প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭ মে’ ২০২০ তাৰিখে বুদ্ধ পূৰ্ণিমা উপলক্ষে ভাৰ্চুৱেল বৈশাক বিশ্বজনীন মহোৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

অনুষ্ঠানত ভাষণ প্ৰদান কৰিব শ্ৰী নৰেন্দ্ৰ মোদীয়ে

Posted On: 06 MAY 2020 8:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ মে’ ২০২০ তাৰিখে বুদ্ধ পূৰ্ণিমা উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে International Buddhist Confederation (IBC)ৰ সহযোগিতাত এক ভাৰ্চুৱেল প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে য’ত সমগ্ৰ বিশ্বৰ বৌদ্ধ সংঘৰ নেতাসকলে অংশগ্ৰহণ কৰিব৷ সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিব৷ সমগ্ৰ বিশ্বতে ক’ভিড-১৯ মহামাৰীয়ে দেখা দিয়াৰ মুহূৰ্তত এইবাৰৰ বুদ্ধ পূৰ্ণিমা ভাৰ্চুৱেল বৈশাক দিৱস হিচাপে পালন কৰা হ’ব৷ এই আয়োজন ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকসকল তথা সন্মুখৰ শাৰীৰ যোদ্ধাসকলৰ সন্মানাৰ্থে অনুষ্ঠিত কৰা হৈছে৷ নেপাল, ভাৰত, শ্ৰীলংকা আদিকে ধৰি প্ৰখ্যাত বৌদ্ধস্থলসমূহত এই প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হ’ব৷

এই অনুষ্ঠানত সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু ৰাজ্যিক সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ 

বৈশাক- বুদ্ধ পূৰ্ণিমাক তথাগত গৌতম বুদ্ধৰ জন্মদিন, বৌদ্ধত্ব প্ৰাপ্তি আৰু মহা পৰিনিৰ্ৱাণৰ তিনিটা আশীৰ্বাদৰ দিন হিচাপে গণ্য কৰা হয়৷

 

VRRK/KP/MANN



(Release ID: 1621846) Visitor Counter : 180