প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বিত্তীয় খণ্ড, আন্তঃগাঁথনি তথা কল্যাণমূলক পদক্ষেপ সংক্ৰান্তীয় এক বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

Posted On: 02 MAY 2020 10:57PM by PIB Guwahati

চলিত সংকটময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বিত্তীয় খণ্ড, আন্তঃগাঁথনি তথা কল্যাণমূলক পদক্ষেপ সংক্ৰান্তীয় এক বৈঠকত আজি প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে৷ বিত্ত মন্ত্ৰী তথা অন্যান্য বিষয়াবৰ্গৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে এমএছএমই আৰু কৃষকসকলৰ সমৰ্থনৰ বাবে কৌশল আৰু হস্তক্ষেপ, তাৰল্যতা তথা ঋণৰ স্ৰোত শক্তিশালী কৰা আদি বিষয়ে আলোচনা কৰে৷ ক’ভিড-১৯ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায় আৰু অৰ্থনীতিৰ উদ্ধাৰৰ বাবে বিত্তীয় স্থিৰতা নিশ্চিত কৰাৰ পথসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে৷ শ্ৰমিক আৰু সাধাৰণ জনকল্যাণমূলক পদক্ষেপত উদ্ভাসিত হোৱা সমস্যাসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বৃহৎ নিয়োজনৰ অৱকাশৰ কথা উনুকিয়াই দিয়ে৷ ঔদ্যোগিক শাসন, ঋণৰ বজাৰ আৰু আন্তঃগাঁথনিমূলক খণ্ডৰ নতুন গাঁথনিগত সংশোধন আৰু অতীতত গ্ৰহণ কৰা বৃহৎ গাঁথনিগত সংশোধনসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷ ক’ভিড-১৯ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নতুন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ দ্ৰুত সমাপনৰ প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰে৷ তেওঁ নেচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইনৰ অধীনত গ্ৰহণ কৰা প্ৰকল্পসমূহৰ উচ্চ পৰ্যায়ত পুনৰীক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে দোহাৰে যাতে সময়ৰ প্ৰয়োজন হ্ৰাস হোৱাৰ লগতে চাকৰিৰো সৃষ্টি হয়৷

আজিৰ বৈঠকখনত গৃহ মন্ত্ৰী, বিত্ত মন্ত্ৰী, বিত্ত মন্ত্ৰালয়ৰ সচিব তথা ভাৰত চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়ববীয়াও উপস্থিত আছিল৷

******

VRRK/SH/MANN



(Release ID: 1620568) Visitor Counter : 190