মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
বিভিন্ন পৰীক্ষাৰ বাবে অনলাইন আবেদনৰ সময়সীমা সম্প্ৰসাৰণ অথবা পুনৰ্নিৰ্দ্ধাৰিত তাৰিখ ঘোষণা কৰিলে ‘নেশ্যনেল টেষ্টিং এজেন্সী’য়ে
प्रविष्टि तिथि:
30 APR 2020 7:42PM by PIB Guwahati
ক’ভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱকসকলো বিভন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল(নিশাংক)ৰ পৰামৰ্শক্ৰমে ‘নেশ্যনেল টেষ্টিং এজেন্সী’(এনটিএ)য়ে বিভিন্ন পৰীক্ষাৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ সময়সীমা সম্প্ৰসাৰণ কৰাৰ লগতে কেতবোৰ পৰীক্ষাৰ বাবে পুনৰ্নিৰ্দ্ধাৰিত তাৰিখ ঘোষণা কৰিছে।
সময়সীমা সম্প্ৰসাৰণ/পুনৰ্নিৰ্দ্ধাৰিত তাৰিখসমূহ তলত উল্লেখ কৰা হ’ল
|
ক্ৰ.
নং
|
পৰীক্ষা
|
বৰ্তমানৰ তাৰিখ
|
সম্প্ৰসাৰণ-পুনৰ্নিৰ্দ্ধাৰিত তাৰিখ
|
|
পৰা
|
লৈ
|
পৰা
|
লৈ
|
|
01
|
নেশ্যেনেল কাউন্সিল ফৰ হোটেল মেনেজমেণ্ট(এনচিএইচএম)
জেইই-
2020
|
01.01.2020
|
30.04.2020
|
01.03.2020
|
15.05.2020
|
|
02
|
ইন্দিৰা গান্ধী নেশ্যনেল অ’পেন ইউনিভাৰ্চিটি(ইগনৌ)ৰ পিএইচডি আৰু অপেনমেট(এমবিএ)ৰ বাবেপ্ৰৱেশ পৰীক্ষা-২০২০
|
28.02.2020
|
30.04.2020
|
01.03.2020
|
15.05.2020
|
|
03
|
ইণ্ডিয়ান কাউন্সিল অব এগ্ৰিকালচাৰ ৰিছাৰ্চ(আইচিএআৰ)-২০২০
|
01.03.2020
|
30.04.2020
|
01.03.2020
|
15.05.2020
|
|
04
|
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা(জেনইউইই)-২০২০
|
02.03.2020
|
30.04.2020
|
02.03.2020
|
15.05.2020
|
|
05
|
অখিল ভাৰতীয় আয়ুষ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা-২০২০
|
01.05.2020
|
31.05.2020
|
06.05.2020
|
05.06.2020
|
‘*’ অনলাইন আবেদন বিয়লি ৪বজা পৰ্যন্ত আৰু মাচুলসমূহ নিশা ১১.৫০পৰ্যন্ত গ্ৰহণ কৰা হ’ব।
মাচুলসমূহ ক্ৰেডিট/ডেবিট কাৰ্ড/নেট বেংকিং/ইউপিআই আৰু পেটিএম-ৰ জৰিয়তেও প্ৰদান কৰিব পাৰিব।
অহা ১৫-০৫-২০২০ তাৰিখৰ পিচত পৰিস্থিতিৰ সমীক্ষা কৰি পৰীক্ষাগৃহত প্ৰৱেশৰ বাবে প্ৰয়োজন হোৱা অনুমতি পত্ৰসমূহ সংশ্লিষ্ট পৰীক্ষাৰ বাবে নিৰ্দিষ্ট ৱে’বছাইট আৰু www.nta.ac.in ত উপলবব্ধ কৰা
ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলক পৰীক্ষাসমূহৰ বাবে নিৰ্দ্ধাৰিত ৱে’বছাইটসমূহৰ লগতে www.nta.ac.in নিয়মীয়াকৈ চোৱাৰ বাবে আহ্বান জনোৱা হৈছে।
প্ৰাৰ্থীসকলে সবিশেষ তথ্যৰ বাবে 8287471852, 8178359845, 9650173668, 9599676953, 8882356803 নম্বৰতো যোগযোগ কৰিব পাৰে।
*****
NB/AKJ/AK/KB
(रिलीज़ आईडी: 1620127)
आगंतुक पटल : 256
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada