ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউনৰ সময়ত এপ্ৰিল, ২০২০ত ৫২ কোটি টকাৰ লেনদেনেৰে অভিলেখ ৰচিলে জন ঔষধি কেন্দ্ৰসমূহে

Posted On: 03 MAY 2020 1:48PM by PIB Guwahati

ক’ভিড-১৯ লকডাউনৰ পৰিপ্ৰেক্ষিতত সংগ্ৰহ আৰু উপাদনত দেখা সমস্যা সত্ত্বেও প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰসমূহে (পিএমবিজেএকে) মাৰ্চ, ২০২০ৰ ৪২ কোটি টকাৰ তুলনাত এপ্ৰিল মাহত ৫২ কোটি টকা লেনদেনেৰে অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ২০১৯ৰ এপ্ৰিলত কেৱল ১৭ কোটি টকাৰ লেনদেন হৈছিল৷

ক’ভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ দেশে এক বৃহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ ইয়াৰ ফলত ঔষধ আৰু চিকিসা সঁজুলিৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ এই চাহিদা প্ৰতি লক্ষ্য ৰাখি জন ঔষধি কেন্দ্ৰসমূহে এপ্ৰিল মাহত দেশবাসীক অভিলেখ পৰিমাণৰ ৫২ কোটি টকা মুল্যৰ সুলভ তথা গুণগত মানসম্পন্ন ঔষধ যোগান ধৰিছে৷ এই  কেন্দ্ৰসমূহত উপলব্ধ ঔষধৰ মূল্য যিহেতু বজাৰৰ অন্যান্য ঔষধৰ তুলনাত ৫০ৰ পৰা ৯০শতাংশ কম, সেয়েহে ইয়াৰ দ্বাৰা সাধাৰণ জনতাৰ প্ৰায় ৩০০ কোটি টকা ৰাহি হোৱাত অৰিহণা যোগাইছে৷

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়া আৰু ৰসায়ন আৰু সাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী মনসুখ মান্দাভিয়াই এই অভিলেখপূৰ্ণ লেনদেনৰ লগতে দেশৰ প্ৰয়োজনৰ সময়ত তথা দুৰ্যোগপূৰ্ণ পৰিৱেশৰ মাজতো অবিৰতভাৱে কৰা কামৰ বাবে জন ঔষধি কেন্দ্ৰসমূহৰ পৰিচালকসকলক ধন্যবাদ জ্ঞাপন কৰে৷ মন্ত্ৰী গৌড়াই প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰসমূহ(পিএমবিজেএকে)ৰ জৰিয়তে দেশবাসীক সুলভ মুল্যৰ ঔষধ পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

ভাৰত চৰকাৰে ক’ভিড-১৯ বিৰোধী যুঁজত পিএমবিজেপিৰ দৰে আঁচনিৰ জৰিয়তে ৯০০তকৈ অধিক মানসম্পন্ন জেনেৰিক ঔষধ আৰু ১৫৪ বিধ ছাৰ্জিকেল সঁজুলি তথা উপভোগ্য দ্ৰব্য সুলভ মুল্যত দেশৰ সকলো নাগৰিকলৈ যোগান ধৰি স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷

ব্যুৰ’ অফ ফাৰ্মা পিএছইউ অফ ইণ্ডিয়া(বিপিপিআই)ৰ মুখ্য কাৰ্যবাহী বিষয়া শচীন কুমান সিঙে কয় যে বিপিপিআয়ে ‘জন ঔষধি সুগম ম’বাইল এপ’ৰ বিকাশ সাধন কৰি জনসাধাৰণক সমীপৰ জন ঔষধি কেন্দ্ৰ তথা ইয়াত উপলব্ধ সুলভ ঔষধৰ দামৰ সৈতে জনাত সুবিধা কৰি দিছে৷ বৰ্তমানলৈকে ৩,২৫,০০০ লোকে এই এপ ব্যৱহাৰ কৰিছে৷ এনড্ৰইড আৰু আই-ফোন উভয়তে এই এপ উপলব্ধ৷

উল্লেখ্য যে দেশৰ ৭২৬খন জিলাত বৰ্তমান ৬,৩০০কৈ অধিক প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ কাৰ্যক্ষম অৱস্থাত আছে৷ লকডাউনৰ সময়ত ছ’চিয়েল মিডিয়াৰ জৰিয়তে পিএমবিজেপিয়ে জনসাধাৰণৰ মাজত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগতাও সৃষ্টি কৰিছে৷

*****

RCJ/RKM/DB



(Release ID: 1620759) Visitor Counter : 234