স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

এই পৰ্যন্ত আৰোগ্য হৈছে ১২,৭২৬ জন লোক

Posted On: 05 MAY 2020 5:44PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি মন্ত্ৰীমণ্ডলৰ গোটৰ সৈতে ১৪তম বৈঠকত সভাপতিত্ব কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ খতিয়ান লয়৷ ক’ভিড ব্লকসহিতে নন-ক’ভিড চিকিৎসালয়সমূহত নন-ক’ভিড চিকিৎসাৰ বাবে স্বাস্থ্যকৰ্মীসকলে পৰিধান কৰা পিপিই সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক পৰামৰ্শৱলী মুকলি কৰে৷

চিকিৎসালয়সমূহৰ বিভিন্ন বিভাগ যেনে অ’পিডি, চিকিৎসকৰ চেম্বাৰ, প্ৰি-এনাস্থেটিক পৰীক্ষণ ক্লিনিক, আইপিডি-ৱাৰ্ড/আইচিইউ, প্ৰসূতি বিভাগ, অস্ত্ৰোপচাৰ কক্ষ আদিৰ বাবে ভিন্ন ধৰণৰ পিপিই পৰিধান কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে৷ এই সন্দৰ্ভত

https://www.mohfw.gov.in/pdf/AdditionalguidelinesonrationaluseofPersonalProtectiveEquipmentsettingapproachforHealthfunctionariesworkinginnonCOVIDareas.pdf ত বিস্তৃতভাৱে পৰামৰ্শৱলীখন প্ৰদান কৰা হৈছে৷

এই পৰ্যন্ত ১২,৭২৬ জন লোক আৰোগ্য হৈছে৷ আৰোগ্য হাৰ ২৭.৪১%৷ এই পৰ্যন্ত মুঠ নিশ্চিত ক’ভিড পজিটিভৰ সংখ্যা হ’ল ৪৬,৪৩৩৷ কালিৰে পৰা ভাৰতত ৩,৯০০ জন লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু পোৱা গৈছে৷ কালি ১৯৫জন লোকৰ মৃত্যু হোৱাৰ জৰিয়তে এই পৰ্যন্ত মৃত্যুৰ সংখ্যা হ’ল ১৫৬৮ জন৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1621273) Visitor Counter : 210