প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতত বিনিয়োগ বৃদ্ধি কৌশলৰ সন্দৰ্ভত এক ব্যাপক বৈঠকৰ আয়োজন প্ৰধানমন্ত্ৰীৰ

Posted On: 30 APR 2020 4:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক’ভিড-১৯ মহামাৰীৰ বাবে মন্দাৱস্থাই দেখা দিয়া অৰ্থনীতিৰ পৰিপ্ৰেক্ষিতত ভাৰতত বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালভাৱে স্থানীয় বিনিয়োগ বৃদ্ধিৰ কৌশলসমূহৰ সন্দৰ্ভত এক ব্যাপক বৈঠকৰ আয়োজন কৰে৷

বৈঠকত দেশৰ যিবোৰ চৰকাৰী ঔদ্যোগিক ভূমি, স্থাৱৰ সম্পত্তি আছে, সেইবোৰত পৰ্যাপ্ত বিত্তীয় সাহায্য প্ৰদান কৰি অধিক পৰিমাণে আন্তঃগাঁথনিমুলক কাম-কাজ বৃদ্ধি সম্পৰ্কীয় এখন আঁচনি প্ৰস্তুত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়৷ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অধিক সক্ৰিয় দৃষ্টিভংগীৰে বিনিয়োগকাৰীসকলৰ বাবে এক কৰ্মসূচী গ্ৰহণ কৰি তেওঁলোকৰ সমস্যাৱলী বিবেচনা কৰাৰ লগতে এক নিৰ্দিষ্ট সময়ত কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত অনুমতি লাভ কৰাত প্ৰয়োজনীয় সহায় কৰিবলৈ নিৰ্দেশ দিছে৷

ভাৰতৰ দ্ৰুতগতিত বিনিয়োগ কৰাৰ বাবে বিভিন্ন কৌশল গ্ৰহণ কৰাৰ লগতে ভাৰতৰ ঘৰুৱা খণ্ডত বিনিয়োগ বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা হয়৷ বৈঠকত সক্ৰিয়ভাৱে বিনিয়োগৰ আকৰ্ষণ বৃদ্ধিৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰা হয়৷

বিভিন্ন মন্ত্ৰালয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত বিনিয়োগ বৃদ্ধি আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত দেখা দিয়া যিকোনো ধৰণৰ বাধা নিৰ্মূল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংস্কাৰমুলক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোচনা হয়৷

বৈঠকত বিত্তমন্ত্ৰী, গৃহমন্ত্ৰী, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, ৰাজ্যিক বিত্তমন্ত্ৰীৰ লগতে ভাৰত চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷

***

VRRK/KP/DB



(Release ID: 1619779) Visitor Counter : 162