প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                
                    
                    
                        প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবী আহমেদ আলীৰ মাজত ফোনযোগে বাৰ্তালাপ
                    
                    
                        
                    
                
                
                    Posted On:
                06 MAY 2020 7:05PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী ড০ আবী আহমেদ আলীয়ে আজি ফোনযোগে এক বাৰ্তালাপত মিলিত হয়৷
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ইথিঅ’পিয়াৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ লগতে দুয়োখন দেশৰ মাজত সহযোগিতাৰ উন্নয়নমুলক দিশসমূহৰ সন্দৰ্ভত দোঁহাৰে৷
দুয়োগৰাকী নেতাই ক’ভিড-১৯য়ে সৃষ্টি কৰা ঘৰৱা, আঞ্চলিক আৰু বিশ্বজনীন প্ৰত্যাহ্বানৰ সন্দৰ্ভত আলোচনা কৰাৰ উপৰি এই স্বা্স্থ্য সংকটৰ বেলিকা ইখন দেশে সিখন দেশৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে ড০ আবী আহমেদ আলীক ইথিঅ’পিয়াৰ প্ৰতি ভাৰতৰ সহযোগিতাৰ লগতে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগান সুনিশ্চিত কৰা আৰু মহামাৰীৰ বাবে দেখা অৰ্থনৈতিক প্ৰভাৱ আগতকৈ উন্নত কৰাৰ আশ্বাস দিয়ে৷
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীৰ হৈ ক’ভিড-১৯ বিৰোধী যুঁজত ইথিঅ’পিয়াবাসীয়ে সফল হোৱাটো কামনা কৰে৷
******
VRRK/SH/DB
                
                
                
                
                
                (Release ID: 1621654)
                Visitor Counter : 242
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam