প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শিক্ষাখণ্ডৰ বিষয়ে আলোচনা কৰিবলৈ পুনৰীক্ষণ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

Posted On: 01 MAY 2020 9:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি)কে ধৰি শিক্ষাখণ্ডৰ সংশোধন তথা উত্থাপিত সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে এক বৈঠকত অংশগ্ৰহণ কৰে৷ শিক্ষাখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰক অধিক প্ৰাধান্য দি অনলাইন শ্ৰেণীকোঠা, শিক্ষণ প’ৰ্টেল আৰু উৎসৰ্গিত শিক্ষা চেনেলসমূহৰ জৰিয়তে পাঠ্যক্ৰমৰ সম্প্ৰচাৰ আদিৰ বিষয়সমূহে বৈঠকত স্থান পায়৷

বৈঠকত শিক্ষাখণ্ডৰ সংশোধনৰ জৰিয়তে এক অনুনাদশীল জ্ঞানোদীপ্ত সমাজ সৃষ্টি কৰি উচ্চ গুণগতমানৰ শিক্ষাৰ নিশ্চিতিৰ সৈতে ভাৰতক ‘বিশ্বজনীন জ্ঞানৰ ছুপাৰ পাৱাৰ’ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়৷ এই লক্ষ্যসমূহত উপনীত হ’বলৈ কৃত্ৰিম বুদ্ধিমতাৰ সৈতে এক কাৰ্যকৰী শৈক্ষিক প্ৰণালীৰ নিশ্চিতিত প্ৰযুক্তিৰ ব্যৱহাৰৰ উত্তৰণ কৰা হ’ব৷

*****

VRRK/VJ/MANN



(Release ID: 1620322) Visitor Counter : 204