উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ক’ভিডৰ পাছৰ সময়ছোৱাত প্ৰচুৰ বাঁহ সম্পদৰ সহায়ত দেশৰ অর্থনীতিৰ উন্নয়নৰ বৃহৎ সুযোগ সৃষ্টি কৰিছেঃ ড০ জিতেন্দ্ৰ সিং

Posted On: 03 MAY 2020 5:07PM by PIB Guwahati

উত্তৰ-পূর্বাঞ্চল উন্নয়ন দপ্তৰ(স্বতন্ত্ৰ) প্ৰধানমন্ত্রীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী  ড০ জিতেন্দ্ৰ সিঙে কয় যে ক’ভিডৰ পাছৰ সময়ছোৱাত দেশৰ অর্থনীতিত বাঁহ সম্পদে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিবে৷ বাঁহ সম্পদৰ সহায়ত ভাৰতৰ অর্থনৈতিক সক্ষমতা বৃদ্ধিৰ এক সুযোগ সৃষ্টি হৈছে৷

উত্তৰ-পূর্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সহযোগিতাত ভিডিঅ’ কনফাৰেন্সযোগে আয়োজিত বাঁহ কনক্লেভত কেন্দ্রীয় কৃষি মন্ত্ৰীকে ধৰি সংশ্লিষ্ট খণ্ডৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷ ড০ জিতেন্দ্ৰ সিঙে কয় যে দেশৰ মুঠ বাঁহৰ ৬০ শতাংশই উত্তৰ-পূব ভাৰতত আছে। প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে উত্তৰ-পূর্বাঞ্চলৰ উন্নতিৰ বাবে বিগত বছৰে যি অভূতপূর্ব পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ফলত এই অঞ্চলৰ বাঁহ উদ্যোগ যথেষ্ট উন্নতি হৈছে। স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ এইধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ মন্ত্রীগৰাকীয়ে লগতে কয় যে ২০১৭ চনত মোদী চৰকাৰে ১০০ বছৰ পুৰণি ভাৰতীয় বন আইনৰ সংশোধন কৰে৷ তাৰ ফলত ঘৰতে পাদিত বাঁহ বনজসম্পদ হিচাপে বিবেচিত কৰা নহয়৷


বাঁহৰ উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ সন্দৰ্ভত তেওঁ কয় ১৬ এপ্রিলৰ পৰা কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে লকডাউনৰ যিবোৰ নিষেধাজ্ঞা শিথিল কৰিছে, তাৰ ফলত বাঁহৰ বীজ ৰোপণ আৰু সেইবোৰক প্ৰক্রিয়াকৰণে ক্ষেত্রত ৰেহাই দিয়া হৈছে৷

মন্ত্রীগৰাকীয়ে কয় যে প্ৰতি বছৰে ভাৰতত ২.৩০লাখ হাজাৰ টন ধূপকাঠিৰ প্ৰয়োজন হয়। যাৰ বজাৰমূল্য ৫,০০০ কোটি টকা। এই ধূপকাঠি প্ৰস্তুত কৰা বাবে চীন আৰু ভিয়েটনামৰ পৰা অধিকাংশ বাঁহ আনিব লাগে৷ ক’ভিডৰ পৰৱর্তী সময়ত পৰিৱর্তিত পৰিস্থিতিত উত্তৰ-পূর্বাঞ্চলৰ বাবে দেশক প্ৰতিযোগিতমূলক তথা স্বনির্ভৰ কৰি তোলাৰ বাবে বাঁহৰ বৃহ চাহিদা সৃষ্টি হৈছে৷

মন্ত্ৰী সিঙে কয় যে উত্তৰ-পূর্বাঞ্চন উন্নয়ন মন্ত্ৰালয়ে বাঁহৰ পৰা নিৰ্মাণ কৰা সামগ্রীৰ পাদন আৰু সেইবোৰৰ ব্যৱসায়-বাণিজ্য কৰাৰ বাবে চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ সম্ভাৱনাক লৈ কাম কৰিব৷ বাঁহৰ পৰা বায়’ডিজেল, পৰিৱেশ অনুকুল ইন্ধন, প্লাইউডকে ধৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পৰা যায়। যাৰ জৰিয়তে প্ৰচুৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ আশা আছে৷

কনক্লেভত উত্তৰ-পূর্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ বিশেষ সচিব ইন্দিবৰ পাণ্ডেকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে৷

 

<><><><><>

VG/SNC/DB



(Release ID: 1621087) Visitor Counter : 120