প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কয়লা আৰু খনি খণ্ডৰ উত্তৰণৰ উপায় সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

Posted On: 30 APR 2020 8:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ৰ ফলত ক্ষতি হোৱা দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কয়লা আৰু খনি খণ্ডৰ উত্তৰণৰ আলোচনাৰ বাবে এক বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকখনত ঘৰুৱা উৎসৰ পৰা খনিজাত সম্পদৰ সহজ আৰু প্ৰচুৰ আহৰণ, অন্বেষণৰ উত্তৰণ, বিনিয়োগকাৰীক আকৰ্ষণ আৰু আধুনিক প্ৰযুক্তিৰ জৰিয়তে বৃহৎ নিয়োজনৰ সৃষ্টি আদিৰ বিষয়ে আলোচনা কৰা হয়৷

তাৰোপৰি অতিৰিক্ত ব্লকসমূহৰ নিলাম, নিলামত বৃহৎ অংশগ্ৰহণ, খনিজাত সম্পদৰ উৎপাদন বৃদ্ধি, খনি আৰু পৰিবহণৰ ব্যয় হ্ৰাস, ইজ অব্ ডুয়িং বিজনেছৰ উত্তৰণ আদি বিষয়সমূহেও আলোচনাত স্থান লাভ কৰে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্ধিত নিয়োজন সুবিধাসমূহত খনি খণ্ডৰ অৱদানসমূহৰ খতিয়ান লয়৷ দেশৰ উৎপাদনত স্বনিৰ্ভৰশীলতা আৰু দেশীয় প্ৰক্ৰিয়াকৰণতো প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে খনি খণ্ডসমূহে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি কাৰ্যক্ষেত্ৰত বেঞ্চমাৰ্ক স্থাপন কৰা উচিত৷ এই সন্দৰ্ভত তেওঁ উপযুক্ত কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে৷ দেশত বৃহৎ কয়লাৰ ষ্ট’ক মজুত থকাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে থাৰ্মেল কয়লাৰ আমদানিৰ বিকল্পত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়৷ 

******

VRRK/KP/MANN



(Release ID: 1620252) Visitor Counter : 171