গৃহ মন্ত্ৰালয়

লকডাউনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকৰ চলাচলৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰা হ’ব

Posted On: 01 MAY 2020 4:47PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ ভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু আন লোকৰ বাবে বিশেষ ৰেলগাড়ীৰ চলাচলত অনুমতি প্ৰদান কৰিছে৷

ৰেলৱেমন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে সমন্বয় স্থাপনৰ বাবে নডেল বিষয়াক দায়িত্ব অৰ্পন কৰিব৷ ৰেলৱেমন্ত্ৰালয়ে টিকট বিক্ৰী, সামাজিক দূৰত্ব আৰু অন্যান্য সুৰক্ষাজনিত সাৱধানতাৰ বিষয়ে বিস্তৃত নীতি-নিয়ম জাৰি কৰিব৷ এই নীতি-নিয়ম ৰেলৱেষ্টেচন, ৰেলৱেপ্লেটফৰ্ম আৰু ৰেলৰ ভিতৰত সকলোৱে পালন কৰিব লাগিব৷

Click here to see the Official Communication to States/UTs

 

*****

VG/SNC/VM/MS



(Release ID: 1620332) Visitor Counter : 140