ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
‘এমএছএমই’ সম্পৰ্কীয় আঁচনি, চিন্তা, উদ্ভাৱন আৰু গৱেষণা ‘প’ৰ্টেল’ মুকলি কৰিলে শ্ৰী গাড়কাৰীয়ে
‘এমএছএমই’-ৰ আঁচনি, চিন্তা, উদ্ভাৱন আৰু গৱেষণা বেংক মুকলি কৰা কথাই বৰ্তমানে থকা আৰু সম্ভাৱনাপূৰ্ণ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সম্পন্ন হোৱা ৰূপান্তৰণৰ গুৰুত্বকে প্ৰতিপন্ন কৰিছে : গাড়কাৰী
পোষ্ট কৰা হৈছে:
30 APR 2020 3:56PM by PIB Guwahati
কেন্দ্ৰীয় ‘স্থল পৰিবহণ তথা ঘাইপথ আৰু ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ’(এমএছএমই) বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰীয়ে আজি ‘এমএছএমই’ সম্পৰ্কীয় আঁচনি, চিন্তা, উদ্ভাৱন আৰু গৱেষণা সম্পৰ্কীয় এটা প’ৰ্টেল (http://ideas.msme.gov.in/) আনুষ্ঠানিকভাবে মুকলি কৰে। নাগপুৰৰ পৰা ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে শুভাৰম্ভ ঘোষণা কৰা এই অনুষ্ঠানত বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰেংগী, এমএছএমই বিভাগৰ সচিব ড০ অৰুণ কুমাৰ পাণ্ডা, ‘এমএছএমই’-ৰ ‘ডিচি’ শ্ৰী ৰাম মোহন মিশ্ৰ আৰু বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
অনুষ্ঠানত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ‘এমএছএমই’-ৰ আঁচনি, চিন্তা, উদ্ভাৱন আৰু গৱেষণা বেংক মুকলি কৰা কথাই বৰ্তমানে থকা আৰু সম্ভাৱনাপূৰ্ণ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত সম্পন্ন হোৱা ৰূপান্তৰণৰ গুৰুত্বকে প্ৰতিপন্ন কৰিছে। সামগ্ৰীক ভাবে ই দেশৰ অৰ্থনৈতিক পৰিমণ্ডটোকো উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে গাড়কাৰীয়ে।
ইফালে, অনুষ্ঠানত ভাষণ দি ৰাজ্যিক মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰেংগীয়ে তথ্যৰ সৰবৰাহৰ জৰিয়তে এই প’ৰ্টেলে ‘এমএছএমই’ খণ্ডক বাৰুকৈয়ে উপকৃত কৰিব বুলি মন্তব্য কৰে।
RCJ/MS/Irshad/KB
(ৰিলিজ আই ডি : 1619662)
অতিথি কক্ষ : 338
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam