PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
04 MAY 2020 6:44PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য
এই পৰ্যন্ত ১১,৭০৬ জন লোক আৰোগ্য হৈছে৷ আৰোগ্য হাৰ ২৭.৫২%৷ এই পৰ্যন্ত মুঠ নিশ্চিত পৰিঘটনা হৈছে ৪২,৫৩৩টা৷ কালিৰে পৰা ভাৰতত ২,৫৫৩টা নিশ্চিত ধনাত্মক ক’ভিড-১৯ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ১৭ এপ্ৰিলৰ পূৰ্বে ফলাফল অনুপাত (আৰোগ্য বনাম মৃত্যু)যিয়ে চিকিৎসালয়ৰ ক্লিনিকেল ব্যৱস্থাপনাৰ স্থিতি প্ৰদৰ্শিত কৰে, সেয়া আছিল ৮০:২০ আৰু এতিয়া এই অৱস্থাৰ উত্তৰণ হৈ ৯০:১০ হৈছে৷
ক’ভিড-১৯ৰ সৰ্বাধিক পৰিঘটনা থকা জিলাসমূহলৈ প্ৰেৰণ কৰা হ’ব কেন্দ্ৰীয় দল
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ ২০খন জিলালৈ ২০টা কেন্দ্ৰীয় জনস্বাস্থ্য দল প্ৰেৰণ কৰিবলৈ সাজু হৈছে৷
দেশৰ বাহিৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক ঘূৰাই অনাৰ বাবে সুবিধা প্ৰদান কৰিব ভাৰত চৰকাৰে
ভাৰত চৰকাৰে দেশৰ বাহিৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক দেশলৈ পৰ্যায়ক্ৰমে ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব৷ নাগৰিকসকলক আকাশ মাৰ্গ আৰু সাগৰীয় পথেৰে ঘূৰাই অনা হ’ব৷ এই সন্ধৰ্ভত এছঅ’পি এখন প্ৰস্তুত কৰা হৈছে৷
অধিক বিৱৰণৰ বাবে
ৰক্তদানে জীৱন ৰক্ষা কৰে, সেয়ে আহক, ৰক্তদানৰ বাবে সজাগতা বৃদ্ধি কৰি সমগ্ৰ দেশতে ব্যয়সাধ্য আৰু সুৰক্ষিত তথা গুণগতমানৰ ৰক্ত উপলব্ধ হোৱাটো নিশ্চিত কৰোঃ ডাঃ হৰ্ষ ৱৰ্ধন
দেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰসংগত মন্তব্য প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ৰ দৰে সংকটকালীন সময়ছোৱাতো আৰ্তজনক ৰক্তৰ যোগান ধৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে৷
মধ্যপ্ৰদেশৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে চলোৱা প্ৰস্তুতি আৰু নিয়ন্ত্ৰণমুলক পদক্ষেপসমূহৰ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে বুজ ল’লে ডাঃ হৰ্ষ বৰ্ধনে
ৰাজ্যখনত ক’ভিড-১৯ সম্পৰ্কীয় মৃত্যুৰ হাৰ বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰি ড০ হৰ্ষবৰ্ধনে কয় যে ৰাজ্যখনৰ একাংশ জিলাৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাৰতকৈ অধিক৷ তেওঁ এই হাৰ হ্ৰাস কৰাৰ বাবে ৰাজ্যখনত উপযুক্ত ব্যৱস্থা, অধিক সক্ৰিয়ভাৱে নিৰীক্ষণ তথা চিকিৎসাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা প্ৰতিৰোধমুলক ব্যৱস্থাৰ প্ৰতি পদ্ধতিগতভাৱে কাৰ্যকৰী কৰিবলৈও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷
ক’ৰোনা যোদ্ধালৈ ভাৰতবাসীৰ অভিবাদন, নভ-স্থল আৰু জল সেনাবাহিনীয়ে অভিবাদন জনালে ক’ৰোনা যোদ্ধাসকলক
সমগ্ৰ দেশবাসীৰ লগতে ভাৰতীয় নৌসেনা বাহিনীয়েও ৩ মে’ ২০২০ তাৰিখ দেওবাৰে ক’ৰোনা যোদ্ধাসকলক অভিবাদন জ্ঞাপন কৰে৷ আনহাতে ভাৰতীয় সশস্ত্ৰ বাহিনীয়েও ক’ৰোনা যুদ্ধত অৱতীৰ্ণ হোৱাসকলক অভিবাদন জ্ঞাপন কৰে৷
‘ক’ৰোনা-যোদ্ধা’সকললৈ সশস্ত্ৰ সেনাবাহিনীৰ অভিনন্দনক ভূয়সী প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰীৰ
দিন-ৰাতি একাকাৰ কৰি ক’ৰোনা-আক্ৰন্তসকললৈ চিকিত্সা আগবঢ়োৱা চিকিত্সকলসকলৰ লগতে স্বাস্থ্য-কৰ্মী, আৰক্ষীকে ধৰি অন্যান্য ‘ক’ৰোনা-যোদ্ধা’সকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সংশ্লিষ্টসকলক মানসিকভাবে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে সশস্ত্ৰ সেনাবাহিনীয়ে সমগ্ৰ দেশৰ জল-স্থল আৰু আকাশত শতাধিক অনুষ্ঠানৰ আয়োজন কৰা কাৰ্যক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ভূয়সী প্ৰশংসা কৰে৷
‘খাদী’ৰ নামত ভুৱা পিপিই কিট বিক্ৰী কৰিছে কিছুমান উদ্যোগে; কেভিআইচিয়ে আইনী ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে
কিছুমান উদ্যোগে ‘খাদী ইণ্ডিয়া’ৰ ল’গ’ ব্যৱহাৰ কৰি ভুৱা পিপিই কিট বজাৰলৈ উলিয়াই দিয়াটো খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগ (কেভিআইচি)ৰ দৃষ্টিত ধৰা পৰিছে৷ কেভিআইচিয়ে এই সামগ্ৰীসমূহৰ তেওঁলোকৰ দ্বাৰা উৎপাদিত নহয় বুলি স্পষ্ট কৰি দিছে৷
অধিক বিৱৰণৰ বাবে
ক্ষমতাশালী গোট ৬য়ে ভাৰতৰ চিএছঅ’/এনজিঅ’/উদ্যোগসমূহক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত জড়িত কৰোৱাইছে
ক’ভিড-১৯ৰ ফলত দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত ক্ষমতাসম্পন্ন গোট ৬ (ইডি ৬)য়ে বিভিন্ন সংস্থাক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজলৈ সঞ্চাৰিত কৰিছে৷
ডিআৰডিঅ’য়ে বিকশিত কৰিলে ইউবি ডিছইনফেকচন টাৱাৰ
ডিআৰডিঅ’য়ে দ্ৰুত আৰু ৰসায়নমুক্ত বীজাণুনাশকৰণ প্ৰক্ৰিয়াৰ বাবে অতি বেঙুণীয়া ৰশ্মিযুক্ত এক ডিছইনফেকচন টাৱাৰ নিৰ্মাণ কৰিছে৷
অধিক বিৱৰণৰ বাবে
জিইএম প’ৰ্টেলত ‘‘দা সৰস কালেকচন’’ মুকলি কৰিলে শ্ৰী নৰেন্দ্ৰ সিং টোমৰে
গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি চৰকাৰৰ ই-মাৰ্কেটপ্লেছ (জিইএম)ত ‘‘দা সৰস কালেকচন’’ শীৰ্ষক এক পদক্ষেপ মুকলি কৰে য’ত গ্ৰামীণ আত্মসহায়ক গোটসকলৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শিত হ’ব যাতে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ ক্ৰেতাই তাৰে পৰা ক্ৰয় কৰিব পাৰে৷
ক’ভিড-১৯ৰ ফলত অৱনমিত হোৱা অৰ্থনৈতিক পৰিস্থিতিৰ উত্তৰণৰ বাবে চৰকাৰে আদিবাসী শিল্পীসকলৰ জীৱিকা আৰু সুৰক্ষাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে
লকডাউনৰ ফলত সমস্যাৰ সন্মুখীন হোৱা আদিবাসী শিল্পীসকলৰ বাবে চৰকাৰে তৎকালীন পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷
৩১ মে’ত হ’বলগীয়া চিভিল ছাৰ্ভিচ ২০২০ৰ প্ৰিলিমিনাৰী পৰীক্ষা স্থগিত কৰা হৈছে
চলিত লকডাউনৰ পৰিপ্ৰেক্ষিতত ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া ২০২০ বৰ্ষৰ চিভিল ছাৰ্ভিচ প্ৰিলিমিনাৰী পৰীক্ষা স্থগিত কৰিবলৈ ইউপিএছচিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে৷
ক’ভিড-১৯ৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছেঃ মনসুখ মাণ্ডব্য
কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্যই ক’ভিড-১৯ৰ সময়ছোৱাত জন ঔষধি কেন্দ্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি মন্তব্য কৰে৷
ক’ভিড-১৯ৰ প্ৰস্তুতি সন্দৰ্ভত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সৈতে বাৰ্তালাপ ড০ হৰ্ষ বৰ্ধনৰ
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা পৃথিৱী মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা(ডিএছটি) বিভাগ তথা ইয়াৰ স্বতন্ত্ৰ প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলৰ সৈতে ক’ভিড-১৯ প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে যুঁজৰ প্ৰতি প্ৰতিষ্ঠাসমূহে হাতত লোৱা বিভিন্ন প্ৰচেষ্টাৱলীৰ সন্দৰ্ভত আলোচনা কৰে৷
অধিক বিৱৰণৰ বাবে
এমএছপি ব্যৱস্থাৰে মহাৰাষ্ট্ৰৰ ৩৪ কেন্দ্ৰত অব্যাহত কপাহ সংগ্ৰহৰ কাম; লকডাউনৰ সময়ত ৬৯০০বেলৰ সমপৰিমাণৰ ৩৬,৫০০ কুইণ্টল কপাহ সংগ্ৰহ কৰা হৈছে
২৫ মাৰ্চ, ২০২০লৈকে মহাৰাষ্ট্ৰত উৎপাদিত মুঠ কঁপাহৰ প্ৰায় ৭৭.৪০% বজাৰত বিক্ৰী কৰা হৈছে; ভাৰতৰ কপাহ নিগমে কঁপাহ খেতিয়কৰ পৰা ১৮.৬৬ লাখ বেলৰ সমপৰিমাণৰ ৯১.৯০ লাখ কপাহ সংগ্ৰহ কৰে, যাৰ মুল্য ৪৯৯৫ কোটি টকা৷ কপাহ খেতিয়কক দিবলৈ থকা ধন প্ৰদানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে; মুঠ আহৰিত মুল্যৰ ৪৯৮৭ কোটি টকা ইতিমধ্যে কৃষকসকলক প্ৰদান কৰা হৈছে৷
দেশৰ সকলো অঞ্চলতে স্থানীয় প্ৰশাসনে ক’ভিড-১৯ ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিত জনসাধৰণৰ প্ৰতি সহযোগিতাৰ পদক্ষেপ অব্যাহত ৰাখিছে
ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে সমগ্ৰ দেশৰ ৰাজ্য, জিলা আৰু পঞ্চায়ত পৰ্যায়ত স্থানীয় প্ৰশাসনে জনসাধৰণৰ প্ৰতি সহযোগিতাৰ পদক্ষেপ অব্যাহত ৰাখিবৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে লকডাউনৰ আইন ভঙ্গ নকৰাকৈ বাধ্যবাধকতাসমূহ মানি চলাৰ লগতে সামাজিক দূৰত্ব যাতে বৰ্তি থাকে সেই কথা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু গাঁও পঞ্চায়তৰ লগত সহযোগিতা কৰি আছে৷
চৰ্দাৰ পেটেল ৰাষ্ট্ৰীয় ঐক্যতা বঁটাৰ মনোনয়ন আহ্বানৰ অন্তিম তাৰিখ ৩০ জুন ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে
ভাৰত চৰকাৰে চৰ্দাৰ বল্লভভাই পেটেলৰ নামত সৰ্বোচ্চ অসামৰিক বঁটা হিচাপে চৰ্দাৰ পেটেল ৰাষ্ট্ৰীয় ঐক্যতা বঁটা ঘোষণা কৰিছে৷ এই বঁটা শক্তিশালী তথা ঐক্যতাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিবিশেষ অথবা সংস্থাক প্ৰদান কৰা হয়৷
অধিক বিৱৰণৰ বাবে
পৰ্যটন মন্ত্ৰালয়ে দেখো আপনা দেশ ৱেবিনাৰ ছিৰিজৰ ১৪তম খণ্ডৰ অধীনত মুকলি কৰিলে ‘বেংগল বাই দা হিমালয়াছ’
‘লকডাউন’ৰ সময়ত ‘ৰাষ্ট্ৰীয় আধুনিক কলা বিথিকা’-ই আগবঢ়ালে ‘এনজিএমএ কে সংগ্ৰহ ছে’ শীৰ্ষক এক ‘ভাৰ্চুৱেল’ কলা প্ৰদৰ্শনীমূলক অনুষ্ঠান
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- কেৰালাঃ বৃদ্ধি কৰা লকডাউনৰ বাবে ৰাজ্যই মুকলি কৰিছে নতুন নিৰ্দেশনাৱলী৷ কালিলৈকে মুঠ নিশ্চিত পৰিঘটনা ৪৯৯টা, সক্ৰিয় পৰিঘটনা ৯৫টা৷
- তামিলনাডুঃ ৰাজ্যত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য যথাক্ৰমে প্ৰতি লিটাৰত ৩.২৫ টকা আৰু ২.৫০ টকাকৈ বৃদ্ধি৷ কালিলৈকে মুঠ পৰিঘটনা ৩০২৩টা, সক্ৰিয় পৰিঘটনা ১৬১১টা, মৃত্যু ৩০টা আৰু মুকলি হৈছে ১৩৭৯ জন৷
- কৰ্ণাটকঃ এই পৰ্যন্ত মুঠ পৰিঘটনা ৬৪২টা, মৃত্যু হৈছে ২৬জনৰ আৰু মুকলি কৰি দিয়া হৈছে ৩০৪ জনক৷
- অন্ধ্ৰ প্ৰদেশঃ মুঠ পৰিঘটনা ১৬৫০টা, সক্ৰিয় পৰিঘটনা ১০৬২টা, আৰোগ্য হৈছে ৫২৪ জন, মৃত্যু হৈছে ৩৩ জনৰ৷
- তেলেংগানাঃ এই পৰ্যন্ত মুঠ পৰিঘটনা ১০৮২টা, সক্ৰিয় পৰিঘটনা ৫০৮টা, আৰোগ্য হৈছে ৫৪৫ জন আৰু মৃত্যু হৈছে ২৯ জনৰ৷
- চণ্ডীগড়ঃ চণ্ডীগড়ৰ নিয়ন্ত্ৰিত এলেকাসমূহ সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হৈছে৷ নিয়ন্ত্ৰিত এলেকাৰ ভিতৰত দোকান, কাৰ্যলায়, ব্যৱসায় আদিৰ অনুমতি দিয়া হোৱা নাই৷
- পাঞ্জাৱঃ ৰাজ্যখনত ঘৰলৈ উভটিব খোজা ৬.৪৪ লাখ প্ৰব্ৰজনকাৰীৰ নাম পঞ্জীকৃত হৈছে৷
- হাৰিয়ানাঃ ৰাজ্যখনত আৱদ্ধ হৈ থকা অন্য ৰাজ্যৰ শ্ৰমিকক বিভিন্ন মাধ্যমেৰে গৃহ ৰাজ্যলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷
- হিমাচল প্ৰদেশঃ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত বাহিৰৰ পৰা প্ৰৱেশ কৰা সকলো লোকৰ বাবে আৰোগ্য সেতু এপ ডাউনলোড কৰাটো বাধ্যতামূলক৷ অতি শীঘ্ৰেই ৰাজ্যখন ক’ৰোনা মুক্ত ৰাজ্য হিচাপে অগ্ৰসৰ হোৱাৰ দিশত আগবাঢ়িছে৷
- অৰুণাচল প্ৰদেশঃ ক’ভিড-১৯ৰ প্ৰতিষেধক আৱিষ্কাৰ নোহোৱা পৰ্যন্ত জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷
- অসমঃ বঙাইগাঁৱৰ ক’ভিড-১৯ৰ পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ নিয়ন্ত্ৰণ এলেকা, কোৱাৰেণ্টাইন কেন্দ্ৰ ভ্ৰমণ কৰে৷
- মেঘালয়ঃ ৫ মে’ৰ পৰা অন্য ৰাজ্যৰ পৰা মেঘালয়লৈ উভটিবলগীয়া লোকসকলৰ সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে চিভিল হাস্পতালৰ চিকিৎসকসকলৰ সৈতে বৈঠকত মিলিত হয়৷
- মণিপুৰঃ গ্ৰীণ জ’ন হোৱাৰ সুবিধা গ্ৰহণ কৰি চৰকাৰে লুৱাংছাংবাম পাহাৰত ফলৰ বৃক্ষপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷
- মিজোৰামঃ চৰকাৰে যিকোনো ৰাজহুৱা স্থানত মাস্ক পিন্ধা আৰু সামাজিক ব্যৱধানৰ নীতি মানি চলিবলৈ এক অধ্যাদেশ জাৰি কৰিছে৷
- নাগালেণ্ডঃ ৰাজ্যখনৰ বাহিৰত আৱদ্ধ হৈ থকা ১৬,৫২৬ জন লোকক এই পৰ্যন্ত ৬.৪৭ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে বুলি মুখ্য সচিবে জানিবলৈ দিয়ে৷
- ছিক্কিমঃ সন্মুখৰ শাৰীৰ সংবাদ মাধ্যমৰ লোকসকলৰ বাবে ছিক্কিম প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদকক ৰাজ্যপালে মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰে৷
- ত্ৰিপুৰাঃ ৰাজ্য চৰকাৰে ৩৩,০০০ প্ৰব্ৰজনকাৰী শ্ৰমিকক নিজৰ ৰাজ্যলৈ ৰে’লেৰে প্ৰেৰণ কৰিছে৷
- মহাৰাষ্ট্ৰঃ ৬৭৮টা নতুন ক’ৰোনা ভাইৰাছৰ পৰিঘটনাৰ সৈতে মুঠ পৰিঘটনা হৈছে ১২,৯৭৪টা৷ মৃত্যুৰ সংখ্যা ৫৪৮টা৷
- গুজৰাটঃ মুঠ ধনাত্মক পৰিঘটনা ৫৪২৮টা আৰু মৃত্যুৰ সংখ্যা ২৯০টা৷ আৰোগ্য হৈছে ১,০৪২ জন৷
- ৰাজস্থানঃ মুঠ পৰিঘটনাৰ সংখ্যা হৈছে ৩০০৯ টা৷ ৭৫জনৰ মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হৈছে৷
- মধ্য প্ৰদেশঃ উজ্জয়িনী নতুনকৈ হটস্পট হিচাপে চিহ্নিত হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে চিকিৎসকসকলক তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷
- গোৱাঃ গোৱাত আৱদ্ধ হৈ থকা ৯০ শতাংশ প্ৰব্ৰজনকাৰী শ্ৰমিকে নিজৰ স্থানলৈ যাব বিচাৰিছে বুলি ৰাজ্যিক কাৰ্যবাহী কমিটীয়ে উল্লেখ কৰিছে৷
ফেক্ট চেক



(Release ID: 1621034)
Visitor Counter : 313
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam