বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

দেশজোৰা লকডাউন সত্ত্বেও SCTIMST য়ে গৱেষণা আৰু উন্নয়ন, প্রযুক্তি তথা উদ্ভাৱনমূলক পদ্ধতিৰে সাজু হৈছে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ

Posted On: 29 APR 2020 12:30PM by PIB Guwahati

কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক গুৰুত্বপূর্ণ প্রতিষ্ঠান শ্রী চিত্রা তিৰুনাল ইন্সটিটিউট ফৰ মেডিকেল ছায়েন্সেজ এণ্ড টেকন’ল’জী চমুকৈ SCTIMST য়ে ক’ভিড-১৯ ৰ বিৰুদ্ধে ভাৰতে চলাই থকা সংগ্ৰামখনত গৱেষণা, প্রযুক্তি আৰু উদ্ভাৱনমূলক পদ্ধতি সংযোজনৰ বাবে অহৰহ কাম কৰি আছে। দেশৰ এই অগ্রণী প্রতিষ্ঠানটোৰ একাধিক কর্মী কোৰেণ্টাইনত থকা সত্ত্বেও ক’ভিড-১৯ জনিত ৰোগৰ মোকাবিলা কৰিবলৈ এই প্ৰতিষ্ঠানটোৱে একাধিক প্রযুক্তিগত সমাধানসূত্র আৱিষ্কাৰ কৰি উলিয়াইছে। উল্লেখ্য যে এই প্রতিষ্ঠানৰ এগৰাকী চিকিৎসকৰ নমুনাত ক’ভিড-১৯ ৰ সংক্রমণ ধৰা পৰাৰ পিছতেই ইয়াৰ অধিকাংশ কর্মীকে কোৰেন্টাইনলৈ প্ৰেৰণ কৰা হয়।

এনে এক জটিল পৰিস্থিতিত ক’ভিড-১৯ ৰ মোকাবিলা কৰিবৰ বাবে এই প্রতিষ্ঠানে এনেধৰনৰ এক নমুনা পৰীক্ষাৰ কিট আৱিষ্কাৰ কৰি উলিয়াইছে, যিটোৱে দেশত ৰেপিড টেষ্টিং বা ক্ষীপ্ৰতাৰে নমুনা পৰীক্ষাৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব। এই নমুনা পৰীক্ষা কিটৰ সহায়ত ১০ মিনিটৰ ভিতৰত ক’ভিড সংক্রমণ হৈছে নে নাই সেয়া জনাতো সম্ভৱ, তাৰ সমান্তৰালকৈ মান্ত দুঘণ্টাৰ ভিতৰত এই পৰীক্ষাৰ ফলাফলো জানিব পৰা যায়। প্রতিবাৰতে একেসময়তে এটা কিটৰ যোগেদি মুঠ ৩০ নমুনা পৰীক্ষা কৰিব পৰা যায়। ইয়াৰ ফলত, ক্ষীপ্ৰতাৰে নমুনা পৰীক্ষা সম্পন্ন হোৱা বাবে যথেষ্ট সময় ৰাহি হোৱাৰ উপৰি একেখিনি কিটেৰেই অতি কমখৰচতে বহু সংখ্যক নমুনা পৰীক্ষা কৰিব পৰা যাব। ৰাষ্ট্ৰীয় পৰ্যায়ত এই প্রতিষ্ঠানটোৱে এনেদৰেই এক ধৰণৰ আল্ট্রা ভায়োলেট ৰশ্মি বিকিৰণকাৰী ফেচমাস্কৰ ডিছপোজেল বিনো প্ৰস্তুত কৰি উলিয়াইছে। উল্লেখ্য যে এই বিশেষ বিনটো চিকিসালয়সমূহত স্বাস্থ্যকৰ্মীসকলে ব্যৱহাৰ কৰা ফেচমাস্কৰ পৰা সংক্ৰমণৰ সম্ভাৱনা নাইকিয়া কৰিব পাৰে। এই দুটা সৃজনশীল উদ্ভাৱনৰ সমান্তৰালকৈ এই প্ৰতিষ্ঠানটোৱে ক’ভিড-১৯ ত সংক্রমিত ব্যক্তিৰ নিশ্বাসৰ সময়ত নাকৰ পৰা যি জীৱাণুযুক্ত তৰল বাহৰলৈ ওলাই আহে সেয়া শোষণ কৰি তাক কঠিন ৰূপ দিয়াৰ বাবে এক অতিশোষক পদার্থ উদ্ভাৱন কৰিছে। ইয়াৰ ফলত ক’ভিড-১৯ ৰোগী আৰু তেওঁ সংস্পৰ্শলৈ অহা অইন লোকৰ দেহ জীৱাণুমুক্ত কৰি ৰখাটো সম্ভৱ হয়। ইয়াৰ উপৰিও, এই প্রতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰা টেলিফোন বুথৰ দৰে নিসংক্ৰমণ পৰীক্ষা বুথ বা চাৰিওফাল বন্ধ এটা কক্ষৰ যোগেদি চিকিৎসকৰ সৈতে ৰোগীৰ প্ৰত্যক্ষ যোগসূত্র অবিহনেই চিকিৎসা পৰামর্শ দিয়াটো সম্ভৱ। এই ধৰণৰ পৰীক্ষা বুথে সংক্রমণ ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভুমিকা গ্ৰহণ কৰি আহিছে।


বিজ্ঞান আৰু প্রযুক্তিভিত্তিক এই প্রতিষ্ঠানটোৱে গৱেষণা আৰু উন্নয়নমূলক কাম-কাজৰ বাবে বিশ্ববিদ্যালয়ৰো মর্যাদা লাভ কৰিছে। ইয়াৰ ফলত, এই প্রতিষ্ঠানটোত গৱেষণাধর্মী কাম-কাজ তথা প্ৰশিক্ষণৰো সা-সুবিধা গঢ়ি উঠিছে। প্রতিষ্ঠানটোত আছে তিনিটাকৈ বিভাগ, য’ত ছুপাৰস্পেছিয়েলিটি হস্পিতাল ভৱনসহ এটা বায়োমেডিকেল টেকন’ল’জী বিভাগ আৰু এটা জনস্বাস্থ্য গৱেষণা ক্ষেত্রৰ শিক্ষাকেন্দ্র আছে। প্রতিষ্ঠানটোৰ এই তিনিওটাই শাখা হৃদৰোগ আৰু স্নায়ুৰোগৰ দৰে চিকিৎসা ক্ষেত্রত উন্নত মানৰ পদ্ধতি উদ্ভাৱনৰ কামৰ সৈতে জড়িত হৈ আছে।


[সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক – শ্ৰীযুতা স্বপ্না বামাদেৱন, জনসম্পৰ্কৰক্ষী বিষয়া, SCTIMST, মোবাইল নং: 9656815943, ইমেইল: pro@sctimst.ac.in]

 

 

****

 

KGS/( DST)/RD



(Release ID: 1619666) Visitor Counter : 153