জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড ১৯ ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিত জনজাতীয় সংগ্ৰহকাৰী আৰু কাৰিকৰী শিল্পীসকলৰ জীৱিকা আৰু নিৰাপত্তা নিশ্চিত কৰাত চৰকাৰৰ তাৎক্ষণিক পদক্ষেপ

সমগ্ৰ দেশৰে জনজাতীয় কাৰিকৰী শিল্পীসকলৰ পৰা জমা থকা জনজাতীয় সামগ্ৰী ভাণ্ডাৰ ক্ৰয় কৰিবলৈ ট্ৰাইফেডে ব্যয় কৰিব ২৩ কোটি টকা

Posted On: 04 MAY 2020 1:45PM by PIB Guwahati

লকডাউনৰ ফলত জনজাতীয় গোষ্ঠীভুক্ত কাৰিকৰী শিল্পীসকল যিবোৰ সমস্যাৰ সমূখীন হৈছে, সেইবোৰৰ সমাধানৰ লক্ষ্যৰে চৰকাৰে, এইসকল কাৰিগৰ বা কাৰিকৰী শিল্পী তথা সামগ্ৰী সংগ্ৰহকাৰীসকললৈ সাহায্য আগবঢ়োৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনজাতীয় কল্যাণ মন্ত্ৰালয়ে ক্ষুদ্ৰ বা গৌণ বনজ সম্পদবোৰৰ ভিত্তি মূল্য ইতিমধ্যেই বৃদ্ধি কৰিছে। মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ট্ৰাইফেডে ১০ লাখ জনজাতীয় কাৰিগৰৰ পৰিয়ালৰ সৈতে জড়িত হৈ পৰিছে। দেশজুৰি লকডাউনৰ ফলত সকলো বাণিজ্যিক কাম-কাজ স্তব্ধ হৈ পৰাত এই সকল কাৰিগৰ গভীৰ অনিশ্চয়তাত পৰিছে। তেওঁলোকৰ উৎপাদিত পণ্য সামগ্ৰীবোৰ বিক্ৰী হোৱা নাই বা তেওঁলোকে বিক্ৰী কৰিব পৰা নাই। ইয়াৰ ভিতৰত আছে বস্ত্ৰবয়ন শিল্পৰ নানা সামগ্ৰী, উপহাৰ সামগ্ৰী, ধাতৱ অলংকাৰ, বন ধন প্ৰাকৃতিক সম্পদ, মাটিৰে প্ৰস্তুত কৰা সামগ্ৰী, বাঁহ-বেতৰ সামগ্ৰী ইত্যাদি।

অধিকাংশ জনজাতীয় গোষ্ঠীভুক্ত কাৰিগৰেই এইসমূহ সামগ্ৰী বিক্ৰীৰ মাধ্যমেৰেই তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে। লকডাউনৰ ফলত এইবোৰ সামগ্ৰী বিক্ৰী নোহোৱাত তেওঁলোক যি সমস্যাৰ সমূখীন হৈছে, তাৰ পৰি পৰিত্ৰাণ দিবলৈ মন্ত্ৰালয়ে সেইবোৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে ট্ৰাইফেডক দায়িত্ব দিছে। ট্ৰাইফেডে দেশজুৰি এইসকল কাৰিগৰৰ পৰা প্ৰায় ২৩ কোটি টকাৰ উৎপাদিত সামগ্ৰী সংগ্ৰহ কৰিব। ইয়াৰ উপৰিও এই সংস্থাটোৱে বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠান, শিল্প সংস্থা আৰু বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ সমূখতো ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এই সমূহ সামগ্ৰী প্ৰদৰ্শন কৰিব। ইয়াৰ ফলত এইবোৰ সামগ্ৰী দ্ৰুতভাৱে  বিক্ৰী হোৱাৰ এক সুযোগ সৃষ্টি হ’ব।

জনজাতীয় কাৰিগৰসকলৰ উৎপাদিত সামগ্ৰীসমূহৰ ভিতৰত নানা ধৰণৰ উপহাৰ সামগ্ৰী, বিভিন্ন সন্মিলনত ব্যৱহাৰ কৰিব পৰা ফ’ল্ডাৰসহ বিভিন্ন ধৰণৰ আনুষঙ্গিক সামগ্ৰী, অফিচত সজোৱাৰ বাবে চিত্ৰ-ভাস্কৰ্যৰ উপৰিও মৌ, চাবোন, মছলা ইত্যাদি, চাউল, জোৱাৰ, বজ্ৰা, চাহ, ক’ফিৰ দৰে বহুতো প্ৰাকৃতিক সম্পদো আছে। বৰ্তমান পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থা, ইউনিচেফ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি জনজাতীয় কাৰিগৰসকলে ফে’চমাস্ক আৰু হেণ্ড ছেনিটাইজাৰো প্ৰস্তুত কৰি উলিয়াইছে।

ট্ৰাইফেডে এইবোৰ সামগ্ৰী সংগ্ৰহ কৰাৰ লগতে জনজাতীয় পৰিয়ালসমূহক শাৰীৰিক দূৰত্ব বজাই ৰাখি ৫ কিলোগ্ৰাম আটা, ২ কিলোগ্ৰাম ডাইল, ৩ কিলোগ্ৰাম চাউল, ৫০০ মিলিলিটাৰ তেল, ১০০ গ্ৰাম হালধি, ১০০ গ্ৰাম শুকান লঙ্কাগুৰি, ১০০ গ্ৰাম জিৰা গুৰি, ১০০ গ্ৰাম ক’লা সৰিয়হ, ১০০ গ্ৰাম চবজি মছলা আৰু ২ টুকুৰাকৈ চাবোন প্ৰদান কৰিছে।

(মণিপুৰৰ বন ধন কেন্দ্ৰ চুড়া চান্দপুৰৰ বন ধন সামগ্ৰীৰ মোবাইল ভেণ্ডিং দোকানৰ উদ্বোধনী

এইসকল কাৰিকৰী শিল্পীয়ে যাতে সহজ চৰ্তত ঋণ লাভ কৰে তাৰ বাবে ট্ৰাইফেডে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে আলোচনা কৰিছে। এই সকল দৰিদ্ৰ আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ লোক ক’ভিড – ১৯ ৰ ফলত চূড়ান্ত সমস্যাৰ সমূখীন হৈছে। কাৰণ দেশৰ বিভিন্ন স্থানত এই সময়খিনিতেই সংগ্ৰহকাৰীসকলে বিভিন্ন বনজ সম্পদ সংগ্ৰহ কৰে। তেওঁলোকৰ নিৰাপত্তাৰ কথা চিন্তা কৰিয়েই ট্ৰাইফেডে ১০ লাখ মাস্ক, চাবোন, গ্লোভছ আৰু ২০ হাজাৰ পিপিই কিট প্ৰদান কৰিছে যাতে তেওঁলোকে এইবোৰ পৰিধান কৰি তেওঁলোকৰ যাৱতীয় কাম সম্পাদন কৰিব পাৰে।

ট্ৰাইফেডে ইউনিচেফৰ সৈতে যৌথ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ত ৯ এপ্ৰিলত এখন ৱেবিনাৰৰ আয়োজন কৰিছিল। য’ত এই সকলো সংগ্ৰহকাৰীকেই শাৰীৰিক দূৰত্ব তথা স্বাস্থ্য বিধি বৰ্তাই ৰখাৰ বিষয়ে ধাৰণা প্ৰদান কৰা হয়। ট্ৰাইফেডে ৰাজ্যিক স্তৰত ১৪ ৰ পৰা ১৭ এপ্ৰিল তাৰিখলৈ ৱেবিনাৰৰ আয়োজন কৰে। য’ত ইউনিচেফে আঞ্চলিক ভাষাত এই জনগোষ্ঠীৰ লোকসকলৰ ডিজিটেল পকেটবুক, অডিঅ’ মেছেজসহ ক’ভিড – ১৯ ৰ বিষয়ে বিস্তাৰিত তথ্য জনায়। ক’ভিড – ১৯ ৰ পৰিস্থিতিত ট্ৰাইফেড, বন ধন বিকাশ কেন্দ্ৰৰ সদস্যসকলৰ জনজাতীয় কাৰিকৰী শিল্পীসকলৰ পৰা পণ্য সামগ্ৰী সংগ্ৰহ কৰাৰ সময়ত যথাযথ সুৰক্ষা ব্যৱস্থা বৰ্তাই ৰখাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰে।

*****

NB/SK/UD/RD



(Release ID: 1621100) Visitor Counter : 221