতমলৈ ৰূপান্তৰ হোৱাৰ পাছতো সময় চক্ৰই আমাক বিভিন্ন পৰিস্থিতি আৰু পৰিৱেশৰ মাজেৰে ঘুৰাই আছে৷

সময় পৰিৱৰ্তনশীল, পৰিস্থিতি পৰিৱৰ্তনশীল, সমাজৰ কাম-কাজ পৰিৱৰ্তনশীল, কিন্তু ভগৱান বুদ্ধৰ বাৰ্তা নিৰৱচ্ছিন্নভাৱে মানুহে অনুসৰণ কৰি আহিছে৷ এয়া কেৱল বুদ্ধৰ নামৰ বাবে নহয়, তেওঁৰ পবিত্ৰ চিন্তাধাৰা, সকলোৰে অন্তৰ জয় কৰিব পৰা চিন্তাধাৰা, মানৱতাৰ তত্বাৱধায়কৰ জৰিয়তে সম্ভৱ হৈছে৷ বুদ্ধ হ’ল ত্যাগ আৰু তপস্যাৰ সীমা৷ বুদ্ধ হ’ল সেৱা আৰু সমৰ্পনৰ সমাৰ্থক৷ বুদ্ধ হ’ল ইচ্ছা শক্তিৰে সামাজিক পৰিৱৰ্তনৰ শীৰ্ষবিন্দু৷ বুদ্ধ হৈছে এনে মহান ব্যক্তি, যি সমগ্ৰ বিশ্বত আনন্দ বিয়পোৱাৰ বাবে অধ্যৱসায় আৰু আত্মত্যাগ কৰিছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতততে বৰ্তমান সময়তো আমি আমাৰ চাৰিওফালে এনে ব্যক্তি দেখিছো, যি আনক সেৱা কৰিছে, এগৰাকী ৰোগীক শুশ্ৰূষা কৰিছে, এগৰাকী দুখীয়া লোকক আহাৰ খুৱাইছে, হাস্পতাল চাফাই কৰিছে, পথৰ আইন-শৃংখলা চম্ভালিছে, তেওঁলোকে ২৪ ঘণ্টাই কাম কৰিছে৷ ভাৰতৰ লগতে বিদেশতো এই কাম কৰি থকা লোকসকলক অভিবাদন জনাইছো৷

বন্ধুসকল, যিসময়ত বিশ্বজুৰি বিপৰ্যয়ে দেখা দিছে, মনত দুখ, হতাশাই আৱৰি লৈছে, সেই সময়ত ভগৱান বুদ্ধৰ বাণীসমূহ অতি প্ৰাসংগিক হৈ পৰিছে৷ তেওঁ প্ৰায়েই কৈছিল যে যিকোনো জটিল পৰিস্থিতিৰ পৰা মুক্ত হ’বলৈ মানৱ সসম্প্ৰদায়ে অধ্যৱসায় কৰা উচিত৷  ভাগৰুৱা অনুভৱ কৰিলে নহ’ব৷ বৰ্তমান আমি সকলোৱে জটিল পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ একেৰাহে কাম কৰি আছো৷

ভগৱান বু্দ্ধৰ চাৰিটা সত্য হৈছে-দয়া, সঁহানুভূতি, দুখেই হওক বা সুখেই হওক উদাসীন হ’ব লাগে আৰু সকলো গুণ বা দোষতো কাৰোবাক গ্ৰহণ কৰা-ইত্যাদিবোৰ আমাৰ ভাৰত ভূমিৰ বাবে প্ৰেৰণা হৈ আহিছে৷

বৰ্তমান আপোনালোকে দেখিছে যে ভাৰতে কাৰোৰে প্ৰতি পৃথক মনোভাৱ ন’লৈ নিস্বাৰ্থভাৱে দেশৰ লগতে বিশ্ববাসীৰ কাষত থিয় দিছে৷

লাভ-লোকচান, সক্ষম আৰু অক্ষমৰ কথা নাভাবি আমি এই সময়ছোৱাত আনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছো৷

সেইবাবেই বিশ্বৰ বহু দেশে এই কঠিন সময়তো ভাৰতক স্মৰণ কৰিছে আৰু ভাৰতে প্ৰতিখন অভাৱী দেশক সহায় কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি কৰা নাই৷

বৰ্তমান ভাৰতে প্ৰতিজন ভাৰতীয় জীৱন ৰক্ষাৰ প্ৰতি প্ৰচেষ্টা গ্ৰহণ কৰাৰ লগতে বিশ্বৰ প্ৰতি সমানে দায়বদ্ধতা পালন কৰিছে৷

বন্ধুসকল, ভগৱান বুদ্ধ প্ৰতিটো শব্দ, বাণীয়ে মানৱতাৰ প্ৰতি ভাৱতৰ প্ৰতিশ্ৰুতিক শক্তি যোগাইছে৷ বুদ্ধ ভাৰতৰ জ্ঞানোদয় আৰু আত্ম-জ্ঞানৰ প্ৰতীক৷ এই আত্ম-জ্ঞানৰ জৰিয়তে ভাৰতে সমগ্ৰ মানৱ সম্প্ৰদায়ৰ লাভৰ হকে কাম কৰি যাব৷ ভাৰতৰ প্ৰগতিয়ে বিশ্বৰ প্ৰগতিত সহায় কৰিব৷

বন্ধুসকল, আমাৰ মাত্ৰা আৰু লক্ষ্যৰ সফলতাই অনাগত দিনত পৰিৱৰ্তন আনিব৷ অৱশ্যে, আমি এইটো কথা মনত ৰাখিব লাগিব আমি কৰা কামে যাতে সদায় সেৱা কৰি যায়৷ যি আনুৰ প্ৰতি, সেৱাৰ সহানুভূতিশীল হয়, সেই অনুভৱে আমাক যিকোনে ডাঙৰ প্ৰত্যাহ্বান চেৰ পেলাবলৈ শক্তি যোগায়৷

 

सुप्प बुद्धं पबुज्झन्ति, सदा गोतम सावका,

অৰ্থা যি সকলো সময়তে মানৱতাৰ সেৱাত জড়িত, সেইসকলেই বুদ্ধৰ প্ৰকৃত অনুগামী৷ এই মনোভাৱে আমাৰ জীৱন উজ্বলাই তোলে৷

এই আশাৰে মই সকলোকে ধন্যবাদ জনাইছো৷ এই জটিল পৰিস্থিতিত নিজে সাৱধানতা লোৱাৰ লগতে, পৰিয়াল, আপুনি য’তে বাস কৰে তাৰ জনসাধাৰণক সম্ভৱপৰ সকলো সুৰক্ষা দিয়ক৷

সকলোৰে সু-স্বাস্থ্য কামনা কৰি মোৰ বক্তব্য সামৰিলো৷

ধন্যবাদ!!সৰ্ব মংগলম!!!

****

VRRK/AK/DB



(Release ID: 1621879) Visitor Counter : 275